বৰপেটা : ভৱানীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত টাঙলা গাঁৱত কালি দুপৰীয়া পানীত ডুবি এগৰাকী ১৯ বছৰীয়া যুৱকৰ মৃত্যু হোৱা ঘটনাত সমগ্ৰ অঞ্চল জুৰি শোকৰ ছাঁই বিৰাজ কৰিছে। জানিব পৰা মতে টঙলা গাঁৱৰ শৰৎ চন্দ্ৰ তালুকদাৰৰ একমাত্র পুত্র যুৱৰাজ তালুকদাৰে দিনৰ প্ৰায় ১১ বজাত তেওঁৰ সমনীয়া কেইজনমান ল’ৰাৰ সৈতে গা ধুবলৈ পুখুৰী এটাত নামিছিল। দ’ পুখুৰীটোত গা ধোওঁতে হঠাৎ যুৱকজন পানীত ডুব যায়। সমনীয়া সকলে প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত স্থানীয় ৰাইজ উপস্থিত হৈ যুৱকজনক পুখুৰীৰ পৰা উদ্ধাৰ কৰি ততাতৈয়াকৈ পাঠশালা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে যুৱক জনক মৃত বুলি ঘোষনা কৰে। উল্লেখ্য যে মৃত যুৱকজন সৰুপেটা বি এইচ বি মহাবিদ্যালয়ৰ চুড়ান্ত বৰ্ষৰ ছাত্র আছিল।