Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 11:03 am

Home » Regional » ফেচবুকত সক্রিয় এদল যুৱক-যুৱতীৰ অনন্য প্ৰচেষ্টা : গুৱাহাটীত এনআৰচি সন্দৰ্ভত সজাগতা কর্মশালা

ফেচবুকত সক্রিয় এদল যুৱক-যুৱতীৰ অনন্য প্ৰচেষ্টা : গুৱাহাটীত এনআৰচি সন্দৰ্ভত সজাগতা কর্মশালা

গুৱাহাটী : এনআৰচিৰ চূড়ান্ত খচৰা তালিকাৰ পৰা চল্লিশ লক্ষ্যাধিক লােক বাদ পৰাক লৈ বিভিন্ন মহলত ইতিমধ্যে এক বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে। কিয়নাে এই বাদ পৰা লােকৰ ভিতৰত বহুতাে প্রকৃত ভাৰতীয় নাগৰিকৰ নামাে সন্নিৱিষ্ট হৈছে। বাদ পৰা প্রকৃত ভাৰতীয় নাগৰিকক সহায় কৰা উদ্দেশ্যে সামাজিক মাধ্যম ফেচবুকত সক্রিয় ভাবে জৰিত থকা এদল যুৱক-যুৱতীয়ে দেওবাৰে গুৱাহাটী লখৰাস্থিত এনইএফ কলেজ প্রেক্ষাগৃহ এক এনআৰচি সন্দৰ্ভত সজাগতাও কর্মশালা অনুষ্ঠানত মিলিত হয়।
সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে আহ্বান কৰা অনুষ্ঠানটোত অসমৰ বিভিন্ন প্রান্তৰ পৰা শতাধিক সচেতন যুৱক-যুৱতীৰ লগতে বহুতাে সচেতন নাগৰিকে অংশ গ্রহণ কৰে। সজাগতা ও কর্মশালা অনুষ্ঠানটো সঞ্চালনা কৰে সাজাহান আলী আহমেদে আৰু উদ্দেশ্য ব্যাখ্যা কৰে মােছাবিৰুল হকে।
অনুষ্ঠানত বর্তমান ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা প্রকৃত ভাৰতীয় নাগৰিক সকলক দাবী-আপত্তি আৰু শুধৰণি প্রক্রিয়া সঠিক পদক্ষেপ গ্রহণ কৰাৰ ক্ষেত্ৰত সহায় কৰা বাবে আলােচনা কৰি সৰ্বমুঠ ন টা প্রস্তাৱ গ্ৰহণ কৰে। প্ৰস্তাৱ সমূহৰ ভিতৰত দাবী-আপত্তি আৰু শুধৰণিৰ সময় বৃদ্ধি কৰা, প্রয়ােজনীয় নথি-পত্র সংগ্রহত ভূক্তভােগীয়ে সহায় কৰা, নথি-পত্র দ্রুত গতিত ভেৰিফিকেশন কৰা, নাম শুদ্ধকৈ দিয়া, ৭ দিনৰ ভিতৰত নথি যােগানৰ ব্যৱস্থা কৰা, লিগেচী পুণৰ ইণ্টাৰনেটত পােৱাৰ ব্যৱস্থা কৰিব লাগে, সীমান্ত আৰক্ষীয়ে যধে-মধে সন্দেহ কৰা বন্ধ কৰিব লাগে,নতুনকৈ আবেদনৰ বাবে দিয়া পত্ৰ ইংৰাজী আৰু অসমীয়া দুয়ােটা ভাষাতে হ’ব লাগে আৰু শ্বহীদ পৰিয়ালৰ নাম বাদ পৰা সকলক সহায় কৰাটো অন্যতম।
এই গুৰুত্বপূৰ্ণ সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকি দিহা-পৰামৰ্শ আগবঢ়ায় ইমৰান হুছেইন খন্দকাৰ, গণ অধিকাৰ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আমানৱাদুদ আৰু অন্যান্য।
জাতীয় সংগীত ‘অ’ মােৰ আপােনাৰ দেশ’ ৰে আৰম্ভ হােৱা সভাত শলাগৰ শৰাই আগবঢ়াশাকিল আহমেদ। সভাত সকলােৱে বিভেদৰ বিৰুদ্ধে ঐক্যৱদ্ধ হােৱাৰ লগতে যিকোনাে মূল্যৰ বিনিময়ত এখন বিদেশীমুক্ত শুদ্ধ এনআৰচি প্রস্তুতত চৰকাৰ আৰু এনআৰচি কর্তৃপক্ষক সকলােধৰণৰ সহায়-সহযােগিতা আগবঢ়াব বুলি মত পােষণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon