Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 9:36 am

Home » Regional » মাচুল আদায় নিদিয়া শিক্ষাৰ্থীক ”পণবন্দী” : বৰপেটাৰোড শংকৰদেৱ শিশু নিকেতনত উত্তপ্ত পৰিস্থিতি

মাচুল আদায় নিদিয়া শিক্ষাৰ্থীক ”পণবন্দী” : বৰপেটাৰোড শংকৰদেৱ শিশু নিকেতনত উত্তপ্ত পৰিস্থিতি

বৰপেটাৰোড : বিদ্যাভাৰতীৰ আদৰ্শৰে স্থাপিত বৰপেটাৰোড শংকৰদেৱ শিশু নিকেতনৰ একাংশ শিক্ষাৰ্থীক বিদ্যালয়ৰ মাছুল নিদিয়াৰ বাবেই পৰীক্ষাত বহাৰ পৰা বঞ্চিত কৰা কাৰ্যই সচেতন মহলৰ চকু কপালত তুলিছে। কণ-কণ ছাত্র-ছাত্ৰীক পণবন্দী কৰি নিকেতন কর্তৃপক্ষৰ মাচুল আদায়ৰ কৌশল আদায়ৰ পাং পতা বিষয়টোক লৈ অভিভাৱকসকলে নিকেতনখনত বুধবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পিচত প্রায় ডেৰ ঘণ্টা পলমকৈ সেইসকল বঞ্চিত পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহাৰ সুযোগ পায়।
প্রাপ্ত তথ্যমতে ৰাজ্যৰ অন্য নিকেতনসমূহৰ লেখীয়া বৰপেটাৰোড শংকৰদেৱ শিশু নিকেতনতো ছয়মাহিলি পৰীক্ষা আৰম্ভ হৈছে। প্ৰথমৰ পৰা দশম শ্রেণীৰ ছাত্র-ছাত্রীসকলৰ শাৰীৰিক আৰু অন্য বিষয়ৰ পৰীক্ষা যোৱা ৯ জুনৰ পৰাই অনুষ্ঠিত হৈছে যদিও মূল পৰীক্ষাসমূহ ১৮ জুনৰ পৰা আৰম্ভ হয়। বিদ্যালয়খনত প্রায় পোন্ধৰশ শিক্ষার্থী আছে আৰু শিক্ষার্থীৰ পৰা নিকেতন কর্তৃপক্ষই মাহিলি হিচাপত ৫০০ টকাৰ পৰা ৫৫০ টকা পর্যন্ত আদায় লৈ আহিছে।
অন্য একাংশ অভিভাৱকে নিজৰ ব্যক্তিগত অসুবিধা তথা অন্য সমস্যাৰ বাবে কিছু পলমকৈ মাছুল আদায় দিয়াৰ নজিৰ আছে। অৱশ্যে পৰীক্ষাৰ প্ৰাকক্ষণত মাচুল আদায়ৰ বাবে অভিভাৱকক জাননী দিয়াও হয় আৰু এইবেলিও নিকেতন কর্তৃপক্ষৰ পৰা তেনে জাননী জাৰি কৰা হৈছিল।
তথাপি কিছুসংখ্যক অভিভাৱকে বিভিন্ন অসুবিধাৰ বাবে মাচুল আদায় দিয়াৰ পৰা বিৰত আছিল। – এই বিষয়টোক লৈ নিকেতনখনৰ প্ৰধানাচার্যই হঠাতে কঠোৰ সিদ্ধান্ত লৈ জুন মাহলৈ মাচুল আদায় নিদিয়া পৰীক্ষার্থীসকলক পৰীক্ষাত বহিবলৈ নিদিয়ে বুলি জাননী ফলক আৰি দিয়ে।
ফলত পুৱাতে পৰীক্ষা দিবলৈ অহা মাছুল আনাদায়ী পৰীক্ষাৰ্থীসকল হতবাক হৈ পৰে। আনকি নিকেতন কর্তৃপক্ষই মাচুল আদায় নিদিয়া পৰীক্ষার্থীক এটা কোঠাত আছুতীয়াকৈ থৈ দিয়াত ভয়তে কণ-কণ ছাত্রছাত্রীসকল কান্দোনত ভাগি পৰে। এই খবৰ লাভ কৰি একাংশ অভিভাৱক নিকেতনত উপস্থিত হয় আৰু বিষয়টোক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। উল্লেখ্য যে নিকেতনখনৰ মাথো প্রায় ১৫ শতাংশ শিক্ষার্থীয়ে মাচুল দিয়া নাছিল।
সৌজন্যঃ জয়ন্ত কুমাৰ দাস, বৰপেটা এক্সপ্ৰেছ

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon