Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 10:17 am

Home » Regional » লোক সভাৰ নির্বাচন পর্যন্ত থাকিব অগপ, বি পি এফ, বিজেপিৰ মিত্রতা

লোক সভাৰ নির্বাচন পর্যন্ত থাকিব অগপ, বি পি এফ, বিজেপিৰ মিত্রতা


গুৱাহাটী : নাগৰিকত্ব আইন সংশোধনী বিধেয়কক কেন্দ্র কৰি মিত্রজোঁটৰ অংশীদাৰ অগপ আৰু বিজেপিৰ মাজত সংঘাত সৃষ্টি হ’লেও লোক সভা নির্বাচনৰ পূর্বে দুয়োটা দলৰ মাজত মিত্রতা ভংগ নহয়৷ লোক সভা নির্বাচনলৈ আৰু মাত্র ৯টা মাহহে বাকী থকা অৱস্থাত মিত্রজোঁটৰ অংশীদাৰ তিনিওটা দল ক্রমে বিজেপি,অগপ আৰু বি পি একে প্রতিদ্বন্দ্বিতাত নামিব লগীয়া সমষ্টিক লৈ শীর্ষ পর্যায়ত আলোচনা চলাই আছে৷
বিতর্কিত বিধেয়কখন গৃহীত হ’লে অগপই মিত্রজোঁটৰ পৰা ওলাই আহিব বুলি ঘোষণা কৰিছিল যদিও বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহৰ উদ্ধৃতিৰে সাংসদ ৰমেন ডেকাই সংবাদ মাধ্যমত কৰা মন্তব্যৰ পৰা মিত্রজোঁটত থকা দলকেইটা মাজত যে মিত্রতা অব্যাহত থাকিব, সেই কথা স্পষ্ট হৈছে৷ বিতর্কিত আৰু জাতি বিৰোধী বিধেয়কখনৰ বাবে সংসদে গঠন কৰা যুটীয়া সংসদীয় কমিটীৰ অন্যতম সদস্য ৰমেন ডেকাই সংসদৰ পৰৱর্তী অধিৱেশনত বিধেয়কখন গৃহীত নহয় বুলি মন্তব্য কৰিছে৷
তদুপৰি অগপৰ লগত লোক সভা নির্বাচনত বিজেপিৰ মিত্রতা অব্যাহত থাকিব বুলিও সাংসদ ডেকাই কয়৷ অগপৰ কার্যকৰী সভাপতি কেশৱ মহন্তই আজি সংবাদ মাধ্যমৰ আগত কয় যে মিত্রতা ভাঙি যোৱা নাই৷ মিত্রতা ছেদ কৰিব লগীয়া হ’লে সাধাৰণ পৰিষদৰ সভাই সিদ্ধান্ত ল’ব৷ নাগৰিকত্ব আইন সংশোধনী বিধেয়কক কেন্দ্র কৰি অগপ, বিজেপিৰ দুটা স্থিতি হ’লেও খৰখেদালৈ বিধেয়কখন গৃহীত কৰাৰ ব্যৱস্থা কেন্দ্রই নকৰাৰ ইংগিত অগপৰ বিধায়িনী দলে অলপতে সাক্ষাৎ কৰাৰ সময়ত উল্লেখ কৰিছিল কেন্দ্রীয় গৃহ মন্ত্রী ৰাজনাথ সিঙে৷ লোক সভা নির্বাচন পর্যন্ত মিত্রতা থকাটো নিশ্চিত হোৱাত এতিয়া মিত্রজোঁটত থকা দলকেইটাই লাভ কৰিব লগীয়া সমষ্টিক লৈ প্রাৰম্ভিক পর্যায়ত আলোচনা চলাই আছে৷
লোক সভাত থকা অসম ১৪খন আসনৰ ভিতৰত বর্তমানে বিজেপিৰ দখলত আছে ৭টা সমষ্টি৷ তিনিটাকৈ সমষ্টি কংগ্রেছ, এ আই ইউ ডি এফ আৰু এটা সমষ্টি আছে নির্দলীয়ৰ দখলত৷ মিত্রজোঁটৰ অংশীদাৰ দল অগপ আৰু বি পি এফৰ দখলত বর্তমানে এখনো আসন নাই৷ যোৱা লোক সভা নির্বাচনত অগপ আৰু বিজেপিৰ মাজত মিত্রতা নোহোৱাৰ ফলত কলিয়াবৰৰ আৰু বৰপেটা সমষ্টি হেৰুৱাইছিল দুয়োটা সমষ্টি৷ এটা সূত্রৰ পৰা জানিব পৰা মতে, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহে অসমৰ ১৪টা সমষ্টিৰ মিত্রজোঁটে কমেও ১২টা সমষ্টি দখল কৰাৰ লক্ষ্য নির্ধাৰণ কৰি দিছে৷ বর্তমানে সাংসদ থকা এটাও সমষ্টি মিত্রদলক এৰি নিদিয়ে বিজেপিয়ে৷
অগপৰ এটা সূত্রৰ পৰা জানিব পৰা মতে, বিজেপিয়ে দলটোক বৰপেটা আৰু ধুুবুৰী এৰি দিব যদিও দলটোৱে কলিয়াবৰ দাবী কৰিব৷ ইফালে বি পি এফক কোকৰাঝাৰ এৰি দিয়াত বিজেপি সন্মত যদিও দলটোৱে মঙলদৈ সমষ্টি বিচাৰিব৷ লোক সভা নির্বাচনলৈ এতিয়াও ৯টা মাহ বাকী আছে যদিও বিজেপি আৰু অগপৰ মাজত কলিয়াবৰ, বৰপেটা আৰু ধুবুৰী, বিজেপি-বি পি এফৰ মাজত কোকৰাঝাৰ আৰু মঙলদৈ সমষ্টিক লৈ বুজাবুজিৰ অংক যে চলিব সেই কথা শীর্ষ নেতাসকলে দলীয় পর্যায়ত চলোৱা প্রাৰম্ভিক আলোচনাৰ পৰা নিশ্চিত হৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon