Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 10:17 pm

Home » Regional » জলডোৱাত পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ : ৰাইজে বন্ধ কৰিলে পকী পথ নিৰ্মাণৰ কাম

জলডোৱাত পকী পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ : ৰাইজে বন্ধ কৰিলে পকী পথ নিৰ্মাণৰ কাম


তামাৰহাট : মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰুদ্ধে যিমানেই কঠোৰ নীতি গ্ৰহণ নকৰক কিয় একাংশ বিষয়া – ঠিকাদাৰে চৰকাৰে গ্ৰহণ কৰা এনে নীতিক বুঢ়া আঙুলি দেখুৱাই সমানে চলাই আছে ব্যাপক দুৰ্নীতি। একাংশ বৰমুৰীয়াৰ গুৰুত্বহীনতাৰ বাবেই এচাম বিষয়া-ঠিকাদাৰে পথ নিৰ্মাণৰ নামত বিয়াগোম দুৰ্নীতি কৰিবলৈ সক্ষম হৈছে । জানিব পৰা মতে কোকৰাঝাৰ জিলাৰ কাজিগাওঁ থানাৰ অন্তৰ্গত খৰখৰী-বাসবাৰী সংযোগী পথৰ জলডোৱাৰ পৰা পাগলাহাট বজাৰ লৈ যোৱা পথ ছোৱাৰ পকীকৰণৰ কাম চলি আছে। যোৱা বিত্তীয় বৰ্ষতে আৰম্ভ কৰা পথছোৱাৰ পকীকৰণৰ কাম লেহেমীয়া গতিত চলি থকাৰ উপৰিও নিৰ্মাণ কাৰ্য একেবাৰে নিম্ন আৰু সামান্য পিচ আৰু গ্ৰাভেল দি কৰা কাৰ্য্যই অঞ্চলটোৰ ৰাইজক অতিষ্ঠ কৰি পেলাইছে। তিনি-চাৰি দিন আগত কৰা পকি পথৰ অংশ খালি হাতেৰে অতি সহজে তুলিব পৰা কাৰ্যই ঠিকাদাৰে উক্ত নিৰ্মান কাৰ্যত ব্যাপক দুৰ্নীতি হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপিত কৰিছে । নিয়ম মতে কামৰ আগত ফলক আৰি দিব লাগে যদিও ধুৰন্ধৰ ঠিকাদাৰ জনে কামৰ বিবৰন বা কোনো ফলক ব্যৱহাৰ নকৰাকৈয়ে ৰাইজক অন্ধকাৰত ৰাখি এই নিৰ্মাণকায্য চলোৱা পৰিলক্ষিত হৈছে। আনহাতে কামৰ চোৱা-চিতাৰ দায়িত্বত থাকা আশ্ৰাফ আলী নামৰ ব্যক্তিজনে কামৰ সবিশেষ তথ্য ৰাইজক নজনাকৈ নিম্নমানৰ কাম কৰাত ক্ষোভিত হৈ পৰে সমগ্ৰ জলডোৱা গাঁওবাসীয়ে । নিৰ্মান কাৰ্য্যৰ লগত জড়িত জলডোবা গাঁৱৰ গাওঁবুঢ়া ঠিকাদাৰ তথা কামৰ দায়িত্বত থকা আশৰাফ আলিয়ে এনে দুৰ্নীতিৰ কাৰ্য্য চলাই আহিছে বুলিও অভিযোগ উত্থাপিত হৈছে। ফলত ৰাইজে উপায়ন্তৰ হৈ পথছোৱা পকীকৰণৰ কাম বন্ধ কৰি দিয়ে। আনহাতে এই পথ নিৰ্মানৰ কামটো তদন্তক্ৰমে বিহিত ব্যৱস্হা কৰাৰ বাবে বিভাগীয় কতৃপক্ষ তথা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা চৰকাৰৰ ওচৰত ৰাইজে দাবী জনায়।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon