Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 6:17 pm

Home » Regional » প্রতিকূল বতৰত বানাক্রান্তৰ দুৰ্ভোগ

প্রতিকূল বতৰত বানাক্রান্তৰ দুৰ্ভোগ


 লখিমপুৰ :  নাওবৈচা বিধানসভা সমষ্টিৰ অন্তর্গত দলহাট অঞ্চলত শিঙৰা নদীৰ তাণ্ডৱ আজিও অব্যাহত আছে৷ নেৰানেপেৰা বৰষুণৰ পাছত বতৰ ফৰকাল হোৱাত নদীৰ বাঢ়নী পানীৰ তাণ্ডৱ কিছু পৰিমাণে মঙ্গলবাৰে কমিছিল যদিও পুনৰ ধাৰাসাৰ বৰষুণত বন্যার্ত ৰাইজৰ দুভোর্গৰ সীমা নোহোৱা হৈছে৷
উল্লেখযোগ্য যে যোৱা ২৮ জুনত শিঙৰা নদীৰ সংহাৰী বানে এফালৰ পৰা অঞ্চলটোৰ বাসিন্দাৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি উটুৱাই নি এক ভয়ানক পৰিস্থিতিৰ মুখামুখি কৰোৱাৰ পাছত এতিয়া বানে বুৰাই পেলোৱা অঞ্চলসমূহৰ পৰা বালিৰ তৰপে ৰাইজক আন এক সমস্যাত পেলাইছে৷ ষষ্ঠ দিনাও শিঙৰা নদীয়ে বিচিছন্ন কৰা অংশৰে সোমোৱা পানীৰ বাবে ১৫নং ৰাষ্ট্রীয় ঘাইপথৰ ওপৰেৰে পানী বাগৰিয়েই থকাত যাতায়াতৰ ক্ষেত্রত ৰাইজে দুভোর্গ ভুগিয়েই আছে৷
১৫নং ৰাষ্ট্রীয় ঘাইপথৰ একাঁঠু পানীৰ ওপৰেৰেই এক বিপজ্জনক অৱস্থাৰেই যান-বাহন পাৰাপাৰ হৈ আছে যদিও পানীৰ কোবাল সোঁতত ৰাষ্ট্রীয় ঘাইপথছোৱা আৰু বেছি পৰিমাণে খহিবলৈ হ’লে অদূৰ ভৱিষ্যতে ১৫নং ৰাষ্ট্রীয় ঘাইপথেৰে যোগাযোগ সম্পূর্ণৰূপে ব্যাহত হৈ পৰাৰ সম্ভাৱনাই অধিক৷ ইফালে প্রবল বৰষুণেও ৰাইজক ভীষণ সমস্যাত পেলাইছে৷ শিঙৰা নদীৰ বান, প্রতিকূল বতৰৰ মাজতে লখিমপুৰ জিলা প্রশাসনে শিঙৰাক ভেটিবৰ বাবে কাম অব্যাহত ৰাখিছে৷
প্রশাসনে যুদ্ধংদেহি তৎপৰতাৰে শিঙৰাক পূর্বৰ গতিপথলৈ বোৱাই নিবৰ বাবে চেনেল কাটিঙৰ ব্যৱস্থা অব্যাহত ৰখাৰ সমান্তৰালকৈ বাঁহৰ গোঁজেৰে শিঙৰাক ভেটি গড়কাপ্টানী পথৰ বিচিছন্ন অংশ মেৰামতি কৰাৰ তৎপৰতাও অব্যাহত ৰাখিছে৷ বান সমস্যাৰ সন্দর্ভত প্রশাসনে জানিবলৈ দিয়া মতে, নাওবৈচা ৰাজহ চক্রৰ ১৪খনকৈ গাঁও ক্রমে বালিটিকা, বালিজান, হৰিপুৰ, কোঁৱৰপুৰ, ২নং নাহৰবাৰী, হাৰীবৰ, ২নং সোণাপুৰ, ফুকন দলনী, দলহাট, ১নং কলাখোৱা, দীঘপুখুৰী, ৩০নং এফ চি গ্রাণ্ট, শলমৰীয়া, বিষ্ণুপুৰ অঞ্চলৰ ৰাইজ বানৰ কবলত পৰি ক্ষতিগ্রস্ত হৈছে৷
সাম্প্রতিক বানত অঞ্চলটোৰ ১৮,৪৯০জন লোক ক্ষতিগ্রস্ত হোৱাৰ উপৰি কৃষিভূমি ক্ষতিগ্রস্ত হৈছে ৬০.৩০ হেক্টৰ৷ ইফালে বানত ২৩৮৮টা ডাঙৰ জীৱ-জন্তু, ১২০৯টা সৰু জীৱ-জন্তু, ৩৫৬৮টা হাহ-কুকুৰা ক্ষতিগ্রস্ত হৈছে৷ প্রশাসনে অঞ্চলটোত বান সাহায্যৰ বাবে ৪টা সাহায্য বিতৰণ কেন্দ্র স্থাপন কৰিছে৷ প্রশাসনে বন্যার্তৰ মাজত তিনিশ তার্পলিন বিতৰণৰ তথ্য সদৰী কৰাৰ উপৰি দলহাট, দীঘপুখুৰী আৰু ১৫নং ৰাষ্ট্রীয় ঘাইপথত স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰা বুলি জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon