Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 11:12 am

Home » Regional » এলেহুৱা বিভাগটোৰ গাফিলতিৰ বাবেই আজি সংৰক্ষিত বনাঞ্চল ধ্বংসৰ গৰাহত

এলেহুৱা বিভাগটোৰ গাফিলতিৰ বাবেই আজি সংৰক্ষিত বনাঞ্চল ধ্বংসৰ গৰাহত


চৰাইদেউঃ  চৰাইদেউ জিলাৰ নাফুক বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ চলা সংৰক্ষিত বনাঞ্চলখন বন বিভাগৰ চূড়ান্ত অৱহেলা আৰু অমনোযোগিতাৰ বাবে সম্প্ৰতি ধ্বংসৰ গৰাহলৈ গতি কৰিছে। এসময়ত বিভিন্ন মূল্যৱান আৰু ঔষধি গছ-গছনিৰ বাবে বিখ্যাত এই বনাঞ্চলখনত বন বিভাগৰ ছত্ৰছাঁয়াতে ধ্বংস যজ্ঞ অব্যাহত আছে। বন বিভাগৰ অমনোযোগিতা আৰু গাফিলতিৰ বাবে চোৰাং কাঠ ব্যৱসায়ী তথা বেদখলকাৰীৰ কবলত পৰি এসময়ত বৰ্ষাৰণ্য ৰূপে পৰিচিত বনাঞ্চলখন সম্প্ৰতি ধ্বংসমুখী হৈ পৰিছে। বন বিভাগৰ সৈতে এটা অসাধু চক্ৰই গোপন মিতিৰালি কৰি বনাঞ্চলখনৰ ভিতৰত থকা বহু মূল্যৱান গছ-গছনি কাটি তহিলং কৰাৰ উপৰি বনাঞ্চলখনত চাহ বাগিচা গঢ়ি তুলিছে।
আনহাতে, বনাঞ্চলখনৰ ভিতৰত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে খাৰুৱা তেলৰ খনন আৰু উত্পাদনৰ বাবে বহুকেইটা তেল খাদ আৰু জি জি এছ স্থাপন কৰিবৰ বাবে বনাঞ্চলখনৰ মূল্যৱান গছ-গছনি কাটি বনাঞ্চলখন বিধ্বস্ত কৰি পেলাইছে। উল্লেখযোগ্য যে, পূৰ্বে বনাঞ্চলখনত থকা নাহৰ, বনচোম, শিঙৰি, তিতাচপা, হোলোং, আজাৰ, লালি আদি প্ৰকাণ্ড প্ৰকাণ্ড গছ-গছনিসমূহৰ মূঢ়াবোৰহে দেখিবলৈ পোৱা যায়। বনাঞ্চলখনত অব্যাহত থকা বনধ্বংস তথা তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডে বনাঞ্চলখনৰ অভ্যন্তৰ ভাগত অব্যাহত ৰখা খাৰুৱা তেলৰ খনন আৰু উত্পাদনৰ বাবে বনাঞ্চলখনৰ শান্ত পৰিৱেশ বিনষ্ট হোৱাৰ ফলত বনাঞ্চলখনত থকা সোণালী বান্দৰ, শহা পহু, বাঘ, ধনেশ পখী, অজগৰ, বিভ‌িন্ন প্ৰজাতিৰ পহু ক্ৰমে লুপ্তপ্ৰায় হৈ পৰিছে। চৰাইদেউ জিলাত অৱস্হিত বনাঞ্চলসমূহৰ ভিতৰত অন্যতন চলা সংৰক্ষিত বনাঞ্চলখন ধ্বংস হোৱাৰ পৰা ৰক্ষা কৰিবলৈ প্ৰকৃতিপ্ৰেমী আৰু সচেতন ৰাইজে চৰকাৰক দাবী জনাইছে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon