Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 5:58 pm

Home » Regional » চিনাক্ত বাংলাদেশী বাংলাদেশলৈ আহিলে অর্থনীতিত নেতিবাচক প্রভাৱ পৰিব

চিনাক্ত বাংলাদেশী বাংলাদেশলৈ আহিলে অর্থনীতিত নেতিবাচক প্রভাৱ পৰিব


ৱেব সংবাদঃ এন আৰ চিৰ খচৰাত প্রায় ৪০ লাখ লোকৰ নাম বাদ পৰাৰ পাছত বিষয়টোক লৈ উচটনিমূলক মন্তব্য কৰা আৰম্ভ কৰিছে চুবুৰীয়া ৰাষ্ট্র বাংলাদেশৰ একাংশ বুদ্ধিজীৱীয়ে৷ এন আৰ চিৰ সম্পূর্ণ খচৰাৰ পৰা বাদ পৰা লোকসকলৰ সন্দর্ভত চৰকাৰে কি স্থিতি গ্রহণ কৰে, সেই সন্দর্ভত সিদ্ধান্ত গ্রহণৰ বাবে এতিয়াও বহু বাকী যদিও এইক্ষেত্রত বাংলাদেশ প্রশাসন বা বাংলাদেশৰ জনতাক সাৱধান হ’বলৈ আহবান জনাইছে দেশখনৰ একাংশ বুদ্ধিজীৱীয়ে৷

ম্যানমাৰৰ পৰা যোৱা ৰহিঙীয়াৰ সংখ্যাতকৈও অসমৰ পৰা বাংলাদেশলৈ যাব লগা লোকৰ সংখ্যা চাৰি গুণতকৈ অধিক হ’ব বুলি প্রচাৰ চলাই বাংলাদেশ প্রশাসন তথা ৰাইজক সজাগ হৈ থাকিবলৈ দেশখনৰ সংবাদ-পত্রৰ জৰিয়তে একাংশ বুদ্ধিজীৱীয়ে প্রচাৰ আৰম্ভ কৰিছে৷ বাংলাদেশীয়ে বাংলাদেশ এৰি অসমত প্রৱেশ কৰাৰ সময়ত নিমাতে থকা দেশখনৰ বুদ্ধিজীৱীয়ে এতিয়া অকস্মাৎ দেশখনৰ জনতাক সজাগ কৰিবলৈ উঠি-পৰি লাগিছে৷
অসমত চিনাক্ত হোৱা বাংলাদেশীসকল গ্রহণ কৰিব লাগিলে দেশখনৰ অর্থনীতিত নেতিবাচক প্রভাৱ পৰিব বুলি প্রচাৰ চলাইছে৷ সেইদৰে নিৰাপত্তা আৰু সামগ্রিকভাৱে দেশখনৰ পৰিস্থিতি সলনি হৈ পৰিব বুলিও প্রচাৰ চলাইছে৷ বাংলাদেশৰ পৰা প্রকাশিত ‘দৈনিক ইনকিলাব’ নামৰ বাতৰি কাকতখনে প্রকাশ কৰা অনুসৰি ৰহিঙীয়াৰ প্রৱেশৰ পাছত দেশখনৰ নিৰাপত্তা, অর্থনৈতিক পৰিস্থিতিৰ মাৰাত্মক ক্ষতি হৈছে৷ এনে সময়ত যদি অসমত নাগৰিকত্বৰ পৰা বঞ্চিত হোৱাসকল বাংলাদেশলৈ যাব লগা হয় তেন্তে আর্থিক পৰিস্থিতিৰ লগত মোকাবিলা কৰা অসম্ভৱ বুলি কাকতখনৰ জৰিয়তে দেশখনৰ জনতাৰ মাজত প্রচাৰ চলোৱা হৈছে৷ ইয়াক লৈ জনতাক সাৱধান হ’বলৈও কোৱা হৈছে৷
কিন্তু গুৰুত্বপূর্ণ কথাটো এয়ে যে অসমত এন আৰ চিৰ পৰা বাদ পৰা লোকসকল বাংলাদেশী নহয় বুলি বাংলাদেশৰ বুদ্ধিজীৱীয়ে দাবী কৰিব পৰা নাই৷ মাথোঁ উগ্র হিন্দুত্ববাদৰ কথা কৈ মুছলমানক এন আৰ চিৰ পৰা বাদ দিয়াৰ কথা কৈছে৷ ‘আছামেৰ নাগৰিকত্বৰ পৰা বঞ্চিত মুছলমানেৰ কি হ’বে’ বুলি প্রচাৰ চলোৱা হৈছে৷ উল্লেখযোগ্য যে অসমত মুছলমান বুলি কোনো লোকক এন আৰ চিত নাম অন্তর্ভুক্তিৰ পৰা বঞ্চিত কৰা হোৱা নাই৷
যিসকল লোকে নির্ধাৰিত নথি-পত্র দাখিল কৰিব পৰা নাই, তেনে লোকৰ নামহে বাদ দিয়া হৈছে৷ এইক্ষেত্রত হিন্দু-মুছলমান বুলি কোনো কথা নাই৷ কাৰণ বহু হিন্দু লোকৰ নাম এন আৰ চিত সোমোৱা নাই৷ সেয়ে বাংলাদেশে কেৱল মুছলমানৰ নাম এন আৰ চিত নোসোমোৱা বুলি চলোৱা প্রচাৰ মিথ্যাচাৰ আৰ উচটনিৰ বাহিৰে একো নহয়৷ গুৰুত্বপূর্ণ কথাটো এয়ে যে ৩০ জুলাইত এন আৰ চিৰ সম্পূর্ণ খচৰা প্রকাশৰ পাছৰ পৰাই দেশখনৰ সংবাদ মাধ্যমসমূহৰ জৰিয়তে অপপ্রচাৰ চলোৱা হৈছিল৷ অসমত চিনাক্ত হোৱা বিদেশী নাগৰিকসকল বাংলাদেশৰ পৰা অবৈধভাৱে প্রৱেশ কৰাৰ কথা স্বীকাৰ নকৰি কেৱল মুছলমানসকলৰ নাম এন আৰ চিত অন্তৰ্ভূক্ত নোহোৱা বুলি প্রচাৰ কৰা হৈছিল৷ এতিয়া ইয়াক লৈ বাংলাদেশৰ জনতাক সজাগ হ’বলৈ একাংশ বুদ্ধিজীৱীয়ে জনোৱা আহবানকদেশখনৰ চৰকাৰে কি হিচাপে গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon