Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 10:30 am

Home » Regional » পুত্র-বোৱাৰীক বিচাৰি আৰক্ষীৰ অভিযান

পুত্র-বোৱাৰীক বিচাৰি আৰক্ষীৰ অভিযান

শিৱসাগৰ:  অপ্রত্যাশিতভাৱে তিনিদিনৰ পূর্বে অসমৰ নাট্যজগতৰ এগৰাকী সুদক্ষ নাট্যকাৰ, অভিনেতা ৰজনী খাৰঘৰীয়াই আত্মহনন আৰু তেওঁৰ পত্নী ৰুবী খাৰঘৰীয়াৰ অস্বাভাৱিক মৃত্যুৰ পিছত সমগ্র ঘটনাই এক নতুন মোৰ লৈছে৷
ছুইচাইড ন’টত ৰজনী খাৰঘৰীয়াই নিজৰ একমাত্র পুত্র সন্তানক জগৰীয়া কৰি কেইবাটাও খামত পৃষ্ঠাই পৃষ্ঠাই মনৰ বেদনা, দুখ, পুত্রই কৰা চূড়ান্ত অৱহেলাৰ কথা ব্যক্ত কৰি গৈছে৷ সমগ্র ঘটনাটোক গুৰুত্বসহকাৰে লৈ শিৱসাগৰ আৰক্ষীয়ে তদন্তৰ গতি ক্ষিপ্র কৰি তোলা বুলি জানিব পৰা গৈছে৷
মঙ্গলবাৰে তদন্তকাৰী বিষয়াই আদালতত পাঁচটাকৈ বন্ধ খাম, এখন বগা চাদৰৰ দুটাকৈ টুকুৰা আৰু এটা ম’বাইল হেণ্ডছেট জব্দ কৰি আদালতত দাখিল কৰে৷ উল্লেখযোগ্য যে বন্ধ খামকেইটা এড্রেছ কৰা আছে ক্রমে– খাৰঘৰীয়া দম্পতীয়ে বসবাস কৰা আছুতীয়া পথৰ বাসিন্দা শ্রীমন্ত শর্মা নামৰ এজন ব্যক্তিলৈ৷
আন এটা খাম এড্রেছ কৰা হৈছে কনিষ্ঠ জী মণিকা খাৰঘৰীয়া গগৈলৈ৷ আন তিনিটা খামত এড্রেছ কৰা হৈছে ক্রমে–ভাৰপ্রাপ্ত আৰক্ষী বিষয়া আৰু সংবাদ মাধ্যমৰ দুই প্রতিষ্ঠানলৈ৷ আনহাতে, ৰজনী খাৰঘৰীয়াই চিঠিৰ যোগেদি অভিযুক্ত কৰি থৈ যোৱা পুত্র দেৱাশিস আৰু বোৱাৰী গীতাশ্রীক বিচাৰি তদন্তকাৰী বিষয়াই অভিযান অব্যাহত ৰাখিছে৷
ডিমৌ লাচিত নগৰত অৱস্থিত গীতাশ্রীৰ পিতৃৰ বাসগৃহত কালি অতর্কিতে আৰক্ষী গৈ উপস্থিত হৈছিল৷ কিন্তু আৰক্ষী হৈ পোৱাৰ পূর্বে দেৱাশিস-গীতাশ্রী সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হয়৷ লক্ষণীয়ভাৱে দেৱাশিস-গীতাশ্রীৰ সন্তানটো গীতাশ্রীৰ মাতৃগৃহতে বর্তমানেও আছে৷  সংবাদ মাধ্যমৰ প্রতিনিধি উক্ত বাসগৃহত গৈ উপস্থিত হৈছিল যদিও পৰিয়ালটোৰ লোকসকলে ঘৰটো ভিতৰৰ পৰা বন্ধ কৰি কোনো লোককে সাক্ষাৎ দিয়াৰ পৰা বিৰত আছে৷
আমাৰ হাতত পৰা তথ্য মতে, খাৰঘৰীয়াৰ একমাত্র বোৱাৰীয়ে শিক্ষকতা কৰি থকা বিদ্যালয়খনৰ সমীপৰ জনসাধাৰণেও আন এক গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি, কোনো কাৰণতে ভৱিষ্যতৰ দিনত গীতাশ্রীক শিক্ষকতা কৰিবলৈ উক্ত স্থানত দিয়া নহ’ব বুলি স্থানীয় ৰাইজে হুংকাৰ প্রদান কৰিছে৷ ইফালে সমান্তৰালভাৱে সেই একে সময়তে তেওঁৰ তিনিগৰাকী অৱস্থাসম্পন্ন বিবাহিতা জীয়ৰীয়ে পিতৃ-মাতৃৰ চিকিৎসা বা আন কোনো ক্ষেত্রত কোনোধৰণৰ খবৰ-বাতৰি ৰখা নাছিল নেকি বুলি যুক্তিপূর্ণ প্রশ্ন শেহতীয়াকৈ শিৱসাগৰৰ সকলোৰে মুখত সর্বত্রে চৰ্চাৰ বিষয় হৈ পৰিছে৷
পিতৃয়ে কেৱল একমাত্র পুত্র সন্তানক যে জগৰীয়া কৰি ইহজগতৰ পৰা মেলানি মাগিলে, তাকো লৈ ক্রমান্বয়ে অধিক ৰহস্য ঘনীভূত হৈছে৷ পুত্র হিচাপে মাক-দেউতাকক শুশ্রূষা কৰা, ভৰণ-পোষণ দিয়া যিমান দায়িত্ববোধ আছে সমান্তৰালভাৱে তেওঁৰ বিবাহিতা তিনি কন্যা সন্তানৰো দায়িত্ব নাছিল নেকি বুলি ৰাইজে প্রশ্ন উত্থাপন কৰিছে৷ ৰজনী খাৰঘৰীয়াৰ পৰিয়ালটোৰ দেৱাশিস আছিল আটাইতকৈ সৰু৷
জীৱনত কোনো দিনাই গুৰু দায়িত্ব মূৰ পাতি নোলোৱা বা লোৱাৰ অভ্যাস নাছিল দেৱাশিসৰ৷ বিশেষকৈ দেউতাক ৰজনীয়ে পুত্র দেৱাশিসক বিভিন্ন সময়ত তেওঁৰ সমস্যা আৰু অসুবিধাসমূহ অৱগত কৰে যদিও দেৱাশিসে যেন বিশেষ গুৰুত্ব নিদিয়ে সেই কথা পিতৃ-মাতৃয়ে অনুভৱ কৰিছিল৷ এক তৃতীয় শক্তিৰ উচটনিত দেউতাকৰ মনটো দেৱাশিসৰ প্রতি বিদ্রোহ কৰোৱাইছিল নেকি?
শেহতীয়াকৈ এনেবোৰ ৰহস্যময় প্রশ্নৰ উত্তৰে সমগ্র ঘটনাটো অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে৷ আনহাতে, আজি ৰজনী আৰু ৰুবী খাৰঘৰীয়াৰ মৃত্যু হোৱা তিনিদিনৰ পিছত শিৱসাগৰ আছুতীয়া পথত থকা ভাৰাগৃহটোত তিনি বিবাহিতা কন্যাৰ উপস্থিতিত ধর্মীয় ৰীতি-নীতি পৰম্পৰাৰে অনুষ্টুপীয়াকৈ তিলনী কার্য সম্পন্ন কৰে৷ সমান্তৰালভাৱে আজি একেদিনাই দীর্ঘদিন ধৰি ভাৰা হিচাপে থকা ভাৰাগৃহটো পৰিষ্কাৰ-পৰিচছন্ন কৰি ভাৰাঘৰৰ মালিকক কোঠাটো চমজাই দিয়ে তিনি কন্যাই৷
ইয়াৰ উপৰি দেউতাকে জীৱনত এপদ-দুপদকৈ গোটোৱা অনেকবোৰ ব্যৱহূত সা-সম্পত্তি বাঢ়ৈটিঙত থকা বৰজীয়ৰী মৃদুস্মিতাৰ বাসগৃহলৈ লৈ যায় এখন ট্রাকযোগে৷ তিনি ভগ্নীৰ মাজত এক শোকাকুল পৰিৱেশৰ মাজেৰে মাক-দেউতাকৰ সাঁচতীয়া বাকচ, গডৰেজ খোলাৰ মূহূর্তত দেউতাকৰ অনেকবোৰ ব্যৱহূত সামগ্রী দেখাত হুকহুকাই কন্দাৰ লগতে স্মৃতিৰে আৱৰা কিছু বস্তু তিনি ভগ্নীয়ে লৈ যায়৷
অৱশ্যে ইয়াৰে কিছু ব্যৱহূত সামগ্রী নগৰৰ এখন অনাথ-আশ্রমক দান দিয়াৰ উপৰি এগৰাকী দৰিদ্র মহিলাকো দুই-এপদ সামগ্রী প্রদান কৰে৷ কিন্তু আজি এই পৰিৱেশত উপস্থিত নাছিল ৰজনী-ৰুবীৰ একমাত্র পুত্র দেৱাশিস আৰু তেওঁৰ পত্নী৷ মাক-দেউতাকৰ তিলনী অনুষ্ঠানত উপস্থিত নথকা ভাতৃ-বোৱাৰীৰ অনুপস্থিতিত অতি ক্ষোভেৰে বৰজীয়ৰী মৃদুস্মিতা গগৈয়ে আমাক জানিবলৈ দি ক’লে– সি অলপমান ভয় খাইছে৷ সৰুৰে পৰা সি আছিল আলাসৰ লাড়ু৷ মা-দেউতাই কোৱা কথাবোৰ সি সহজভাৱে লোৱা নাছিল৷ আৰু সি ভবাও নাছিল এনেধৰণৰ অভিশপ্ত এটা দিন তাৰ জীৱনলৈ আহিব বুলি৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon