Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 10:26 pm

Home » Various » Honors-Balta » ন্যায়াধীশ ৰঞ্জন গগৈলৈ শ্রেষ্ঠ অসমীয়াৰ সন্মান

ন্যায়াধীশ ৰঞ্জন গগৈলৈ শ্রেষ্ঠ অসমীয়াৰ সন্মান


গুৱাহাটী : অসম আন্দোলন আৰু অসম চুক্তিৰ এক ন্যায্যতা প্রদান কৰা ৰাষ্ট্রীয় নাগৰিকপঞ্জী প্রকাশৰ ক্ষেত্রত অন্যতম গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰা উচচতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ, অসম সন্তান ৰঞ্জন গগৈলৈ আগবঢ়োৱা হৈছে বছৰটোৰ শ্রেষ্ঠ অসমীয়াৰ সন্মান৷ কৃষক মুক্তি সংগ্রাম সমিতি আৰু সংগঠনটোৰ তিনি প্রান্তীয় সংগঠনে এই বঁটা আগবঢ়াইছে ন্যায়াধীশ গগৈলৈ৷ আজি কৃষক নেতা অখিল গগৈয়ে এই বঁটা ঘোষণা কৰি সংগঠনটোৰ শ্বহীদ মুক্তিনাথ গোৱালাৰ সোঁৱৰণত এই বঁটা আগবঢ়োৱাৰ কথা প্রকাশ কৰে৷
এক সংবাদমেলত অখিল গগৈয়ে ২০১৭-১৮ বছৰৰ শ্রেষ্ঠ অসমীয়া ন্যায়াধীশ ৰঞ্জন গগৈৰ বাহিৰে আন কোনো হ’ব নোৱাৰে বুলিও স্পষ্ট কৰে৷ আনকি তেওঁ এই বঁটা গ্রহণ নকৰিলে এইবছৰ আন কাকো এই বঁটা প্রদান নকৰে বুলিও স্পষ্ট কৰে অখিল গগৈয়ে৷ উল্লেখযোগ্য যে সংগঠনটোৰ চাৰিওটা অংগই আজি এক কার্যনির্বাহক বৈঠকত মিলিত হোৱাৰ পাছত সংবাদমেলযোগে চলিত বর্ষৰ পৰা আৰম্ভ কৰা এই বঁটাৰ কথা ঘোষণা কৰে কৃষক মুক্তি সংগ্রাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈয়ে৷
প্রণিধানযোগ্য যে বিগত সংগঠনটোৰ এখন কার্যনির্বাহক বৈঠকত অংশ লৈ ঘূৰি যোৱাৰ সময়ত বোকাখাতত পথ দুর্ঘটনাত নিহত হৈছিল কৃষক মুক্তিৰ প্রান্তীয় সংগঠন চাহ শ্রমিক মুক্তি সংগ্রাম সমিতিৰ প্রতিষ্ঠাপক সাধাৰণ সম্পাদক মুক্তিনাথ গোৱালা৷ তেতিয়াই তেওঁৰ নামত বছৰটোৰ শ্রেষ্ঠ অসমীয়াৰ এটা বঁটা প্রৱর্তনৰ কথা ঘোষণা কৰা হৈছিল৷ এই বঁটাৰ সৈতে নগদ ১ লাখ টকাৰ লগতে প্রশস্তি পত্র, স্মাৰক, চেলেং চাদৰ আৰু উপহাৰ থাকিব৷
অৱশ্যে এতিয়ালৈ বঁটা প্রদানৰ দিন ধার্য হোৱা নাই বুলি সদৰী কৰি কৃষক নেতাজনে কয় যে কালি ন্যায়াধীশ গগৈলৈ ন্যায়ালয়ৰ ই-মেইলত আৰু আজি ব্যক্তিগত ই-মেইলযোগে পত্র প্রেৰণ কৰাৰ উপৰি কাইলৈ সংগঠনটোৰ প্রতিনিধিয়ে আনুষ্ঠানিকভাৱে তেওঁক সাক্ষাৎ কৰি পত্র প্রদান কৰিব বুলি কয়৷ তেওঁৰ সৈতে আলোচনামর্মে বঁটা প্রদানৰ দিন ধার্য কৰা হ’ব বুলিও সদৰী কৰে৷ লক্ষণীয় যে এই বঁটাৰ বাবে ধার্য কৰা ধন কৃষক-শ্রমিকৰ পৰা সংগ্রহ কৰা হ’ব আৰু বঁটা প্রদান অনুষ্ঠানৰ ব্যয় কাজিৰঙাৰ জাতীয় অর্কিড পার্ক সমবায় সমিতিৰ পৰা কৰা হ’ব বুলিও তেওঁ সদৰী কৰে৷
ইফালে, দেশৰ ন্যায় ব্যৱস্থাত মৌলিক অৱদান আগবঢ়াবলৈ সক্ষম হোৱা বাবে, দেশৰ ন্যায় ব্যৱস্থাৰ স্বতন্ত্রতা ৰক্ষাৰ বাবে নিজৰ পেছাগত দিশত কৰা ত্যাগৰ বাবে, নিজৰ জন্মভূমি আৰু জাতিৰ বাবে সবোর্চচ উজাৰি নাগৰিকপঞ্জীত বৈপ্লৱিক ভূমিকা লোৱাৰ বাবে আৰু দেশৰ ন্যায় ব্যৱস্থাৰ সবোর্চচ সাংবিধানিক স্থান পোৱা অসম সন্তান হোৱা বাবেই ন্যায়াধীশ ৰঞ্জন গগৈক বছৰটোৰ শ্রেষ্ঠ অসমীয়াৰ বঁটা প্রদান কৰিবলৈ কৃষক মুক্তি আৰু তিনি প্রান্তীয় সংগঠনে সিদ্ধান্ত লোৱা বুলি তেওঁ সদৰী কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon