Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 11:23 am

Home » Regional » হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে চেচাঁপানী গাওঁৰ ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদ

হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ ধ্বনিৰে চেচাঁপানী গাওঁৰ ছাত্ৰ- ছাত্ৰীৰ প্ৰতিবাদ

কোকৰাঝাৰ : বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ পৰা মাত্ৰ দুই কিলোমিটাৰ নিলগত থকা মধ্য চেচাঁপানী আৰু দক্ষিণ বাগিছা গাওঁৰ ৰাইজে যুগ যুগ ধৰি জৰাজীৰ্ণ ৰাস্তা ঘাটৰ বাবে যমৰ যাতনা ভূগি থকা প্ৰতিচ্ছৱিয়ে বিটিচিৰ উন্নয়নৰ ফোঁপোলা স্বৰূপটোকে উদঙাই দিছে ৷প্ৰণিধান যোগ্য যে কোকৰাঝাৰ চহৰৰ মাজেদি বৈ যোৱা গৌৰাং নৈৰ সিপাৰৰ উল্লেখিত গাওঁ দুখনত বিটিচিৰ উন্নয়নে আজিলৈকে চুই নিয়াটো দূৰৈৰ কথা বিটিচি কৰ্তৃপক্ষৰো নৈপৰীয়া গঞাৰ দূখ দূৰ্দশাৰ বিষয়ে কোনো কানসাৰ দিয়া দেখা নগল৷ যাৰ ফলশ্ৰুতিত বিটিচিৰ হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন পৰিষদখনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সৰ্বসাধাৰন গঞা ৰাইজ আৰু দল সংগঠন ৷ সুদীৰ্ঘ বছৰ ধৰি অঞ্চলটোত ৰাস্তা ঘাট আৰু দলং অবিহনে যাতায়াতৰ বাবে নৰক যন্ত্ৰণা ভুগি থকা গঞা ৰাইজৰ স্বাৰ্থত আজি ধৰ্মীয় সংখ্যালঘু পৰিষদ চমুকৈ আৰ.এম.চিয়ে ছাত্ৰ সংগঠন এবিএমছু আৰু আমছুৰ সহযোগত বাগিছা গাওঁৰ গৌৰাং নৈৰ ৰেলৱে দলংৰ পৰা মধ্য চেচাঁপানী এম ই স্কুললৈ আহ যাহৰ যাতায়ত পথছোৱা নিৰ্মাণৰ দাবীত বিক্ষোভ প্ৰদৰ্শনৰে উত্তাল কৰি তোলে ৷প্ৰতিবাদী কাৰ্যসূচীত গাওঁদুখনৰ ক্ষোভিত কেইবা শতাধিক ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে অংশলৈ হাগ্ৰামা মহিলাৰী মুৰ্দাবাদ, বিটিচি চৰকাৰ হায় হায়,বিপিএফৰ সংখ্যালঘু কোষৰ নেতা চুলতান আলম মুৰ্দাবাদ,উন্নয়নৰ নামত দালালৰ হস্তক্ষেপ বন্ধ কৰক,আমাক লাগে ৰাস্তা ঘাটৰ উন্নয়ন ইত্যাদি শ্লোগান দি গৌৰাং নৈৰ পাৰ মূখৰ কৰি তোলে ৷
আজিৰ প্ৰতিবাদত নেতৃত্ব দিয়া আৰ.এম.চিৰ যুৱ গোটৰ নেতা ইব্ৰাহীম আলি ভূঞাই সাংবাদিকৰ আগত কয় যে, বিগত ২৫ বছৰ ধৰি গৌৰাং নৈপৰীয়া গাওঁৰ ৰাইজ যাতায়তৰ বাবে নানা দূৰ্যোগৰ মাজতে জীৱন অতিবাহিত কৰিব লগা হৈছিল যদিও বিটিচি চুক্তি সম্পাদনাৰ পিছত অঞ্চলটো উন্নয়নে চুই নিব বুলি ৰাইজে আশা পালি ৰৈও চৰকাৰৰ অৱহেলা আৰু বঞ্চনা বাদে একো সুফল নহল বুলি আক্ষেপ ব্যক্ত কৰে ৷ এইক্ষেত্ৰত গঞা ৰাইজে বহু কেইবাবাৰ কোকৰাঝাৰ পূৱ সমষ্টিৰ বিধায়িকা তথা মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্ম আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকো সাক্ষাৎ কৰি অঞ্চলৰ উন্নয়ন বিচাৰি আবেদন-নিবেদন কৰি অাহিছিল যদিও লক্ষণীয়ভাৱে গুৰত্ব দিয়া দেখা নগল বুলি অভিযোগ তোলে ।এনেকি বিপিএফ দলে সংখ্যালঘুৰ উন্নয়নৰ স্বাৰ্থত জন্ম দিয়া সংখ্যালঘু কোষেও বৃহত্তৰ কোকৰাঝাৰ বাগিছা গাওঁ আৰু বৃহত্তৰ চেচাঁপানী গাওঁৰ গঞাবাসীৰ মৰ্ম বেদনা উপলব্ধি কৰা দেখা নগল ৷ তাৎপৰ্যপূৰ্ণ যে, সংখ্যালঘু কোষৰ সাধাৰন সম্পাদক চুলতান আলমে ফকিৰাগ্ৰাম সমষ্টিৰ উক্ত অঞ্চলসমূহৰ উন্নয়নৰ দায়িত্বত থাকিও সংখ্যালঘুৰ উন্নয়নত পিঠি দি কেৱল নিজ স্বাৰ্থ সিদ্ধিৰে ধন ঘটা বুলিও অভিযোগৰ আঙুলি টোৱাইছে আৰ.এম. চিৰ যুৱ নেতা ভূঞাই ৷ আজিৰ প্ৰতিবাদথলীৰ পৰাই আৰএমচি(যুৱ),এবিএমছু আৰু আমছুই বিপিএফৰ সংখ্যালঘু দৰদী নেতা চুলতান আলমক সংখ্যালঘু জাতিক বিক্ৰি কৰা দালাল আখ্যা দিয়াই নহয়; বিটিএডিৰ সংখ্যালঘু অধ্যুষিত অঞ্চলত নেতাগৰাকীৰ প্ৰৱেশ নিষিদ্ধ ঘোষনা কৰে৷
উল্লেখ্য যে, কোকৰাঝাৰ চহৰৰ মাজেদি বৈ যোৱা গৌৰাং নৈৰ সমীপৱৰ্তী মধ্য চেচাঁপানী আৰু কোকৰাঝাৰ দক্ষিণ বাগিছা গাওঁ দুখন ৩০ নং পূৱ কোকৰাঝাৰ (জনজাতি) সমষ্টিৰ অন্তৰ্গত ৷ সেয়ে মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মইও কেৱল নিৰ্বাচনৰ সময়তহে ৰাইজৰ দুখ দূৰ্দশাৰ খবৰ লৈ নিৰ্বাচনী বৈতৰনী পাৰ হলে সকলো পাহৰি যোৱাটো এতিয়া সকলোৰে বাবে নিত্য নৈমিত্তিক সাধাৰন কথা হৈ পৰিছে ৷ফলত আজিও বৃহত্তৰ কোকৰাঝাৰ বাগিছা গাওঁ আৰু চেচাঁপানীৰ গঞা ৰাইজ আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ৰাস্তা-ঘাট আৰু দলং অবিহনে কোকৰাঝাৰ চহৰত নিতৌ টুলুঙা নাও নতুবা ৰেলৱে দলঙৰে বিপদসংকুলভাৱে আহ যাহ কৰিলগীয়া হয় ৷ ফলত অকালতে ৰেলৰ খুন্দাত বহু লোকে মৃত্যুক সাৱটি লবলগা হৈছে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon