Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 6:47 pm

Home » Regional » ভাৰতীয় হ’ল নেকি বহু বাংলাদেশী?

ভাৰতীয় হ’ল নেকি বহু বাংলাদেশী?



গুৱাহাটীঃ বহু প্রত্যাশিত এন আৰ চিৰ চূড়ান্ত খচৰা প্রকাশ পালেও ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণৰ মনৰ পৰা আঁতৰি যোৱা নাই সংশয় আৰু দুশ্চিন্তা৷ বৰঞ্চ চূড়ান্ত খচৰা তালিকাত ৰৈ যোৱা ভয়ংকৰ ভুল-ত্রুটীয়ে অসমীয়াৰ আশংকা অধিক ঘনীভূত কৰিছে৷

বিশেষকৈ বাংলাদেশী  অধ্যুষিত জিলাসমূহত খচৰা তালিকাৰ পৰা বাদ পৰা লোকৰ সংখ্যা তেনেই তাকৰ হোৱাত, উচচ ন্যায়ালয়ে বিদেশী বুলি চিহিুত কৰা লোকৰ নাম তালিকাত অন্তৰ্ভূক্ত হোৱাত আৰু লাখ লাখ ভূমিপুত্রৰ নাম নিৰুদ্দেশ হোৱাত এন আৰ চিক লৈ এতিয়া বিভিন্ন প্রশ্নৰ উদয় হৈছে৷ জাতি ৰক্ষাৰ কৱচ হোৱাৰ বিপৰীতে এন আৰ চিখন খিলঞ্জীয়া ৰাইজৰ বাবে অভিশাপ হ’ব নেকি?
খচৰা তালিকা প্রকাশৰ পাছত ৰাজহুৱা হোৱা বিভিন্ন তথ্য, বিশ্লেষণাত্মক অধ্যয়নে ৰাজ্যৰ খিলঞ্জীয়া জনসাধাৰণক আশাহত কৰিছে৷ সংখ্যাগতভাৱে তালিকাত ৪০ লাখৰ নাম নোহোৱা বিষয়টোৱে অসমীয়াক সাময়িকভাৱে আশ্বস্ত কৰিলেও লাহে লাহে উন্মোচিত হৈছে সত্য৷ কিয়নো নাম কর্তন হোৱা ৪০ লাখৰ ভিতৰত আছে কেইবালাখ খিলঞ্জীয়া লোক৷ ইফালে ৰাজ্যৰ যিকেইখন জিলা বাংলাদেশী প্রব্রজনকাৰীৰ আশ্রয়স্থল বুলি চর্চিত হৈ আহিছিল,সেইকেইখন জিলাত এন আৰ চিৰ খচৰা তালিকাত বাদ পৰাৰ সংখ্যা কম৷
অসম-বাংলাদেশ সীমান্তৱর্তী ধুবুৰী জিলাত এন আৰ চিৰ বাবে আৱেদন কৰাসকলৰ মাজৰ পৰা মাত্র ৮.৪ শতাংশহে বাদ পৰিছে৷ যি পৰিমাণ বিদেশীৰ কোনো সমস্যা নথকা চৰাইদেউ কিম্বা তিনিচুকীয়া জিলাতকৈও কম৷ সেইদৰে বৰাক উপত্যকাৰ বাংলাদেশ সীমান্তৱর্তী কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাতো খচৰা তালিকাৰ পৰা কর্তন হোৱা লোকৰ সংখ্যা কম৷
কৰিমগঞ্জত ৮.৪৭ শতাংশ আৰু হাইলাকান্দিত ৮.৯৬ শতাংশ লোকৰ নাম বাদ পৰিছে৷ ইফালে বাংলাদেশী  অধ্যুষিত জিলা বুলি পৰিচিত নগাঁও জিলাক বাদ দি বৰপেটা, মৰিগাঁও, গোৱালপাৰা, বিশ্বনাথ জিলাত অতি কম সংখ্যক লোকৰ নাম খচৰা তালিকাৰ পৰা কর্তন হোৱাত এই কথা স্পষ্ট হৈ পৰিছে যে বিভিন্ন ছল-চাতুৰি আৰু তথ্য-পাতিৰে অধিক সংখ্যক সন্দেহযুক্ত বাংলাদেশী ভাৰতীয় হৈ পৰিল৷
বৰপেটা জিলাত আৱেদন কৰা ১৯,২৭,৬৬০জনৰ ভিতৰত ২ লাখ ৬৯ হাজাৰ জনৰ নাম বাদ পৰিছে৷ অর্থাৎ, জিলাখনৰ ২০ লাখ আৱেদনকাৰীৰ মাজৰ পৰা মাত্র আঢ়ৈ লাখহে বাদ পৰিল৷ শতকৰা হিচাপত মাত্র ১৪ শতাংশ৷ ইফালে মৰিগাঁও জিলাত ১৪.৯৭ শতাংশ, বিশ্বনাথত ১৪ শতাংশ আৰু গোৱালপাৰাত মাত্র ১২ শতাংশৰহে নাম চূড়ান্ত খচৰা তালিকাৰ পৰা বাদ পৰিছে৷
মৰিগাঁৱত ৩৯টাকৈ বিদেশী পৰিয়ালৰ নাম তালিকাভুক্ত হোৱাটোৱে এন আৰ চি উন্নীতকৰণত সংঘটিত ভয়ংকৰ বিসংগতি আৰু অনিয়ম উদঙাই দিছে৷ যদিহে এই প্রক্রিয়াটোত জড়িত বিষয়া-কর্মচাৰীসকলে এনে দায়িত্বজ্ঞানহীনভাৱে বিদেশীৰ নাম তালিকাভুক্ত কৰিছে বা বংশবৃক্ষৰ সময়ত ৰৈ যোৱা সুৰুঙাইদি লাখ লাখ বিদেশীয়ে নাম সুমুৱাবলৈ বাধ্য হৈছে তেন্তে এন আৰ চিখন জাতীয় দলিল নহৈ বিদেশীক স্বদেশী সজোৱাৰ প্রক্রিয়াহে হ’বগৈ৷ চূড়ান্ত খচৰা প্রকাশৰ পূর্বে এতিয়া এইবোৰ বিষয় চর্চাৰ কেন্দ্র হৈ পৰিছে৷
আনহাতে, ভূমিপুত্রৰ নাম ব্যাপক হাৰত বাদ পৰাটো দুশ্চিন্তাৰ কাৰণ হৈছে৷ তিনি পার্বত্য জিলা ক্রমে ডিমা হাছাও, কার্বি আংলং আৰু পশ্চিম কার্বি আংলঙত ১,৫৩,৯৭৪জনৰ নাম খচৰা তালিকাৰ পৰা বাদ পৰিছে৷ এইকেইখন জিলাত বিদেশীৰ আগ্রাসন শূন্য৷ অর্থাৎ, তালিকাভুক্ত নোহোৱা এই ডেৰ লক্ষাধিক লোক জনজাতীয় লোক৷
সেইদৰে জনজাতীয়  অধ্যুষিত জিলা বঙাইগাঁৱত ২২.৭৮ শতাংশ, ওদালগুৰিত ১৪.৫২ শতাংশ, বাক্সাত ১৫.৪৬ শতাংশ লোকৰ নাম কর্তন হৈছে৷ বাংলাদেশী অধ্যুষিত জিলাকেইখনৰ বিপৰীতে খিলঞ্জীয়া  অধ্যুষিত জিলাত অধিক সংখ্যক লোকৰ নাম বাদ পৰাটোৱে এতিয়া এন আৰ চিৰ ফল অন্য হোৱাৰহে ইংগিত বহন কৰিছে৷
খচৰা তালিকাৰ পৰা বাদ পৰা ৪০ লাখৰ ভিতৰত ৩ লাখ আছে বহিঃৰাজ্যৰ ভাৰতীয়৷ তালিকাভুক্ত নোহোৱা খিলঞ্জীয়া আৰু বহিঃৰাজ্যৰ ভাৰতীয়ৰ সংখ্যা প্রায় ৭ লাখ হ’ব৷ তেনেক্ষেত্রত এন আৰ চিৰ পৰা নাম কর্তন হোৱা আৱেদনকাৰীৰ সৰহ সংখ্যক বিদেশী বুলি ভাবিলেও যেন ভুল হ’ব৷ এই প্রশ্ন এতিয়া স্বাভাৱিকতেই উত্থাপন হৈছে– চূড়ান্ত তালিকাত কিমান সংখ্যকৰ নাম বাদ পৰিব? খচৰাৰ ৪০ লাখ নিম্নগামী হৈ যদিহে চূড়ান্ত তালিকাত ২০-২৫ লাখত বিদেশীৰ সংখ্যা আবদ্ধ হয় তেন্তে এন আৰ চিয়ে জাতিটো ৰক্ষা কৰিলে বুলি অসমীয়াই ক’ব পাৰিবনে?

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon