Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 6:56 pm

Home » Regional » লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ চৰকাৰ : হত্যাকাণ্ডৰ ন্যায় নাপালে পৰিয়ালৰ দুজন সদস্যক দিয়া চাকৰি আৰু আৰ্থিক অনুদানো বিটিচি চৰকাৰক ওভতাই দিয়া হ’ব

লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰাত ব্যৰ্থ চৰকাৰ : হত্যাকাণ্ডৰ ন্যায় নাপালে পৰিয়ালৰ দুজন সদস্যক দিয়া চাকৰি আৰু আৰ্থিক অনুদানো বিটিচি চৰকাৰক ওভতাই দিয়া হ’ব


কোকৰাঝাৰ : এবিএমছুৰ প্ৰয়াত সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ অহা ১ আগষ্টত এবছৰ সম্পূৰ্ণ হ’ব যদিও হত্যাকাৰীৰ সন্ধান উলিওৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে চৰকাৰ। হত্যাকাণ্ডৰ তদন্ত এচআইটি , চিবিআইক দিয়া হ’ল যদিও হত্যাকাৰীৰ কোনো ক্লু বাহিৰ কৰিব নোৱাৰিলে তদন্তকাৰী সংস্থাই। লাফিকুলৰ হত্যাকাণ্ডৰ আঁৰত যে গভীৰ ষড়যন্ত্ৰ লুকাই আছিল সেয়া আৰু ৰাইজৰ বুজিবলৈ বাকী নাই। এই মন্তব্য এবিএমছুৰ সভাপতি শ্বাহকামাল খণ্ডকাৰৰ ।
কোকৰাঝাৰ সদৰ চহৰৰ নিকতৱৰ্তী ভোটগাঁওস্থিত এবিএমছুৰ কাৰ্যালয়ত আয়োজিত হোৱা এক সংবামেলত এবিএমছুৰ সভাপতি গৰাকীয়ে উক্ত মন্তব্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো মিছলীয়া আখ্যা দিয়ে। মুখ্যমন্ত্ৰীয়ে এবিএমছু আৰু আমছুৰ প্ৰতিনিধিৰ আগত যিকোনো মুল্যৰ বিনিময়ত লাফিকুলৰ হত্যাকাৰীক কৰায়ত্ব কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈ হত্যাকাৰী কৰায়ত্ব নহ’ল বুলি মন্তব্যৰে এবিএমছুৰ সভাপতিগৰাকীয়ে চৰকাৰৰ ভূমিকাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । লাফিকুলৰ হত্যাকাণ্ডৰ দিনটো অৰ্থাৎ ১ আগষ্টৰ দিনটো ছাত্ৰ সংহতি দিৱস হিচাপে পালন কৰা হ’ব আৰু উক্ত দিনাই ন্যায় প্ৰদানৰ দাবীত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি মন্তব্য কৰি শ্বাহকামাল খণ্ডকাৰে চৰকাৰৰ নিৰ্লিপ্ততাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । লাফিকুল হত্যাকাণ্ডৰ ন্যায় প্ৰদান নকৰিলে হত্যাকাণ্ডৰ পিছত বিটিচি চৰকাৰে লাফিকুলৰ পৰিয়ালৰ দুজন সদস্যক দিয়া ঠিকাভিত্তিক চাকৰি আৰু আৰ্থিক অনুদানো বিটিচি চৰকাৰক ওভতাই দিয়া হব বুলি ঘোষণা কৰিছে এবিএমছুৱে ।
ইপিনে মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ কাম চলি থকাৰ সময়তে ৰাজ্য চৰকাৰৰ অসম আৰক্ষীৰ সীমান্ত আৰক্ষী বিভাগে কোনোধৰণৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ আৰু নিৰ্দিষ্ট অঞ্চলটোলৈ নোযোৱাকৈয়ে প্ৰকৃত ভাৰতীয় লোক তথা সংখ্যালঘু সকললৈ “ডি” ভোটাৰ হিচাপে জাননী প্ৰেৰণ কৰা কাৰ্যকো কঠোৰ ভাষাৰে সমালোচনা কৰিছে এবিএমছুৱে । মৃতকৰ নামত বা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামতো জধে -মধে ডি ভোটাৰৰ জাননি প্ৰেৰণ কৰি মানসিক নিৰ্যাতন কৰা বুলি অভিযোগ কৰি এবিএমছুৰ সভাপতি গৰাকীয়ে সীমান্ত আৰক্ষীৰ কাণ্ডক ধিক্কাৰ দি এনে অপকাৰ্য শীঘ্ৰে বন্ধ নকৰিলে ব্যাপক গণ আন্দোলনো গঢ়ি তোলা হব বুলি হুমকি প্ৰদান কৰিছে এবিএমছুৱে ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon