Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 5:27 pm

Home » Regional » কোকৰাঝাৰত উন্নয়নমূলক আচঁনিসমূহৰ ৰূপায়নৰ ক্ষতিয়ান দাঙি ধৰিলে বিজেপিয়ে

কোকৰাঝাৰত উন্নয়নমূলক আচঁনিসমূহৰ ৰূপায়নৰ ক্ষতিয়ান দাঙি ধৰিলে বিজেপিয়ে

কোকৰাঝাৰ জিলাতো কৰ্কট ৰোগ নিৰাময় চিকিৎসালয় নিৰ্মান হব : শিৱনাথ ব্ৰহ্ম

কোকৰাঝাৰ : ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত কেন্দ্ৰত চাৰি বছৰ আৰু অসমত দুবছৰীয়া শাসনৰ কাৰ্যকালত বৰ্ষপূতি উপলক্ষে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাতে ৰাজ্যিক বিজেপিৰ তত্ত্বাৱধানত বিভিন্ন শিতানত গ্ৰহন কৰা উন্নয়নমূলক আচঁনিৰ সফল ৰূপয়নৰ খাতিয়ান দাঙি ধৰিছে৷ এক প্ৰেছ বিবৃতিযোগে কোকৰাঝাৰ জিলাৰ ৰাজ্যিক পেনেলিষ্ট তথা অসম ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্মইও কোকৰাঝাৰ জিলাৰ অন্তৰ্গত বিভিন্ন শিতানৰ উন্নয়নমূলক কাম-কাজৰ দিশসমূহ উল্লেখ কৰি আচঁনিসমুহৰ সফল ৰূপায়নৰ বিষয়ে জানিবলৈ দিছে৷
সেইমৰ্মে কোকৰাঝাৰ জিলাত কেন্দ্ৰীয় আচঁনি এম.এচ.ডি.পি’ৰ জৰিয়তে ২০১৪-১৫ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষ লৈ ৪৪ খন আচঁনিৰ বাবে ৬ কৌটি ৬১ লাখ ৯৩ হাজাৰ টকা আৱন্টন দিয়া হয়৷ একেদৰে কেন্দ্ৰীয় আচঁনি এম.এল.এডি (এল/এচ)ৰ জৰিয়তে ২০১৪-১৫ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষ লৈ ৫৩ খন আচঁনিৰ বাবে ৩ কৌটি ৮৮ লাখ ৬০ হাজাৰ টকা আৰু এম.পি.এল.ইডি (আৰ/এচ)ৰ জৰিয়তে ১০ খন আচঁনিৰ বাবে এক কৌটি ৬৫ লাখ টকা আৱন্টন দিয়া হয়৷
সেইদৰে অসম চৰকাৰৰ দুবছৰীয়া কাৰ্যকালত কোকৰাঝাৰ জিলাত বিভিন্ন আচঁনিৰ বাবে ধন আৱন্টন দিয়া হয়৷ তাৰে ভিতৰত ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষৰ বাবে Unitied fund ৰ জৰিয়তে মুঠ ২৯ খন আচঁনিৰ বাবে ৬ কৌটি ৬৮ লাখ টকা আৱন্টন দিয়া হয়৷ ৰাজ্যিক আচঁনি এম.এল.এ.এৰ জৰিয়তে ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৭-১৮ বৰ্ষলৈ ১৯৫ খন আচঁনিৰ বাবে ৬ কৌটি টকা আৰু এছ.এল.এইচ.আৰ.আই.ডি আচঁনিৰ বাবে ২০১৬-১৭ বৰ্ষৰ পৰা ২০১৭-১৮ লৈ ১,৬৮১ গৰাকী হিতাধিকাৰীলৈ ৩ কৌটি টকা আৱন্টন দিয়া হয় বুলি প্ৰেছ বিবৃতিযোগে জানিবলৈ দিছে অসম ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্মই৷
উল্লেখ্য যে অসমৰ বিভিন্ন ঠাইত নিৰ্মাণ হবলগীয়া ১৯ খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ ভিতৰত কোকৰাঝাৰ জিলাতো এখন কৰ্কট ৰোগ নিৰাময় চিকিৎসালয় নিৰ্মান কৰা হব বুলিও প্ৰেছ বিবৃতিতযোগে জানিবলৈ দিছে ৰাজ্যিক বিজেপিৰ সম্পাদক শিৱনাথ ব্ৰহ্ম আৰু কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি বিভূতি বৰগয়াৰীয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon