Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 10:07 pm

Home » Regional » ইউনিক’ডত স্বতন্ত্র স্থান নাপালে অসমীয়া লিপিয়ে

ইউনিক’ডত স্বতন্ত্র স্থান নাপালে অসমীয়া লিপিয়ে


ৱেব সংবাদ : ইউনিক’ডত স্বতন্ত্র লিপি হিচাপে অন্তর্ুক্তিৰে অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰাৰ আশাশুধীয়া প্রচেষ্টা সফল নহ’ল৷ সম্পূর্ণ স্বতন্ত্র লিপি হিচাপে অসমীয়া ভাষাৰ স্বকীয়তা আৰু মান নিৰূপণত লণ্ডনত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় মানক সংস্থাৰ বৈঠকত কোনো সুফল পোৱা নগ’ল৷ স্বৰ আৰু লিপিত বহুখিনি মিল থকা হেতুকে অসমীয়াক বাংলা লিপিৰ সৈতে সংযুক্ত কৰি ৰখাৰ সিদ্ধান্ততে অটল থাকিল আন্তর্তিক মানক সংস্থা বিগত দুদিন ধৰি লণ্ডনত অনুষ্ঠিত বৈঠকত অসমীয়া লিপিক সুকীয়া মর্যাদা আৰু স্বীকৃতি প্রদান কৰা হ’ব বুলি অসমবাসীয়ে বাট চাই আছিল যদিও সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা তেনে কোনো সু-খবৰ নাহিল৷ মূৰকত ইউনিক’ডত অসমীয়া লিপিক বিচাৰি পোৱা যাব বেংগলী-আছামিজ হিচাপে৷ ইয়াক লৈ এতিয়া তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ অসমীয়া ভাষা সংস্কৃত, বাঙালী ভাষাৰ পৰাই জন্ম বুলি চিৰাচৰিত ধাৰণাৰ পৰা ইউনিক’ডৰ তথ্য প্রযুক্তি বিশেষজ্ঞ, ভাষা বিশেষজ্ঞসকল মুক্ত নোহোৱাৰ বাবেই অসমীয়াই স্বতন্ত্র স্বীকৃতিৰ পৰা বঞ্চিত হোৱাৰ মূল কাৰণ বুলি চিহিুত হৈছে৷ বাংলা লিপিৰেই অসমীয়া লিখা হয় বুলি ইউনিক’ডে বিশ্বৰ আগত প্রতিষ্ঠা কৰিছে৷
কিন্তু অসমীয়া যিহেতু স্বতন্ত্র ভাষা আৰু লিপি সেয়েহে ইউনিক’ডত অসমীয়া লিখিবলৈ পৃথক ব্লক বা ৰেইনজৰ ব্যৱস্থা কৰিবলৈ দীর্ঘদিনৰ পৰা দাবী উত্থাপন হৈ আহিছিল৷ ব্যক্তিগত পর্যায়ত কেইবাজনো ব্যক্তিয়ে এই দাবী জনাই আহিছিল৷ ২০১৪ চনত অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় মানক সংস্থাৰ বৈঠকে অসমীয়াৰ এই দাবী নস্যাৎ কৰিছিল৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়, অসম সাহিত্য সভা আৰু এমট্রনৰ সহযোগত অসমীয়া লিপিক সুকীয়া স্বীকৃতি প্রদানৰ সপক্ষে তথ্য-যুক্তিসহকাৰে প্রস্তাৱ গ্রহণ কৰি ভাৰতীয় মানক সংস্থালৈ প্রেৰণ কৰিছিল৷ ভাৰতীয় মানক সংস্থাই এই প্রস্তাৱ আন্তঃৰাষ্ট্রীয় মানক সংস্থালৈ প্রেৰণ কৰিছিল৷ লণ্ডনত অনুষ্ঠিত দুদিনীয়া বৈঠকত বিষয়টো উত্থাপন হ’ল৷ অসমীয়া লিপিৰ স্বতন্ত্র পৰিচয় আৰু স্বীকৃতিৰ সপক্ষত যুক্তি দিবলৈ বৈঠকত প্রতিনিধিত্ব কৰিছিল কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ শেখৰ শর্মা, অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশী, প্রাক্তন সভাপতি ধ্রুৱজ্যোতি বৰা, এমট্রনৰ এম ডি এম কে যাদৱ লণ্ডনৰ বৈঠকত উপস্থিত আছিল৷
ইউনিক’ডত অসমীয়া লিপিৰ সম্পূর্ণ সুকীয়া পৰিচয় বা স্বীকৃতি প্রদানৰ বিপৰীতে আন্তঃৰাষ্ট্রীয় মানক সংস্থাই বাংলাক অসমীয়া হিচাপে স্বীকৃতি দিয়ে৷ অর্থাৎ পূর্বতে অসমীয়া লিপি লিখিবলৈও বাংলা ব্লক বা ৰেইনজ ব্যৱহাৰ হৈছিল৷ এতিয়া বাংলাৰ লগত অসমীয়াও সংযুক্ত হৈ থাকিব৷ কিন্তু অসমীয়া সম্পূর্ণ পৃথক নহ’ব৷ এই ক্ষেত্রত বৈঠকত অংশগ্রহণ কৰা ড০ ধ্রুৱজ্যোতি বৰাই কয়, ‘এটা পর্যায় আমি আগবাঢ়িছোঁ৷ ইয়াৰ আগতে অসমীয়া স্বীকৃত নাছিল৷ কিন্তু এতিয়া বাংলা ভাষাৰ লগতে অসমীয়া বুলিও উল্লেখ থাকিব৷ ড০ শেখৰ শর্মাই কয় যে এতিয়া ইউনিক’ডত বর্ণ, চিহুসমূহ অসমীয়া হিচাপে চিহিুত হ’ব৷ নতুন ক’ড থাকিব৷ ইউনিক’ডত অসমীয়া লিপিয়ে সম্পূর্ণ স্বতন্ত্র স্বীকৃতি নোপোৱাত বিভিন্নজনে প্রতিক্রিয়া ব্যক্ত কৰিছে৷ পূর্বৰে পৰা এই ক্ষেত্রত ব্যক্তিগতভাৱে বিভিন্ন প্রচেষ্টা চলাই অহা আজিজুল হকে কয় যে অসমীয়া লিপি দুহাজাৰ বছৰ পুৰণি, ভাষাও সম্পূর্ণ স্বতন্ত্র৷ কিন্তু অসমীয়া লিপিক সুকীয়া পৰিচয় নিদিয়াটো দুর্ভাগ্যজনক৷ লিখন পদ্ধতিত কোনো বিশেষ পৰিৱর্তন নহ’ল৷
আগতে বাংলা বুলি উল্লেখ আছিল, এতিয়া কেৱল বাংলা-অসমীয়া বুলি উল্লেখ থাকিব৷ আন্তঃৰাষ্ট্রীয় মানৱ সংস্থাৰ সদস্য হিচাপে ভাৰত চৰকাৰৰ তথ্য প্রযুক্তি বিভাগে অসমীয়া লিপিৰ স্বতন্ত্র স্বীকৃতিত সহযোগ কৰা নাই বুলি অভিযোগ কৰে হকে৷ আলফাৰ (স্বা) সেনাধ্যক্ষ পৰেশ বৰুৱাই বাংলা ভাষাৰ সৈতে অসমীয়াক সংযুক্ত কৰি ৰখাৰ সিদ্ধান্ত মানি নল’বলৈ আহবান জনাইছে৷ প্রতিনিধিবর্গক ইয়াত সন্মতি নিদিবলৈ বৰুৱাই সকীয়াই দিছে৷ আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচার্যই কয় যে স্বতন্ত্র লিপি হিচাপে অসমীয়াক স্বীকৃতি দিবই লাগিব৷ মন কৰিবলগীয়া কথাটো হ’ল যে ভাৰতৰ সংবিধান স্বীকৃত ভাষাৰ তালিকাত বর্ণমালাৰ ক্রম অনুসাৰে অসমীয়াক প্রথম স্থানত ৰখা হয়৷
ইউনিক’ডত অসমীয়া লিপিৰ স্থান নিৰূপণতো তেনে এক পদক্ষেপ আশা কৰা হৈছিল যদিও অসমীয়া লিপিৰ ক্ষেত্রত তেনে কৰা সম্ভৱ নহ’ল– বৰং এক পৃথক আৰু স্বতন্ত্র লিপি মাধ্যমেৰে নহয় বৰং বাংলা লিপিৰ মাধ্যমেৰেহে অসমীয়া ভাষা লিখা হয় বুলি একপ্রকাৰ প্রতিষ্ঠা কৰা হ’ল৷ বাংলা আৰু অসমীয়া লিপিৰ ভালেমান মিল থাকিলেও ‘ৱ’ ‘ৰ’ৰ দৰে ভালেমান স্বতন্ত্র আখৰ তথা লিখন আৰু উচচাৰণ শৈলী অসমীয়াত আছে৷ সেই কথা এই ক্ষেত্রত প্রতিষ্ঠা কৰাত পুনৰ ব্যর্থ হ’বলগীয়া হ’ল৷ মন কৰিবলগীয়া যে ইউৰোপৰ তিনিটা গুৰুত্বপূর্ণ ভাষা লেটিন, গ্রীক আৰু Cyrillic-ৰ মাজত এনে মিল থকাৰ পাছতো প্রতিটো ভাষাই সুকীয়া স্বীকৃতি পাইছে৷ কিন্তু অসমীয়াৰ ক্ষেত্রত তেনে কৰাটো সম্ভৱ নোহোৱাটোৱে ত্রুটীপূর্ণ ব্যৱস্থাৰ ফালে ইংগিত কৰিছে৷ আনকি আনুষ্ঠানিক প্রস্তাৱৰো পুনৰ বিবেচনাৰ প্রয়োজনীয়তাৰ কথা ই প্রমাণ কৰিলে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon