Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 11:18 am

Home » Regional » মৰিগাঁৱত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

মৰিগাঁৱত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ


মৰিগাঁও : এন আৰ চি ক লৈ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা প্ৰৰোচনামূলক মন্তব্যক লৈ প্ৰতিবাদ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ। অসমত অসামৰিক গৃহযুদ্ধৰ সূচনা হোৱা বুলি মন্তব্য কৰাৰ প্ৰতিবাদত মমতা বেনাৰ্জীয়ে সাম্প্ৰদায়িক উত্তেজনা বিয়পাই অসম জ্বলোৱাৰ যি অভিসন্ধি ৰচিছে তাৰ প্ৰতিবাদত মৰিগাঁও চহৰখনৰ মাজ মজিয়াত জিলা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ আঞ্চলিক সমিতিৰ উদ্যোগত লগতে আলফা শ্বহীদ ঐকমঞ্চ আৰু খিলঞ্জীয়া সুৰক্ষা সমিতিৰ সহযোগত মমতা বেনাৰ্জীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীৰ জৰিয়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও সদৰ আঞ্চলিক সমিতিয়ে মমতা বেনাৰ্জীক সকীয়াই দি কয় যে অসমৰ বিষয়ে মন্তব্য কৰাৰ আগত অসমৰ ইতিহাস সম্পৰ্কে জ্ঞান লওঁক আৰু অসম বিৰুধি মন্তব্য কৰা বাবে অসমবাসীক ৰাজহুৱা ক্ষমা বিচাৰৰ লগতে ভৱিষ্যতে পৰিস্থিতি বুজ নোলোৱাকৈ অসমৰ সমস্যাত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকক। অন্যথা অসমত মমতা বেনাৰ্জীক নিষিদ্ধ ঘোষণা কৰা হব।
উও কাৰ্যসূচীত ভাগ লয় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ললিত পাচনি,বিত্ত সম্পাদক দীপজ্যোতি বৈশ্য,জিলা কাৰ্যনিৰ্বাহক সদস্য মাধুৰ্য ময়ূৰ বৰা।মৰিগাঁও সদৰ আঞ্চলিকৰ সভাপতি প্ৰাৰ্থ প্ৰতিম গৌতম,সম্পাদক ললিত দাসৰ নেতৃত্বত লোৱা কাৰ্যসূচীত জিলা প্ৰাক্তন সম্পাদক মিন্টু কুমাৰ নাথ,সদৰ আঞ্চলিকৰ প্ৰমোদ হিৰা,প্ৰানজিৎ ঠাকুৰীয়া,সজল সূত্ৰধৰ,লাচিত ডেকা,সুৰে দাস,বিশ্ব ৰাজৰ্বৰ লগতে শতাধিক নেতা কৰ্মীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon