Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 9:38 pm

Home » Regional » মহিলাক সােপাধৰা সজাই : লাইটৰ খুটাত বান্ধি নির্মম প্রহাৰ

মহিলাক সােপাধৰা সজাই : লাইটৰ খুটাত বান্ধি নির্মম প্রহাৰ

ঢেকীয়াজুলি : কাৰ্বি আংলঙৰ ডকমকাত সােপাধৰাৰ সন্দেহত দুগৰাকী প্রতিভাৱান যুৱকক নিদাৰণভাৱে হত্যা কৰা ঘটনাৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই শােণিতপুৰ জিলাৰ ঢেকীয়াজুলিত মহিলাক সােপাধৰা সজাই লাইটৰ খুটাত বান্ধি অমানসিক অত্যাচাৰ চলায়৷ঘটনাৰ বিৱৰনি মতে,যোৱা নিশা ঠেলামৰা থানাৰ অন্তৰ্গত কাঠনিবাৰী গাঁৱত এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলাক সোপাধৰা সন্দেহত, লাইটৰ খুটাত বান্ধি এদল লোকে শাৰীৰিক আৰু মানসিকভাৱে অমানসিক অত্যাচাৰ চলায়৷ এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলযোৰা তীৱ্ৰ চাঞ্চল্যই বিৰাজ কৰিছে। ঘটনা সন্দৰ্ভত আৰু জানিব পৰা মতে, ঠেলামৰা থানাৰ অন্তৰ্গত কাঠনিবাৰী গাঁৱত শুকুৰবাৰে মাজনিশা এগৰাকী মানসিক বিকাৰগ্ৰস্ত মহিলা গাঁওখনত বিচৰণ কৰি ফুৰাৰ খবৰ লাভ কৰি স্থানীয় লােকে আগ-পিছ কোনাে ধৰণৰ চিন্তা নকৰি মহিলাগৰাকীক সােপাধৰা বুলি সন্দেহ কৰি লাইটৰ খুটাত বান্ধি নির্যাতন চলায়। পাছত গাঁওখনৰে একাংশ সচেতন লােকে স্থানীয় ঠেলামৰা আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰাত আৰক্ষীয়ে মহিলাগৰাকীক উদ্ধাৰ কৰি থানালৈ লৈ আহে। ঠেলামৰা আৰক্ষীয়ে মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলাগৰাকীক তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰাইছে।
বর্তমান মহিলাগৰাকীৰ স্বাস্থ্য সুস্থিৰ বুলি জনাইছে ঠেলামৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে। কাৰ্বি আংলঙৰ ডকমকাৰ ঘটনাৰ পুনৰাবৃত্তি নহ’বলৈ ৰাজ্যখনৰ আৰক্ষী তথা প্রশাসনে অসমৰ ভিন্ন প্রান্তত সজাগতা সৃষ্টিৰ উদ্দেশ্যে ঠায়ে ঠায়ে সজাগতা সভা পাতি ৰাইজক সােপাধৰাৰ কোনাে অস্তিত্ব নাই, সােপাধৰাৰ উৰাবাতৰিত যাতে কোনাে লােক ভােল নাযায়, তাৰ বাৰে বাৰম্বাৰ আহ্বান জনােৱাৰ পাছতাে এই উৰাবাতৰিৰ কবলত পৰি একাংশ লােকে পুনৰ আইন হাতত তুলি লােৱা ঘটনাক তীব্র নিন্দা কৰিছে সচেতন ৰাইজে। শােণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষীয়ে ঘটনা সংঘটিত হােৱা গাঁওখনত সজাগতা সভা অনুষ্ঠিত কৰাৰ বিপৰীতে বর্তমানলৈ কোনাে লােককে আটক কৰা নাই। এগৰাকী বৃদ্ধা মহিলাক সােপাধৰা সজাই এদল লােকে নির্মমভাৱে শাৰীৰিক-মানসিক অত্যাচাৰ চলােৱাৰ লগতে প্ৰহাৰ কৰা ঘটনাত জড়িত কোনাে লােককে আৰক্ষীয়ে বর্তমানলৈ আটক কৰিবলৈ সক্ষম নােহােৱাত তীব্র প্রতিক্রিয়া প্ৰকাশ কৰিছে কৃষক-শ্রমিক সুৰক্ষা সংগ্রাম সমিতিয়ে।
মানসিক বিকাৰগ্ৰস্ত মহিলা এগৰাকীক সােপাধৰা সজাই খুটাত বান্ধি অত্যাচাৰ চলােৱা দুবৃর্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰি মানসিক বিকাৰগ্ৰস্ত মহিলাগৰাকীক ন্যায় প্রদান কৰিবলৈ দাবী জনায় কৃষক-শ্রমিক সুৰক্ষা সংগ্রাম সমিতিৰ মুখ্য আহ্বায়ক প্রশান্ত বৈশ্যই। আনহাতে, অমানৱীয় ঘটনা সংঘটিত হােৱা গাঁওখনত উপস্থিত হৈ এখন সজাগতা সভা আহ্বান কৰিছে শােণিতপুৰ জিলা আৰক্ষী প্রশাসনে। জিলা আৰক্ষীৰ উপ-অধীক্ষক শুভলক্ষ্মী বৰুৱাই ঘটনা সন্দৰ্ভত বর্তমানলৈ কাকো আটক কৰা নাই বুলি জনাইছে। আনহাতে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গােচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা বুলি প্ৰকাশ কৰিছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon