Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 9:21 pm

Home » Regional » চিৰাঙৰ বোমাতংক, দুটা আই ই ডি উদ্ধাৰ : বোমা বিশেষঞ্জ নোহোৱাত নিশ্চিত হ’ব পৰা নাই আৰক্ষী

চিৰাঙৰ বোমাতংক, দুটা আই ই ডি উদ্ধাৰ : বোমা বিশেষঞ্জ নোহোৱাত নিশ্চিত হ’ব পৰা নাই আৰক্ষী


চিৰাং ব্যুৰ’ : চিৰাং জিলাৰ ঢালিগাঁও থানাৰ অন্তৰ্গত পূব একংকৰবাৰী গাঁৱৰ পথৰ দাঁতিত দুটাকৈ বোমাসদৃশ সামগ্ৰী উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চ্যল্যৰ সৃষ্টি হয়। স্থানীয় ৰাইজে পথৰ দাঁতিত সন্দেহজনক অবস্থাত এটা গামোচাৰে মৰিয়াই থোৱা আন এটা দহ মিটাৰ আঁতৰত ক’লা প্লাষ্টিকেৰে মেৰিয়াই বাহঁনিৰ তলত বোমা সদৃশ সামগ্ৰী পেলাই থোৱা অবস্থাত প্ৰত্যক্ষ কৰি ঢালিগাঁও থানাৰ আৰক্ষীক খবৰ দিয়ে আৰু খবৰ লাভ কৰি ঘটনা স্থলীত আৰক্ষী লোক উপস্থিত হয়। এই বোমা উদ্ধাৰ হোৱা ঘটনা ৰাইজৰ মাজত বিয়পি পৰাত এলেকাজুৰি আতংকময় পৰিবেশৰ সৃষ্টি হয়। 
নিৰাপত্তাৰ খাতিৰত আৰক্ষীয়ে উৎসুক ৰাইজক নিৰ্দিষ্ট দূৰত্বত আতৰাই পঠিয়াই বোমা দুটা বোমা নিৰোধক ব্লেংকেটেৰে ঢাকি দিয়ে। সন্ধিয়াৰ আগে আগে পৰিস্থিতিৰ বুজ ল’বলৈ বোমা উদ্ধাৰ হোৱাস্থলীত উপস্থিত হয় চিৰাং জিলা আৰক্ষী অধীক্ষক যুবৰাজ, অতিৰিক্ত আৰক্ষী অধীক্ষক বেদান্ত প্ৰকাশ বৰকাকতী।
এই বোমা উদ্ধাৰ হোৱা সন্দৰ্ভত আৰক্ষী অধীক্ষক যুবৰাজে সংবাদ মাধ্যমৰ আগত কয় যে— আজি যি দুটা বোমাসদৃশ সামগ্ৰী পোৱা গৈছে সেয়া আচলতে সন্দেহজনক৷ অৱশ্যে এয়া আই ই ডি হয় নে নহয় এতিয়ালৈকে নিশ্চিত হ’ব পৰা নাই৷ কাৰণ বোমা বিশেষজ্ঞক ঘটনাস্থলীত মতা হৈছে তেওঁলোক অহাৰ পিছতেই সবিশেষ জনা যাব। কিন্তু কি পৰিস্থিতিত কোনে এই আ ই ডি দুটা আনি এই গাঁৱত থৈ গল এই সন্দৰ্ভত আৰক্ষী অধীক্ষক জনে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে৷
ইপিনে তেওঁ আৰু কয় এই সন্দৰ্ভত প্ৰাথমিক তদন্ত আৰম্ভ হৈছে, তদন্তৰ পিছত সকলো নিশ্চয় পোহৰলৈ আহিব। মাত্ৰ দুদিন আগতে চিৰাঙৰ বিদেশী ন্যায়াধীকৰণ আদালতে বাংলাদেশী বুলি ঘোষণা কৰা এজনী ৰাজবংশী জনগোষ্ঠীৰ মহিলাক এইখন গাঁৱৰ পৰাই ডিটেনচন কেম্পত পঠিওৱাক লৈ ছচিয়েল মিডিয়াত তীব্ৰ চৰ্চা হৈছিল আৰু আৰু এইখন গাঁৱতে আজি এনেদৰে সন্দেহজনক অবস্থাত দুটাকৈ বোমা উদ্ধাৰ হোৱা ঘটনাই তাৎপৰ্য্য বহন কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon