Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 9:22 pm

Home » Other » Economics » Business and trade » লক্ষ্য হ’ল গ্ৰামীণ ডিজিটীয় বিপ্লৱ : উদ্ভাৱনমূলক আৰু সংবাদমূলক এপ মুকলি ইফকোৰ

লক্ষ্য হ’ল গ্ৰামীণ ডিজিটীয় বিপ্লৱ : উদ্ভাৱনমূলক আৰু সংবাদমূলক এপ মুকলি ইফকোৰ

নতুন দিল্লী : বিশ্বৰ সৰ্ববৃহৎ প্ৰসংস্কৰণকৃত সাৰ কোঅ’পাৰেটিভ IFFCO ই “IFFCO iMandi” নামৰ এটা সামাজিক ই-কমাৰ্চ আৰু ৱেব প’ৰ্টেলৰ শুভাৰম্ভ কৰি কৃষকসকলক সেৱা কৰা আৰু তেওঁলোকক ডিজিটীয়ভাৱে ওচৰ চপাই অনাৰ পথত আন এটা বৈপ্লৱিক পদক্ষেপ লৈছে। মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে এখন “ডিজিটেল ইণ্ডিয়া”ৰ বাবে প্ৰকাশ কৰা দূৰদৃষ্টিক সাৰোগত কৰি এই পদক্ষেপ লোৱা হৈছে। এতিয়াৰেপৰা, IFFCO ৰ আটাইবোৰ ই-কমাৰ্চ তথা ডিজিটীয় উদ্যম এই IFFCO iMandi প্লেটফৰ্মত লভ্য হ’ব।
কৃষি উদ্যোগ তথা ম’বাইল/ইণ্টাৰনেট প্ৰযুক্তিত বিশাল অভিজ্ঞতা থকা কেইগৰাকীমান অভিজ্ঞ পেছাদাৰীৰ উদ্যমত গঢ় লৈ উঠা ছিংগাপুৰস্থিত প্ৰযুক্তি কোম্পানী আইমাণ্ডি প্ৰাইভেট লিমিটেডৰ সৈতে থকা IFFCO ৰ 100% সহায়ক কোম্পানী, IFFCO ই-বাজাৰ লিমিটেডে কৰা এটা কৌশলগত বিনিয়োগেই হ’ল iMandi। এই উদ্যমৰ লক্ষ্য হ’ল প্ৰতিজন কৃষকৰ বাবে ডিজিটীয় প্ৰযুক্তিসমূহৰ হিতাধিকাৰ সুনিশ্চিত কৰা, আৰু গ্ৰামীণ ভাৰতত ডিজিটীয় বিপ্লৱৰ সূচনা কৰা।
IFFCO ৰ ব্যৱস্থাপক সঞ্চালক, ড. ইউ এছ অৱস্থিয়ে কয়, “অনলাইন আৰু ডিজিটীয় লেনদেন ব্যৱহাৰ সম্পৰ্কে কৃষকসকলক সচেতন কৰি তোলাৰ বাবে সমগ্ৰ ভাৰততে চলা অভিযানৰ নেতৃত্ব বহন কৰি উঠি, ‘IFFCO iMandi’ এপ শুভাৰম্ভ কৰিবলৈ পাই আমি গৌৰৱান্বিত। এইটো হ’ল কৃষি ইনপুট আৰু উৎপাদ, FMCG অৰ্থাৎ ক্ষিপ্ৰ গতিত বিক্ৰী হোৱা উপভোক্তা সামগ্ৰী, বৈদ্যুতিন সামগ্ৰী, ঋণ, বীমা আদি “একে ঠাইতে পোৱা দোকান”ৰ দৰে। iMandi এ কৃষক সম্প্ৰদায়ৰ আটাইবোৰ প্ৰয়োজন পূৰণ কৰিব আৰু ইয়াৰ লক্ষ্য হ’ল 55 নিযুত কৃষকৰ এটা বিমুগ্ধ ব্যৱহাৰকাৰী আধাৰৰ সেৱা কৰা।”
iMandi প্ৰাইভেট লিমিটেডৰ প্ৰতিষ্ঠাপক ভী. কে. আগৰৱালাই কয়, “IFFCO আৰু iMandi নিশ্চিত যে এই ভাৰতীয় কোঅ’পাৰেটিভ ডিজিটীয় প্লেটফৰ্মৰ জৰিয়তে, তেওঁলোক দেশৰ প্ৰতিটো ঘৰ, প্ৰতিখন গাওঁলৈ বিশাল মাত্ৰাৰ এটা সামাজিক পৰিৱৰ্ত্তন আনিবলৈ আৰু ইয়াৰ ডিজিটীয় সমাৱেশী প্ৰযুক্তিৰ জৰিয়তে লাখ লাখ লোকৰ সবলীকৰণ কৰিবলৈ সক্ষম হ’ব।”
এটা অতুলনীয় পৰিসৰ আৰু মাত্ৰাত এই প্ৰকল্পৰ কাৰ্য্যৰূপায়ণ কৰা হ’ব। গতিকে, IFFCO ৰ 55,000 ৰো অধিক পইণ্ট অৱ ছেলছ, 36,000 সমবায় সমিতি, 30,000 গোদামঘৰলৈ থকা বিশিষ্ট সুগম্যতাৰ সুব্যৱহাৰ কৰি আৰু ভাৰতীয় ভূখণ্ডৰ এক তৃতীয়াংশৰো অধিক অঞ্চল সামৰি লোৱা 16,000 টা পিনকোডত থকা 250 নিযুত গ্ৰামীণ উপভোক্তাৰ ওচৰ চপাৰ সুবিধাসহিতে iMandi হৈ উঠিব ভাৰতৰ সৰ্ববৃহৎ গ্ৰামীণ সামাজিক ই-কমাৰ্চ প্লে।
এনড্ৰয়ড আৰু iOS ফোনসমূহৰ বাবে Play Store আৰু App Store ৰপৰা iMandi ডাউনলোড কৰিব পৰা যায় আৰু www.iffcoimandi.in ত ই বেৱতো সুগম। বিভিন্ন মাৰ্কেটপ্লেছৰ জৰিয়তে প্ৰয়োজনসমূহ পূৰণ কৰাৰ বাহিৰেও, কৃষকসকলক ব্যস্ত ৰাখিব পৰাকৈ ইয়াত যোগাযোগ (চ্চেট আৰু কলিং), বিনোদন তথা তথ্যমূলক/পৰামৰ্শমূলক বিষয়বস্তুও আছে। ইয়াৰ সামাজিক আৰু যোগাযোগ বৈশিষ্ট্যসমূহে বিভিন্ন অঞ্চলৰ ৰাইজৰ মাজত একেখন প্লেটফৰ্মতে সংযোগ স্থাপন কৰাত সহায় কৰিব। নিজৰ আগ্ৰহ থকা বিভিন্ন বিষয়ৰ ওপৰত ভিত্তি কৰি ব্যৱহাৰকাৰীসকলে বিভিন্ন মঞ্চত যোগদান কৰিব পাৰে; তেওঁলোকে বিভিন্ন বিষয়ৰ বিশেষজ্ঞসকলৰ সৈতে কথা পাতি বিভিন্ন সমস্যাৰ সমাধানকল্পে পৰামৰ্শ ল’ব পাৰে। তাতোকৈয়ো ডাঙৰ কথা, তেওঁলোকে তেওঁলোকৰ সফলতাৰ কাহিনীসমূহ আনক জানিবলৈ দিব পাৰিব!
এগ্ৰি ইনপুটছ মাৰ্কেটপ্লেছৰ অধীনত, কৃষকে সম্প্ৰতি সাৰ (ৰাসায়নিক সাৰ, পানীত দ্ৰৱণীয় সাৰ, জৈৱ সাৰ, বায়’ ইত্যাদি), কৃষিৰ বাবে লগা ৰাসায়নিক সামগ্ৰী আৰু বীজকে ধৰি আটাইবোৰ IFFCO উৎপাদ এটা ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰে আৰু তেওঁলোকৰ দুৱাৰডলিত বিনামূল্যে সেইবোৰৰ ডেলিভাৰী লবপাৰে। ম’বাইল এপ, ৱেব প’ৰ্টেল বা শুল্কবিহীন নম্বৰ 1800 2000 344 ত কৰা কলৰ জৰিয়তে কল চেণ্টাৰৰ সহায় লোৱা এই তিনিটা উপায়ৰ কোনোবাটো ব্যৱহাৰ কৰি কৃষকসকলে তেওঁলোকৰ লেনদেন কাৰ্য্যৰূপায়িত কৰিব পাৰে।
তেওঁলোকে লগতে চ্চেট, অডিঅ’ আৰু ভিডিঅ’ কলৰ জৰিয়তে আৰু চ্চেট তথা তেওঁলোকৰ ফীডত পিকছাৰ আৰু ভিডিঅ’ শ্বেয়াৰ কৰি নিজৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে সংযোগ ৰক্ষা কৰি চলিব পাৰে। যোগাযোগ সম্পৰ্কীয় বৈশিষ্ট্যসমূহ এটা মূৰৰপৰা আনটো মূৰলৈকে সাংকেতিক কোডবিশিষ্ট কৰা হয় আৰু ডেটা সম্পূৰ্ণৰূপে নিৰাপদ আৰু গোপনীয় হৈ থাকে।
ব্যৱহাৰকাৰীসকলে তেওঁলোকক ডেলিভাৰ কৰা বিনোদনমূলক ভিডিঅ’সমূহ চাই, আৰু লগতে বতৰ, মাণ্ডিৰ মূল্য আৰু দৈনিক বাতৰি সম্পৰ্কীয় তথ্যমূলক এলাৰ্টসমূহ পঢ়ি ব্যস্ত হৈ থাকিব পাৰে। তদুপৰি তেওঁলোকে তেওঁলোকৰ প্ৰিয় স্থানীয় তথা ৰাষ্ট্ৰীয় ৰেডিঅ’ ষ্টেছনসমূহৰ অনুষ্ঠানো শুনিব পাৰে।
অদূৰ ভৱিষ্যতে, কৃষকসকলে শ্ৰেষ্ঠ মূল্যত তেওঁলোকৰ উৎপাদসমূহ অনলাইনত বিক্ৰী কৰিব পাৰিব। iMandi এ লগতে ঋণ, বীমা ইত্যাদি বিভিন্ন বিত্তীয় সেৱাৰ সুবিধা লাভ কৰাৰ পথো সুগম কৰি তুলিব।
যথাসময়ত এই এপটোত এলানি সামাজিক সেৱা প্ৰদানৰো ব্যৱস্থা কৰা হ’ব; তেওঁলোকে লগতে অনলাইন শিক্ষা তথা দক্ষতা বিকাশৰ হিতাধিকাৰসমূহ ভোগ কৰিব পাৰিব আৰু কৰ্মসংস্থান বিচৰাৰ কামতো এই এপ ব্যৱহাৰ কৰিব পাৰিব। তেওঁলোকে লগতে এই এপৰ জৰিয়তে প্ৰাথমিক স্বাস্থ্য সেৱাও লাভ কৰিব পাৰিব।
iMandi এপৰ অনন্য স্থাপত্যৰ বাবে ইয়াক 2G+ ফীচাৰ ফোন আৰু 3G+ স্মাৰ্টফোন এই দুয়োটাতে ব্যৱহাৰ কৰিব পৰা যায়। ভাৰতৰ প্ৰতিজন কৃষকক সেৱা কৰিব পৰাকৈ, হিন্দী আৰু ইংৰাজীৰ বাহিৰেও ভাৰতৰ 10 টা আঞ্চলিক ভাষাত এই এপ লভ্য হ’ব। গ্ৰামীণ ভাৰতীয় দৰ্শকক দিয়া কেন্দ্ৰীয় গুৰুত্বৰে, বিশ্বজনীন মানকসমূহৰ কথা মনত ৰাখি এই এপৰ ডিজাইন কৰা হৈছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon