Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 9:57 pm

Home » Regional » শিলচৰৰ কুম্ভীৰগ্রাম বিমান বন্দৰত আটকাধীন মমতা বেনাৰ্জীৰ দূত

শিলচৰৰ কুম্ভীৰগ্রাম বিমান বন্দৰত আটকাধীন মমতা বেনাৰ্জীৰ দূত



গুৱাহাটী : পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীৰ দূত হিচাপে অসমলৈ অহা তৃণমূল সাংসদৰ প্রতিনিধি দলক আজি শিলচৰৰ কুম্ভীৰগ্রাম বিমান বন্দৰৰ ভিতৰতেই আটক কৰে কাছাৰ আৰক্ষীয়ে৷
আজি প্রতিনিধি দলটো নির্দিষ্ট সময়ত দিল্লীৰ পৰা বিমানযোগে শিলচৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত লাউঞ্জৰ পৰা তেওঁলোক ওলোৱাৰ পাছতেই আৰক্ষীয়ে বাহিৰলৈ ওলোৱাত বাধা আৰোপ কৰে৷ তেতিয়া আৰক্ষী আৰু প্রতিনিধি দলৰ মাজত টনা-আঁজোৰাৰ সৃষ্টি হয়৷ মন্ত্রী-সাংসদ-বিধায়কৰ দলটোৱে তেতিয়া আৰক্ষীক প্রশ্ন কৰে যে বিমানত অহা অইন যাত্রীসকলক বাহিৰলৈ যাব দিয়া হৈছে, কিন্তু তেওঁলোক কিয় যাব নোৱাৰিব?
তেতিয়া উপায়ুক্ত এছ লক্ষ্মণনে কয় যে পাঁচজনৰ বেছি লোক যাব নোৱাৰিব৷ তদুপৰি আৰক্ষীৰ ফালৰ পৰা তেওঁলোকে কোনো সভা সম্বোধন কৰিব নোৱাৰিব বুলি সকীয়াই দি আটক কৰি ৰাখে৷ উল্লেখযোগ্য যে এন আৰ চিৰ সম্পূর্ণ খচৰা প্রকাশৰ পাছত পৰিস্থিতিৰ বুজ ল’বলৈ শিলচৰত এখন সভাত অংশগ্রহণ কৰাৰ কথা আছিল তৃণমূল কংগ্রেছৰ দলটোৰ৷ কিন্তু তেওঁলোক শিলচৰলৈ আহিলে আইন-শৃংখলা পৰিস্থিতিৰ অৱনতি হ’ব পাৰে বুলি স্পষ্ট হোৱাত প্রশাসনে বিমান বন্দৰৰ পৰাই দলটোক ওভতাই পঠোৱাৰ যো-জা চলায়৷
তদুপৰি শিলচৰৰ ৰাজীৱ ভৱনত যি সভা অনুষ্ঠিত হোৱাৰ কথা আছিল উক্ত সভাৰ অনুমতি বাতিল কৰে কাছাৰ জিলা প্রশাসনে৷ বৰাক তথা শিলচৰৰ আইন-শৃংখলা নিয়ন্ত্রণত ৰাখিবলৈ কালিৰে পৰাই শিলচৰত বাহৰ পাতিছে অসম আৰক্ষীৰ উপ-মহাপৰিদর্শক মুকেশ আগৰৱালাই৷ তেওঁ শিলচৰত উপস্থিত হৈ আৰক্ষীৰ দক্ষিণ অসমৰ ডি আই জি উপাধ্যায়, উপাযুক্ত ডাঃ এছ লক্ষ্মণন, আৰক্ষী অধীক্ষক ৰাকেশ ৰৌছনসহ আন আৰক্ষী বিষয়া, চি আৰ পি এফ আৰু সেনা বাহিনীৰ বিষয়াৰ সৈতে আলোচনা কৰে৷
ইয়াৰ পাছতেই যোৱা ৰাতি উপায়ুক্তই কাছাৰ জিলাত ১৪৪ ধাৰা জাৰি কৰে৷ জানিব পৰা মতে, এন আৰ চিৰ সম্পূর্ণ খচৰাৰ পৰা ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পৰৱর্তী সময়ত পশ্চিম বংগৰ মুখ্যমন্ত্রী মমতা বেনার্জীয়ে অসমত বাঙালী লোকৰ নাগৰিকত্ব হৰণ কৰাৰ লগতে গৃহযুদ্ধৰ সৃষ্টি হ’ব বুলি অপপ্রচাৰ চলায়৷ এই বিষয়টো লৈ তৃণমূলৰ সাংসদে ৰাজ্য সভাতো তোলপাৰ লগায়৷ ইপিনে আজি সাংসদ প্রতিনিধি দলৰ উপস্থিতিত আইন-শৃংখলাৰ অৱনতি হ’ব পাৰে বুলি বিমান বন্দৰৰ চৌপাশৰ সংলগ্ন অঞ্চলটোত নিৰাপত্তা কঠোৰ কৰা হয়৷
আৰক্ষী, চি আৰ পি এফ ৰেপিড একশ্যন ফ’র্চ মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হয়৷ তদুপৰি পুৱাৰে পৰাই শিলচৰ চহৰৰ মূল পথত ৰেপিড একশ্যন ফ’র্চে ফ্লেগমার্চ কৰে৷ উল্লেখযোগ্য যে পশ্চিম বংগ চৰকাৰৰ মন্ত্রী ফিৰাদ হেকিমৰ নেতৃত্বত ছগৰাকী সাংসদ যথাক্রমে সুখেন্দু শেখৰ ৰয়, নাদিম উল হক, অর্পিতা ঘোষ, মমতা বালা ঠাকুৰ, ডাঃ ৰত্না দে’ নাগ, ডাঃ কাকলী ঘোষ দস্তিদাৰ আৰু এগৰাকী বিধায়ক মহুয়া মৈত্রীসহ আঠজনীয়া দলটো দুপৰীয়া দুই বজাৰ বিমানযোগে শিলচৰৰ কুম্ভীৰগ্রাম বিমান বন্দৰত উপস্থিত হয় যদিও প্রশাসনে তেওঁলোকক আটক কৰাৰ ফলত তেওঁলোকে ভিতৰতেই অৱস্থান ধর্মঘট কৰে৷
ইপিনে তৃণমূলৰ দলটোক আদৰণি জনাবলৈ কেইবাটাও দল-সংগঠন বিমান বন্দৰত উপস্থিত হয় যদিও আৰক্ষীয়ে তেওঁলোকক বাধা দিয়ে৷ আটকাধীন অৱস্থাত পশ্চিম বংগৰ সাংসদ কাকলী ঘোষ দস্তিদাৰে কয় যে আৰক্ষীয়ে তেওঁলোকক হাৰাশাস্তি কৰিছে৷ হাতত ধৰি টনাটনি কৰা হৈছে আৰু ম’বাইল কাঢ়ি লোৱা হৈছে৷ মাৰপিট কৰা হৈছে বুলিও অভিযোগ কৰে মহিলা সাংসদগৰাকীয়ে৷
ইপিনে তৃণমূলৰ দলটোক বিমান বন্দৰৰ ভিতৰত আটক কৰাৰ ঘটনাক তীব্র গৰিহণা দিছে শিলচৰৰ নাগৰিক সুৰক্ষা সমন্বয় সমিতি আৰু উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই৷ পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত অভিযোগ কৰে যে সর্বানন্দ সোণোৱাল চৰকাৰৰ হেঁচাত দলটোক আটক কৰা হৈছে৷ জানিব পৰামতে দলটোক আজি নিশা বিমানবন্দৰতে ৰখা হ’ব আৰু কাইলৈ তেওঁলোকক আৰক্ষীয়ে কলকাতালৈ ঘূৰাই পঠাব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon