Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 2:58 pm

Home » ক্ৰীড়া » আৰম্ভ হ’ল ৫৮ তম ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকচ চেম্পিয়নশ্বিপ

আৰম্ভ হ’ল ৫৮ তম ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকচ চেম্পিয়নশ্বিপ


ক্রীড়া পথাৰত শ্রেষ্ঠত্ব প্রতিপন্ন কৰিবলৈ খেলুৱৈসকলক উৎসর্গিত মনােভাৱেৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বাৰ আহ্বান

গুৱাহাটী : ‘ক্রীড়া জগতত ভাৰতীয় খেলুৱৈসকলে শ্রেষ্ঠতা প্রতিপন্ন কৰিবলৈ হলে ক্রীড়া প্রতিযােগিতাৰ জৰিয়তে নিজকে উদ্ভাষিত কৰি তুলিব লাগিব। এখন সমাজ তথা ৰাষ্ট্রৰ পৰিচয় ক্রীড়াৰ জৰিয়তে বিশ্বত জিলিকি উঠে। সেইবাবে আমাৰ যুৱ প্ৰজন্মই ক্রীড়া প্রতিযােগিতা সমূহত শ্রেষ্ঠতা প্রতিপন্ন কৰিবলৈ হলে উৎসর্গিত মনােভাৱেৰে আগবাঢ়ি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। মঙলবাৰে সৰুসজাইস্থিত ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত ৫৮ তম ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকচ চেম্পিয়নশ্বিপ শুভ উদ্বোধন কৰি মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে এইদৰে কয়।
মুখ্যমন্ত্রী সােণােৱালে কয় যে জাকার্টাত অনুষ্ঠিত হ’ব লগীয়া এছিয়ান গেমছত আমাৰ খেলুৱৈ সকলে নিজৰ দক্ষতা আৰু যােগ্যতা প্রতিপন্ন কৰিব লাগিব। আমাৰ খেলুৱৈ সকলৰ মনােবল আৰু শক্তি আছে। একাগ্রতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এই ক্রীড়াবিদসকলে নিজৰ শ্ৰেষ্ঠতা উজাৰি দিয়াৰ বাবে উৎসর্গিত মনােভাৱেৰে নিজকে নিয়ােজিত কৰি দেশলৈ সুনাম কঢ়িয়াই আনিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে ক্রীড়াৰ বিকাশৰ বাবে শক্তিশালী পদক্ষেপ গ্রহণ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ পৰিৱর্তন সাধন কৰাৰ বাবে যুৱ শক্তিয়ে শৃংখলাবদ্ধ আৰু দায়বদ্ধতাৰে আগবাঢ়িব লাগিব।
দেশৰ ক্ৰীড়া জগতলৈ পি টি উষাই কঢ়িয়াই অনা গৌৰৱৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই গৰাকী মহান খেলুৱৈৰ আদৰ্শৰে আমাৰ খেলুৱৈ সকল আগবাঢ়ি আহিব লাগিব। এই গৰাকী খেলুৱৈৰ উপস্থিতিয়ে আমাৰ নতুন প্রজন্মক অধিক উৎসাহিত কৰি তুলিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে পূর্বতে গুৱাহাটী মহানগৰীত কেইবাখনাে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্টীয় পর্যায়ৰ প্রতিযােগিতা সফলতাৰে অনুষ্ঠিত হৈছে। গুৱাহাটীবাসী তথা অসমৰ ৰাইজৰ সহযােগত এই প্রতিযােগিতা সমূহ সুকলমে অনুষ্ঠিত হােৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত অংশ গ্রহণ কৰা বিভিন্ন ৰাজ্যৰ খেলুৱৈ সকলক সু-আতিথ্য প্রদান নিশ্চিত কৰিবলৈ আয়ােজকসকলক আহ্বান জনায়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে আমি এনে আতিথ্য প্রদান কৰিব লাগিব যাতে গুৱাহাটীৰ স্মৃতি খেলুৱৈ সকলৰ মনত সজীৱ হৈ থাকে। মুখ্যমন্ত্ৰীয়ে কয় যে হিমা দাসে আন্তঃৰাষ্ট্ৰীয় পর্যায়ত জিলিকি উঠি দেশ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। ভৱিষ্যতে অসমৰ খেলুৱৈ সকলে দেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক সফলতা কঢ়িয়াই আনিব বুলিও তেওঁ আশা প্রকাশ কৰে।
৫৮ তম্ ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক চিনিয়ৰ এথলেটিকচ চেম্পিয়নশ্বিপৰ আয়ােজক কমিটিৰ অধ্যক্ষ লক্ষ্য কোঁৱৰে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত এথেলেটিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সভাপতি এ চুমাৰীবালা, অসম এথলেটিক এচচিয়েশ্যনৰ সভাপতি ৰকিবুল হুছেইনেও ভাষণ দিয়ে। অনুষ্ঠানত শক্তি আৰু গড়কাপ্টানি বিভাগৰ ৰাজ্যিক মন্ত্রী তপন কুমাৰ গগৈ, বিধায়ক ঋতুপর্ণ বৰুৱা, অসম ক্রীড়া প্ৰাধিকৰণৰ উপাধ্যক্ষ কুইন ওজা, এথেলেটিক ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ সম্পাদক, অসম এথলেটিক এচচিয়েশ্যনৰ সম্পাদক প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon