মৰাণ : যি সময়ত মানুহৰ মাজত বন ধ্বংসৰ প্ৰৱণতা গঢ়ি উঠিছে। সেই সময়তেই প্ৰকৃতি ৰক্ষা কৰাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে মৰাণ পথালিবাম গাঁৱৰ ভৰত বৰাই। ব্যক্তিজনে নিজা প্ৰচেষ্টাৰে বনৰীয়া জীৱ জন্তু সুৰক্ষা দি ঘৰতেই গঢ়ি তুলিছে এখন চিৰিয়াখানা। বিগত প্ৰায় ২০ বছৰে এই লোকজনে ঘৰৰ চৌহদৰ বাৰিত পুহিছে ধনেশ পক্ষী, বৰটোকোলা, বাঘ, বগলীকে ধৰি বহু পহু-পক্ষী। প্ৰকৃতি প্ৰেমী ব্যক্তিজনে অঞ্চলটোৰ বিভিন্ন স্থানত গছপুলি ৰোপণ কৰি প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে। ব্যক্তিজনে জানিবলৈ দিয়াৰ মতে মৰাণ অঞ্চলৰ বহুতো আঘাত প্ৰাপ্ত পক্ষীক তেওঁ শুশ্ৰূষা কৰি পুনৰ অৰণ্যত এৰি দিয়ে। আনহাতে তেওঁৰ তত্ত্বাৱধানত থকা বনৰীয়া পহু-পক্ষী বিলাক চাবলৈ দেশী-বিদেশী বহু পৰ্যটকৰ আগমন ঘটিছে ব্যক্তিজনৰ ঘৰলৈ। তেওঁৰ আহ্বানত ইতিমধ্যে “সেউজ, ধনেশ পক্ষী আৰু প্ৰকৃতি সুৰক্ষা সমিতি” নামৰ এটা সংগঠনো গঠিত হৈছে। এই সংগঠনটোৱেও প্ৰকৃতি ৰক্ষাৰ ক্ষেত্ৰত বহুতো ভূমিকা গ্ৰহণ কৰিছে। তেওঁলোকে কণ কণ ছাত্ৰ ছাত্ৰী সকলক প্ৰকৃতিৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে বিভিন্ন সময়ত ৰচনা আৰু চিত্ৰাংকণ প্ৰতিযোগীতা অনুষ্ঠিত কৰি আহিছে । ইফালে চৰকাৰী কোনো সাহাৰ্য্যই ঢুকি নোপোৱা মৰাণ পথালিবাম গাঁৱৰ এই ব্যক্তিজনৰ কৰ্মকাণ্ড সঁচাকৈয়ে প্ৰশংসনীয়।