Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 9:14 pm

Home » Regional » মটৰচাইকেল ষ্টান্টৰ বিৰুদ্ধে কঠোৰ চিৰাং জিলা পৰিবহন বিভাগ

মটৰচাইকেল ষ্টান্টৰ বিৰুদ্ধে কঠোৰ চিৰাং জিলা পৰিবহন বিভাগ

সজাগতা সৃষ্টিৰে বাইক ষ্টান্ট কৰোতা কিশোৰসকলকৰ জীৱন ৰক্ষাৰ আহ্বান


চিৰাং ব্যুৰ’ : চিৰাং জিলা পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোগ কৰাৰ উদ্দেশ্যে হঠাতে বাইক ষ্টান্ট কৰোতাসকলৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি এক ব্যাতিক্ৰমী অভিযান চলায়। মূলত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই ধৰনৰ কাৰ্য্যসুচী গ্ৰহন কৰাৰ কথা সদৰি কৰে জিলা পৰিবহন বিষয়া ধ্বজেন বসুমতাৰীয়ে। পৰিবহন বিষয়াজনে নিজেই তেওঁৰ কেইজন মান কাৰ্য্যালয় সহযোগি লগত লৈ জিলাখনৰ বাসুগাঁও চহৰৰ পৰা বৃহস্পতিবাৰে আৰম্ভ কৰে এই ব্যাতিক্ৰমি প্ৰয়াস৷
জিলা পৰিবহন বিষয়াজনে জনায় যে— শেহতীয়াকে চিৰাং জিলাৰ বিভিন্ন ঠাইত কিশোৰসকলে বাইক ষ্টান্ট কৰাৰ অভিযোগ পোৱাত প্ৰথমে বাসুগাঁও চহৰত সজাগতামূলক এই অভিযানত নামি পৰে জিলা পৰিবহন বিভাগে। সৰ্বসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বাইক ষ্টান্ট কৰোতাসকলৰ বিৰুদ্ধে এই অভিযান আৰম্ভ কৰা হৈছে। অভিযানত জনসাধাৰণৰ সহযোগিতাৰ প্ৰয়োজন আছে বুলিও কয় বিষয়াজনে।
আনহাতে পথ সুৰক্ষাৰ সজাগতাৰ বিষয়ে প্ৰচাৰ পত্ৰিকা বিতৰণ, বেনাৰ-পোষ্টাৰিং তথা জনসাধাৰণৰ সৈতে আলোচনা কৰি বিতং বুজোৱা কাৰ্য্য অব্যাহত ৰাখে। ইপিনে কোনো ঠাইত যদি কোনো বাইক ষ্টান্ট কৰা কোনো লোকে প্ৰত্যক্ষ কৰিলে তেন্তে লগে লগে বাইকৰ নম্বৰটো আৰক্ষী নতুবা পৰিবহন বিভাগক জনাবলৈ সকলো ৰাইজকে আহ্বান জনায় বিভাগটোৱে। যদি সম্ভৱ হয় তেন্তে মোবাইলেৰে ফটো তুলি প্ৰেৰণ কৰিবলৈও আহ্বান জনায়৷ কিয়নো বিভাগটোৱে তাৰ পিচত গাড়ীৰ নম্বৰৰ জৰিয়তে অনুসন্ধান কৰি কাৰ গাড়ী, কোনে চলাইছে এই বিতং তথ্যৰ সহায়ত আৰক্ষীক লগত লৈ তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহন কৰিব জানিবলৈ দিয়ে৷
উল্লেখ্য যে এই বাইক ষ্টান্ট কৰা প্ৰায় অধিকাংশ কিশোৰৰ ড্ৰাইভিং লাইচেন্স নাই কাৰন তেওঁলোকৰ বয়সেই হোৱা নাই। গতিকে অভিভাৱকসকলেও নিজৰ সন্তানক গাড়ী দিয়াৰ পূৰ্বে এবাৰ চিন্তা কৰাৰ বাবেও আহব্বান জনায় বিষয়াগৰাকীয়ে। কাৰণ মৰমতে দিয়া মটৰ ছাইকেলখনৰ বাবেই হয়তো নিজৰ অতিকে মৰমৰ সন্তানটোৱে প্ৰান হেৰুৱাব লগীয়া হ’ব পাৰে। গতিকে জিলা পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে এই ধৰণৰ বাইক ষ্টান্টৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ কথাও সদৰি কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon