Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 9:25 pm

Home » Regional » মুখ্যমন্ত্রী সােণণাৱালক সাক্ষাৎ ফিলিপাইনচৰ ভাৰতৰ ৰাষ্ট্রদুতৰ

মুখ্যমন্ত্রী সােণণাৱালক সাক্ষাৎ ফিলিপাইনচৰ ভাৰতৰ ৰাষ্ট্রদুতৰ


গুৱাহাটী : ‘এক্ট ইষ্ট পলিচি’ৰূপায়ন অধিক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে বৈদেশিক মন্ত্ৰালয়ৰ এক শাখা সচিবালয় উত্তৰ-পূর্বাঞ্চলত স্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰােপ কৰিছে। ফিলিপাইনচত ভাৰতবৰ্ষৰ ৰাষ্ট্রদূত হিচাপে কৰ্মৰত ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া জয়দ্বীপ মজুমদাৰে মুখ্যমন্ত্রী সােণােৱালক সাক্ষাৎ কৰাৰ সময়ত মুখ্যমন্ত্ৰী গৰাকীয়ে এই ক্ষেত্ৰত ৰাষ্ট্রদূত গৰাকীক বিষয়টো দায়িত্বশীল কর্তৃপক্ষৰ ওচৰত উপযুক্তভাৱে দাঙি ধৰিবলৈ আহ্বান জনায়। চৰকাৰী কর্মসূচীত অসমলৈ অহা ৰাষ্ট্রদূত গৰাকীয়ে আজি মুখ্যমন্ত্রী সােণােৱালক গুৱাহাটী আৱৰ্ত্ত ভৱনত সাক্ষাৎ কৰে।
ৰাষ্ট্রদূত গৰাকীৰ সৈতে হােৱা আলােচনাৰ সময়ত মুখ্যমন্ত্রী সােণােৱালে ‘এক্ট ইষ্ট পলিচি’ৰ সঠিক আৰু সক্রিয় ৰূপায়নে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ অর্থনীতিলৈ কঢ়িয়াই আনিব পৰা প্ৰগতিৰ বিপুল সম্ভাৱনাৰ বিষয়ে বিষদভাৱে আলােকপাত কৰে। এই পলিচি ৰূপায়নত অসম চৰকাৰে যথেষ্ট গুরুত্ব প্ৰদান কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে অসম চৰকাৰে এই নীতিক যথেষ্ট প্রাধান্য দিছে আৰু ইতিমধ্যে ইয়াৰ বাবে এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগ মুকলি কৰিছে। বিমান যােগাযােগ আৰু ইন্টাৰনেট যােগাযােগে আছিয়ান দেশসমূহৰ সৈতে ব্যৱসায়-বাণিজ্যকে ধৰি আনুসংগিক আন বহু দিশত পেলাব পৰা ইতিবাচক প্রভাৱৰ বিষয়ে উনুকিয়াই মুখ্যমন্ত্রী সােণােৱালে ৰাষ্ট্রদূত গৰাকীক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ফিলিপাইনছকে ধৰি আছিয়ান দেশসমূহলৈ বিমান যােগাযােগ প্রৱর্তনৰ ক্ষেত্ৰত প্রয়ােজনীয় পদক্ষেপ গ্রহণ কৰিবলৈও আহ্বান জনায়। মুখ্যমন্ত্রী সােণােৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে তেখেতৰ দূৰদৰ্শী পদক্ষেপৰ জৰিয়তে উড়ান আঁচনিৰ অধীনত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ মাজত বিমান যােগাযােগ সম্ভৱ কৰি তুলিছে। এই ‘উড়ান’ আঁচনিৰ ৰিজনেল কানেকটিভিটি আঁচনিখন আছিয়ান দেশসমূহলৈ সম্প্রসাৰণ ঘটালে তাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনীতিত ইতিবাচক প্রভাৱ পৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সােণােৱালে কয় যে আঁচনিখনৰ ৰূপায়নৰ ক্ষেত্ৰত প্ৰাৰম্ভিক পর্যায়ত প্রয়ােজন হােৱা ভায়েবিলিটি গেপ ফাণ্ড আগবঢ়াবলৈও অসম চৰকাৰ প্রস্তুত।
‘এক্ট ইষ্ট পলিচি’য়ে কেনেধৰণে উত্তৰ-পূৰ্বাঞ্চলৰ আর্থ-সামাজিক দিশত পৰিৱৰ্তন সম্ভৱ কৰিব পাৰে সেই সম্পর্কে সমাজৰ প্রতিটো স্তৰতে জনসচেতনতা থকাৰ দৰকাৰ বুলি মন্তব্য কৰি মুখ্যমন্ত্রী সােণােৱালে ৰাষ্ট্রদূত গৰাকীক বিশ্ববিদ্যালয় পর্যায়ত এই নীতিৰ পাঠ্যক্রম অন্তভূক্তিকৰণৰ বিষয়টো বৈদেশিক মন্ত্রালয়ত উত্থাপন কৰাৰ বাবেও অনুৰােধ জনায়। তদুপৰি, ফিলিপাইনচ চৰকাৰেও অসম তথা উত্তৰপূর্বাঞ্চলৰ সৈতে বাণিজ্যিক সম্পর্ক স্থাপনেৰে লাভৱান্বিত হােৱাৰ যথেষ্ট সুযােগ থকাৰ কথা উল্লেখ কৰি সেই দেশৰ চৰকাৰে অসমত প্ৰাৰম্ভিক পদক্ষেপ হিচাপে এটি বাণিজ্যিক দূতাবাস স্থাপন কৰাৰ ওপৰতাে মুখ্যমন্ত্রী সােণােৱালে গুৰুত্ব আৰােপ কৰে। তেখেতে কয় যে অসম চৰকাৰে আছিয়ান আৰু বিবিএন দেশসমূহলৈ জনােৱা অহ্বানৰ প্রতি সহাৰি জনাই ইতিমধ্যে বাংলাদেশ আৰু ভূটান চৰকাৰে গুৱাহাটীত বাণিজ্যিক দূতাবাস স্থাপন কৰিছে। তদুপৰি, আলােচনাৰ সময়ত মুখ্যমন্ত্রী সােণােৱালে অসম চৰকাৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈৰ খননকে ধৰি গুৱাহাটীৰ ৰাজধানী অঞ্চলৰ পৰিসৰ সম্প্ৰসাৰণ, ঔদ্যোগিক ক’ৰিডৰ স্থাপন, গুৱাহাটীত নির্মাণ কৰিবলগীয়া প্রস্তাৱিত টুইন টাৱাৰ তথা গুৱাহাটী বিমান বন্দৰৰ নতুন টার্মিনেল নির্মাণকে ধৰি বিগত দুটা বছৰত গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ কথা উল্লেখ কৰে। বাণিজ্যিক তথা ঔদ্যোগিকৰণৰ ক্ষেত্ৰত ‘এডভান্টেজ আসাম’ৰ মাধ্যমেৰে অসমত সূচনা হােৱা বৃহৎ বিনিয়ােগৰ কথা উল্লেখ কৰাৰ উপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ আগমণৰ সময় বৃদ্ধি, অসম চৰকাৰে বিগত দুটা বছৰত গ্ৰহণ কৰা বিভিন্ন বিভাগীয় নীতি আৰু কেন্দ্রীয় চৰকাৰৰ নর্থ ইষ্ট ইণ্ডাষ্ট্রিয়েল ডেভেলপমেন্ট স্কীমৰ কথাও মুখ্যমন্ত্রী সােণােৱালে উল্লেখ কৰে। মুখ্যমন্ত্রী সােণােৱালে কয় যে অসম চৰকাৰে এই সকলাে পদক্ষেপৰ জৰিয়তে কেৱল ঔদ্যোগিক বিকাশ সম্ভৱ কৰি তােলাই নহয়, ইয়াৰ দ্বাৰা এক ইতিবাচক পৰিৱেশ সূচনা কৰাৰ প্ৰয়াস কৰিছে যাতে উঠি অহা যুৱ চামে ৰাজ্যখনতে কর্ম সংস্থাপনৰ উপযুক্ত সুযােগসুবিধা লাভ কৰিব পাৰে। গুৱাহাটীক দেশৰ ক্রীড়া ৰাজধানী হিচাপে গঢ়ি তুলিবলৈ বিগত দুটা বছৰে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথাও মুখ্যমন্ত্রী সােণােৱালে আলােচনাকালত উল্লেখ কৰে।
সাক্ষাতৰ সময়ত ভাৰতৰ ৰাষ্ট্রদূত গৰাকীয়ে ‘এক্ট ইষ্ট পলিচি’ ৰূপায়নৰ দ্বাৰা অর্থনৈতিক বিকাশৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লােৱাৰ উপৰি মুখ্যমন্ত্রী সােণােৱালে উত্থাপন কৰা বিষয়সমূহ উদ্ধতম কর্তৃপক্ষৰ ওচৰত উপযুক্তভাৱে দাঙি ধৰাৰাে প্রতিশ্রুতি প্রদান কৰে। তেখেতে লগতে ফিলিপাইনচৰ ভৌগােলিক, অর্থনৈতিক, সামাজিক ক্ষেত্রসমূহৰ বিতং তথ্য দাঙি ধৰে আৰু কোনবােৰ দিশত অসম চৰকাৰে ফিলিপাইনছৰ সৈতে সহযােগিতাৰে কাম কৰি লাভৱান্বিত হ’ব পাৰে সেই বিষয়েও উল্লেখ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon