Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 9:57 am

Home » Regional » এন আৰ চিৰ বিৰুদ্ধে আন্তজার্তিক পর্যায়ত ষড়যন্ত্র

এন আৰ চিৰ বিৰুদ্ধে আন্তজার্তিক পর্যায়ত ষড়যন্ত্র


গুৱাহাটী : ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ (এন আৰ চি) চূড়ান্ত খচৰা প্রকাশৰ দিন ওচৰ চাপি অহাৰ লগে লগে সমগ্র প্রক্রিয়াটোত বিঘিনি ঘটাবলৈ আন্তজার্তিক পর্যায়ত ষড়যন্ত্র আৰম্ভ হৈছে৷ উল্লেখযোগ্য যে অহা ৩০ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশ হ’ব৷ ১৯৫১ চনৰ ৰাষ্ট্রীয় নাগৰিকপঞ্জী ১৯৭১ চনলৈ উন্নীতকৰণৰ প্রক্রিয়া আৰম্ভ হোৱাৰ পৰা বিভিন্ন শক্তিয়ে সমগ্র প্রক্রিয়াটো বাধাগ্রস্ত কৰাৰ বাবে প্রচেষ্টা চলাই আহিছে যদিও উচ্চতম ন্যায়ালয়, কেন্দ্র, ৰাজ্য চৰকাৰৰ কঠোৰ স্থিতিৰ বাবে সফল হোৱা নাছিল৷ এন আৰ চি প্রস্তুতিৰ শেষ পর্যায়ত কর্তৃপক্ষই উপনীত হোৱাৰ সময়ত কালিৰ পৰা আন্তজার্তিক পর্যায়ত ছ’চিয়েল মিডিয়াত নেতিবাচক প্রচাৰ আৰম্ভ হৈছে৷ জানিব পৰা মতে, এন আৰ চি কর্তৃপক্ষৰ টুইটাৰ একাউণ্টৰ জৰিয়তে বিদেশৰ বিভিন্ন ব্যক্তিৰ একাউণ্টৰ পৰা এন আৰ চি সম্পর্কত নেতিবাচক মন্তব্য কৰি জনমত সৃষ্টি কৰাৰ ষড়যন্ত্র আৰম্ভ হৈছে৷
এন আৰ চি কর্তৃপক্ষৰ যিটো টুইটাৰ একাউণ্ট আছে তালৈ পূর্বে অহা মন্তব্য সীমিত আছিল৷ কিন্তু কালিৰে পৰা বিদেশৰ ব্যক্তিৰ নামত থকা একাউণ্টৰ পৰা লাখ লাখ মন্তব্য আহিবলৈ আৰম্ভ কৰিছে৷ এন আৰ চি সম্পর্কত ছ’চিয়েল মিডিয়া টুইটাৰযোগে যিবোৰ মন্তব্য আহিছে সেই মন্তব্যবোৰৰ অধিকাংশই এন আৰ চি-বিৰোধী৷ তদুপৰি ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাৰ বিৰুদ্ধেও প্রচাৰ চলোৱা হৈছে৷
উল্লেখযোগ্য যে এন আৰ চি উন্নীতকৰণ প্রক্রিয়া কেৱল অসমতহে হৈছে৷ অসমৰ প্রতিজন লোক এন আৰ চিৰ বিষয়ে জ্ঞাত৷ চুবুৰীয়া ৰাজ্যৰ সচেতন লোকেহে অসমত প্রস্তুত হৈ থকা এন আৰ চিৰ বিষয়ে জ্ঞাত৷ ভাৰতৰ বহু ৰাজ্যৰ বাসিন্দাই এন আৰ চি কি আৰু কিয় প্রস্তুত কৰা হৈছে সেই বিষয়ে নাজানে বা জনাৰো প্রয়োজন হোৱা নাই৷ তেনেক্ষেত্রত বিদেশৰ লোকসকল এন আৰ চি সম্পর্কত কালিৰে পৰা হঠাৎ সজাগ কিয় হ’ল?
কালিৰে পৰা এন আৰ চি কর্তৃপক্ষৰ একাউণ্টত এন আৰ চি আৰু ৰাজ্যিক সমন্বয়ক হাজেলা সম্পর্কত লাখ লাখ মন্তব্যৰ ভিতৰত বেছিভাগ নেতিবাচক অর্থাৎ এন আৰ চি-বিৰোধী মন্তব্যৰ পৰা চূড়ান্ত খচৰা প্রকাশৰ পূর্বে আন্তজার্তিক পর্যায়ত ষড়যন্ত্র চলাৰ কথা স্পষ্ট হৈ পৰিছে৷ পূর্বে এন আৰ চি কর্তৃপক্ষক টুইটাৰৰ জৰিয়তে কৰা প্রশ্ন বা বিভিন্ন মন্তব্য সীমিতসংখ্যকে কৰিছিল৷ যাৰ ফলত এন আৰ চি কর্তৃপক্ষই টুইটাৰৰ জৰিয়তে প্রত্যুত্তৰ দিব পাৰিছিল৷
কিন্তু কালিৰে পৰা বিদেশৰ লোকৰ নামত থকা একাউণ্টৰ পৰা লাখ লাখ মন্তব্যৰে নেতিবাচক প্রচাৰ আৰম্ভ হৈছে যদিও কর্তৃপক্ষই প্রতিটো মন্তব্যৰ উত্তৰ দিব পৰা নাই৷ ১৯৭১ চনৰ ২৪ মার্চৰ পাছত অহা বাংলাদেশীৰ নাম বাহিৰত ৰাখি উক্ত সময়সীমাৰ আগত অসমলৈ অহা লোকৰ নাম সন্নিৱিষ্ট কৰি এন আৰ চি প্রস্তুত হৈ আছে৷ যোৱা ৩১ ডিচেম্বৰত প্রকাশ হোৱা আংশিক খচৰাত নাম সোমাইছিল যদিও ১.৫ লাখ লোকৰ নাম চূড়ান্ত খচৰাত বাদ পৰিব৷
তদুপৰি চূড়ান্ত খচৰাত আৰু লাখ লাখ লোকৰ নাম বাদ পৰাটো নিশ্চিত হৈ পৰাত এন আৰ চি-বিৰোধী শক্তি যে বিভিন্ন প্রকাৰে সক্রিয় হৈ পৰিছে সেই কথা ছ’চিয়েল মিডিয়া টুইটাৰযোগে বিদেশৰ পৰা চলোৱা নেতিবাচক প্রচাৰে স্পষ্ট কৰিছে৷ বিদেশৰ লোকৰ নামত থকা টুইটাৰ একাউণ্টৰ পৰা হঠাৎ চলোৱা নেতিবাচক প্রচাৰ সম্পর্কত ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই কয় যে বিষয়টো তেওঁলোকৰো দৃষ্টিগোচৰ হৈছে৷ এন আৰ চি সম্পর্কত টুইটাৰযোগে চলোৱা নেতিবাচক প্রচাৰ সম্পর্কত অসম আৰক্ষীক অৱগত কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon