Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 11:26 am

Home » Regional » শিক্ষক বিদ্রোহঃ ২৪ ঘণ্টাতাে নাপালে চৰকাৰৰ সঁহাৰি

শিক্ষক বিদ্রোহঃ ২৪ ঘণ্টাতাে নাপালে চৰকাৰৰ সঁহাৰি

আত্মজাহৰ সিদ্ধান্তত অটল হৈ ৰ’ল ১৫৩০ বেতনবঞ্চিত শিক্ষকৰ পৰিয়াল

শিৱসাগৰঃ বাৰম্বাৰ চৰকাৰী প্ৰতাৰণাৰ বলি হৈ অহা শিৱসাগৰৰ ১,৫৩০গৰাকী বেতনবঞ্চিত শিক্ষক অটল হৈ আছে আত্মজাহৰ সিদ্ধান্তত। চৰকাৰী আশ্বাস অনুসৰি নির্ধাৰিত ২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্রীশিক্ষামন্ত্রীৰে আলােচনাৰ দিন নির্দিষ্ট নকৰাত পুনৰ ক্ষুব্ধ হৈ পৰিছে বেতনবঞ্চিত শিক্ষকসকল। সেয়েহে চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে এইবাৰআগতীয়া জাননী নিদিয়াকৈ দিচাংদিখৌ-জাজীত পৰিয়ালসহ আত্মজাহৰভয়ংকৰ সিদ্ধান্ত গ্রহণ কৰিছে এই শিক্ষকসকলে। উল্লেখ্য যে আত্মজাহৰ সিদ্ধান্তত অটল হৈ ৰ’ল বেতনবঞ্চিত শিক্ষকসকলক অবৈধ আখ্যা দি বৰ্খাস্ত কৰিবৰ বাবে শেহতীয়াভাৱে চৰকাৰী এক প্রক্রিয়া গ্ৰহণ কৰিছে। এই প্রক্রিয়াৰ অংশ হিচাপে চৰকাৰে বেতনবঞ্চিত এই শিক্ষকসকললৈ ইতিমধ্যে কিয় তেওঁলােকক বখাস্ত কৰা নহ’ব, সেই সন্দৰ্ভত উত্তৰ প্ৰদান কৰিবলৈ জাননী জাৰি কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বেতনবঞ্চিত শিক্ষকসকলে কালি আত্মজাহৰ কাৰ্যসূচী গ্রহণ কৰিছিল। 
সেইমর্মে ৰাজ্যৰ আন জিলাসমূহৰ লগতে শিৱসাগৰৰ শিক্ষকসকলেও পৰিয়ালসহ পুখুৰীত আত্মজাহ দিবলৈ উদ্যত হয়। কিন্তু এই কাৰ্যসূচীৰ প্রতি লক্ষ্য ৰাখি বৰপুখুৰীত এছ ডি আৰ এফৰ জোৱান নিয়ােগ কৰাৰ লগতে শিৱসাগৰ চহৰত ঠায়ে ঠায়ে আৰক্ষীৰ টহলৰ ব্যৱস্থা কৰা হয়। 
অৱশ্যে আৰক্ষীৰ বেহু ভেদি একাংশ শিক্ষকে বৰপুখুৰীত আত্মজাহ দিবলৈ চেষ্টা কৰাক কেন্দ্ৰ কৰি কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পাছতে জিলা প্রশাসনৰ উচ্চপদস্থ বিষয়াসকলে বেতনবঞ্চিত শিক্ষকসকলৰ সৈতে এক আলােচনাত মিলিত হৈ মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীৰ সৈতে ২৪ ঘণ্টাৰ ভিতৰত আলােচনাৰ দিন-বাৰ-সময় নির্ধাৰণ কৰিব বুলি আশ্বাস দিয়ে। এই আশ্বাসত ভােল গৈ কালি সাময়িকভাৱে শিক্ষক সমাজে এই কাৰ্যসূচী স্থগিত ৰাখে। কিন্তু ২৪ ঘণ্টা উকলি যােৱাৰ পাছতাে কোনাে আলােচনাৰ বাবে বেতনবঞ্চিত শিক্ষকসকলে প্ৰস্তাৱ লাভ নকৰিলে। এই মিথ্যাচাৰত ক্ষুব্ধ হৈ পৰা সদৌ অসম কৰ্মৰত বেতনবঞ্চিত শিক্ষক সমিতিৰ সম্পাদক বসন্ত নেওগে কয় যে বেতনবঞ্চিত শিক্ষকসকলৰ সমস্যা সমাধানৰ পৰিৱর্তে অবৈধ শিক্ষক হিচাপে কলংকহে জাপি দিছে ৰাজ্য চৰকাৰে। এই কলংক কান্ধত লৈ জীয়াই থকাৰ কোনাে ইচ্ছা নাই বুলি সদৰী কৰি নেওগে কয়- ‘শুক্ৰবাৰে এনে এক চৰম সিদ্ধান্ত বাতিল কৰি পুনৰ চৰকাৰী প্ৰৱঞ্চনাৰ বলি হােৱা শিক্ষকসকলক আত্মজাহ দিবলৈ চৰকাৰী পক্ষই উদঙনি যােগাইছে। দীর্ঘদিনীয়া এই সমস্যা সমাধানত গুৰুত্ব আৰােপ নকৰিলে আত্মজাহৰ বাদে আন কোনাে বিকল্প আমাৰ বাবে নাথাকিব।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon