Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 10:45 pm

Home » Regional » গোসাঁইগাওঁত জিলা বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠিত

গোসাঁইগাওঁত জিলা বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ শপত গ্ৰহণ অনুষ্ঠিত


গোসাঁইগাওঁ : কোকৰাঝাৰ জিলাৰ গোসাইগাওঁ মহকুমাৰ অন্তৰ্গত অন্ঠাইবাৰীস্থিত বিটিচি সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় কাৰ্য্যালয় প্ৰাঙ্গনত দেওবাৰে দিনাৰ এঘাৰ বজাত গোসাঁইগাওঁ জিলা সমিতিৰ অন্তৰ্গত দুখনকৈ জিলা আৰু পাচখনকৈ ব্লক পৰ্যায়ৰ সমিতিৰ শপত গ্ৰহণ অনুষ্ঠিত হয়। ধৰ্মীয় সংখ্যালঘু পৰিষদৰ উপসভাপত ফয়জল হকে সভাপতিত্ব কৰা শপত গ্ৰহণ অনুষ্ঠানত বিটিচি’ৰ কেন্দ্ৰীয় বাচনি পৰিষদৰ সদস্য তথা ধৰ্মীয় সংখ্যালঘু পৰিষদৰ মুখ্য উপদেষ্টা প্ৰাক্তন এমচিএলএ বক্তাৰ আলী আহমেদে মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বিপৰীতে বিশিষ্ট অতিথিৰ আসন শুৱনি কৰে গোসাঁইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰীযুত মাজেন্দ্ৰ নাৰ্জাৰীয়ে। অনুষ্ঠানত বিধায়কগৰাকীয়ে সাম্প্ৰতিক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শান্তি-সম্প্ৰীতিৰ ওপৰত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত সকলোৰে সহযোগীতা কৰিবলৈ আহ্বান জনায়। প্ৰধান্য যে উক্ত শপত গ্ৰহণ অনুষ্ঠানত বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ গোসাঁইগাওঁ জিলা সমিতিক শপত বাক্য পাঠ কৰোৱায় কেন্দ্ৰীয় সভাপতি আফজাল হুছেইন সৰকাৰে, পৰিষদৰ গোসাঁইগাওঁ জিলা মহিলা মৰ্চাক শপত বাক্য পাঠ কৰোৱায় আৰ এম চিৰ মহিলাৰ মৰ্চাৰ সভানেত্ৰী শাহাৰা ভানুৱে আনহাতে পৰিষদৰ পাচখনকৈ ব্লক সমিতি ক্ৰমে শ্ৰীৰামপুৰ, কচুগাওঁ, শৰাইবিল, গুমা আৰু জমদুৱাৰ ব্লক সমিতিৰ বিষয়ববীয়া আৰু সদস্যবৃন্দক শপত বাক্য পাঠ কৰোৱায় গোসাঁইগাওঁ জিলা সমিতিৰ সভাপতি শহিদুল হকে। অনুষ্ঠানত কেন্দ্ৰীয় সভাপতি আফজাল হুছেইন সৰকাৰে তেওঁৰ ভাষণ প্ৰসংগত কয় পৰিষদে নাগৰিক পঞ্জী উন্নীতকৰণক সম্পূৰ্ণ সমৰ্থন কৰে। মুছলমানসকল ডি ভোটাৰ, বিদেশী হোৱাৰ মূল কাৰণ শিক্ষাৰ অভাৱ লগতে মুছলমান সম্প্ৰদায়ৰ মহিলাসকলৰ উপাধি বিসংগও। কাৰণ মুছলমান মহিলা এগৰাকীৰ উপাধি বিয়াৰ আগত এটা, পিছত এটা আনকি গিৰীয়েকৰ মৃত্যুৰ পিছত আন এটা। কিন্তু তেওঁৰ দাবী বিদেশী খেদিবই লাগিব, সি হিন্দুৱে হওক বা মুছলমানেই হওক। উক্ত শপত গ্ৰহণ অনুষ্ঠানত মহিলা বিপিএফ’ৰ সভানেত্ৰী সুপ্ৰীয়া ৰানী ব্ৰহ্ম, প্ৰাক্তন এমচিএলএ ৰহিন্দ্ৰ ব্ৰহ্ম, গোসাঁইগাওঁ নগৰ সমিতিৰ সভাপতি ধ্ৰুৱ কুমাৰ ব্ৰহ্ম নাৰ্জাৰী, আৰ এম চি’ৰ উপসভাপতি ফয়জল হক, মহিলা মৰ্চাৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকা ক্ৰমে সাশাৰা ভানু আৰু তাহমিনা বেগম, জাৰাগুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ হাকিম তৰফদাৰ, নৱজ্যোতি হাইমাদ্ৰাছাৰ অধীক্ষক আব্দুল হাই, গোসাঁইগাওঁ জামে মছজিদৰ ইমাম মওলানা ছৈয়দ আহমেদ আদি বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon