Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 11:25 pm

Home » Country & Abroad » ৩৫৫ কোটি টকা ব্যয় কৰি ৪ বছৰত ৪১বাৰ বিদেশ ভ্রমণ প্রধানমন্ত্রী মােডীৰ

৩৫৫ কোটি টকা ব্যয় কৰি ৪ বছৰত ৪১বাৰ বিদেশ ভ্রমণ প্রধানমন্ত্রী মােডীৰ


বেংগালুৰু : প্রধানমন্ত্রী হিচাপে ক্ষমতাসীন হােৱাৰ পিচত যােৱা ৪ বছৰত ৫২ খন দেশত ৪১ বাৰ ভ্ৰমণ কৰিছে নৰেন্দ্ৰ মােডীয়ে। নিজৰ ৪৮ মাহৰ কাৰ্যকালত মােডীয়ে ১৬৫ দিন কটাইছে বিদেশ ভ্রমণত। আৰ টি আই কর্মী ভীমাপ্পা গড়াড়ৰ এখন তথ্য জনাৰ অধিকাৰ আবেদনৰ উত্তৰত এই তথ্য জনাইছে প্রধানমন্ত্রী কার্যালয়ে।
প্রধানমন্ত্রী মােডীৰ এই ৪১টা বিদেশ ভ্রমণত ব্যয় হৈছে ৩৫৫ কোটি টকা। এইপর্যন্ত ২০১৫ চনৰ ৯ৰ পৰা ১৫ এপ্রিললৈ কৰা মােডীৰ ফ্রান্স, জার্মানী আৰু কানাডাৰ ত্রিদেশীয় ভ্রমণেই হৈছে আটাইতকৈ ব্যয়বহুল। এই ভ্ৰমণত ৩১,২৫,৭৮,০০০ টকা ব্যয় হৈছিল।
আনহাতে প্রধানমন্ত্রী হিচাপে কৰা মােডীৰ প্ৰথমটো বিদেশ ভ্রমণ ২০১৪ চনৰ ১৫-১৬ জুনৰ ভুটান যাত্রা হৈছে এতিয়ালৈকে আটাইতকৈ কম খৰচৰ ভ্ৰমণ। এই ভ্ৰমণত খৰচ হৈছিল ২,৪৫,২৭,৪৬৫ টকা।

মনৰ কৌতুহল নিৰসনৰ বাবেই তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত এই আবেদন কৰা বুলি প্ৰকাশ কৰিছে আৰ টি আই কর্মী গড়াড়ে। কেইবছৰমান পূর্বে কর্ণাটকৰ মুখ্যমন্ত্ৰীসকলৰ বিদেশ ভ্রমণৰ বিস্তৃত তথ্য বিচাৰি তেওঁ আবেদন কৰিছিল বুলি উল্লেখ কৰি গডাড়ে কয় যে প্রধানমন্ত্ৰীৰ সঘন বিদেশ ভ্রমণ বিভিন্ন মহলত সমালােচিত হৈ অহাৰ পৰিপ্ৰেক্ষিততে তেওঁ তথ্যসমূহ জানিবৰ বাবে আবেদন কৰিছিল। প্রধানমন্ত্রীৰ বিদেশ ভ্রমণৰ তথ্য লাভ কৰি স্তম্ভিত হৈ পৰা বুলি প্রকাশ কৰে আৰ টি আই কর্মীজনে।
প্রধানমন্ত্রী কার্যালয়ে মােডীৰ আভ্যন্তৰীণ ভ্ৰমণত হােৱা ব্যয়ৰ তথ্য দিবলৈ অস্বীকাৰ কৰা বিষয়ত ক্ষোভ প্রকাশ কৰে তেওঁ। ক্ষুব্ধ গড়াড়ে কয়— ‘মই সুৰক্ষা ব্যৱস্থাৰ তথ্য বিচৰা নাই। মই কেৱল ব্যয়ৰ তথ্য বিচাৰিছিলাে, কিন্তু তেওঁলােকে দিব নুখুজিলে। তেওঁলােকৰ মতে প্রধানমন্ত্রীৰ সুৰক্ষাৰ দায়িত্বত থকা এছ পি জি আৰ টি আইৰ আওতাত নপৰে আৰু সেয়ে তথ্য দিব পৰা নাযায়। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰীৰ ভ্ৰমণৰ তথ্যসমূহ জনগণে জনা উচিত আৰু এই ভ্রমণে দেশৰ কি উপকাৰ সাধন কৰিছে, সেয়াও চৰকাৰে ৰাজহুৱা কৰা উচিত।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon