Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 1:12 am

Home » Regional » ২০১৫ চনৰ পাছৰ নথিও গ্রহণৰ দাবী

২০১৫ চনৰ পাছৰ নথিও গ্রহণৰ দাবী


গুৱাহাটী : বিসংগতিপূর্ণ চূড়ান্ত খচৰা তালিকাক লৈ খিলঞ্জীয়া জনসাধাৰণৰ তীব্র অসন্তুষ্টি, ক্ষোভৰ মূল্য এতিয়া কোনে দিব৷ বিগত প্রায় ৫ বছৰৰ নিৰৱচিছন্ন প্রচেষ্টা আৰু পৰিশ্রমৰ পাছতো, কেইবাটাও পর্যায়ত হোৱা পানী নসৰকা নিৰীক্ষণৰ পাছতো ত্রুটীপূর্ণ চূড়ান্ত খচৰা প্রকাশ কৰি খিলঞ্জীয়া জনসাধাৰণক আশাহত কৰা এন আৰ চি কর্তৃপক্ষৰ কাম-কাজক লৈও প্রশ্ন উত্থাপন হৈছে৷
অসমীয়া জাতি আশ্বস্ত হ’ব পৰাকৈ বহু প্রতীক্ষিত চূড়ান্ত খচৰাখন প্রকাশৰ পাছত জাতীয় দল-সংগঠন যি সময়ত নির্বিকাৰ হৈ আছে সেই সময়তে বাংলাদেশী মুছলমানৰ হৈ ওকালতি কৰি অহা একাংশ সংগঠনে বাদ পৰা শেষৰজন বিদেশীকো তালিকাভুক্ত কৰিবলৈ সর্বতোপ্রকাৰে চেষ্টা চলাইছে৷
ফলত বাংলাদেশীৰে পৰিপূর্ণ এখন এন আৰ চিহে অসম আন্দোলনৰ উপহাৰ হিচাপে লাভ কৰিব অসমীয়া জাতিয়ে৷ চূড়ান্ত খচৰাত লাখ লাখ বিদেশীৰ নাম অন্তর্ভুক্ত আৰু ভূমিপুত্রৰ নাম বাদ পৰাৰ পাছতো জাতীয় দল-সংগঠন, বৌদ্ধিক আৰু সচেতন মহলৰ নির্লিপ্ততাই অশনি সংকেত কঢ়িয়াইছে৷ ইয়াৰ বিপৰীতে চূড়ান্ত খচৰা তালিকাত বাদ পৰা চিনাক্ত বিদেশী আৰু পৰিয়ালৰ সদস্য, ডি ভোটাৰসকলক যিকোনো উপায়েৰে দাবী আৰু আপত্তিৰ গইনাৰে এন আৰ চিৰ মূল তালিকাত অন্তর্ভুক্ত কৰিবলৈ উঠি-পৰি লাগিছে৷
দাবী আৰু আপত্তিৰ প্রক্রিয়া আৰম্ভ হোৱাৰ পূর্বে জমিয়ত আৰু আমছুৱে এন আৰ চি কর্তৃপক্ষৰ ওচৰত কেইটামান অদ্ভুত চর্ত আৰোপ কৰিছে৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাক অর্পণ কৰা পত্রত আমছু আৰু জমিয়তে দাবী আৰু আপত্তিৰ সময়ত সংযোগী নথিসমূহ ২০১৫ চনৰ পাছত জাৰি হোৱা নথিও গ্রহণৰ দাবী জনাইছে৷ নাগৰিকত্ব আইন ১৯৫৫ ধাৰা (৩) মতে জন্মসূত্রে ভাৰতীয় মানুহৰ নাম এন আৰ চিত অন্তর্ভুক্তিৰ দাবী জনাই একপ্রকাৰ সকলো বিদেশীক বিনাচর্তে স্বদেশী সজাবলৈ আমছু আৰু জমিয়ত উঠি-পৰি লাগিছে৷
আনহাতে, বংশবৃক্ষৰ মিল থকা পৰিয়ালসমূহৰ সদস্যৰ নাম এন আৰ চিত পোনপটীয়াকৈ সোমাব লাগে বুলিও এই সংগঠন দুটাই দাবী জনাইছে৷ এন আৰ চি উন্নীতকৰণৰ প্রয়োজনীয়তা আৰু প্রাসংগিকতাকে নস্যাৎ কৰি আমছু, জমিয়তৰ দৰে সংগঠনৰ দেখদেখকৈ বাংলাদেশী মুছলমানৰ সপক্ষত প্রদর্শন কৰা তৎপৰতাই তাৎপর্য বহন কৰিছে৷
বিগত সময়ত খিলঞ্জীয়াৰ স্বার্থৰ পৰিপন্থী স্থিতি গ্রহণ কৰি কেৱল ধর্মীয় দৃষ্টিকোণেৰে বিদেশীক স্বদেশী সজাবলৈ আপ্রাণ চেষ্টা অব্যাহত ৰখা এনে প্রতিক্রিয়াশীল সংগঠনসমূহ চূড়ান্ত খচৰা তালিকাখনক লৈ বিশেষ ওজৰ-আপত্তি নকৰাটোও মন কৰিবলগীয়া৷ এতিয়া ৪০ লাখৰ মাজত বাদ পৰি যোৱা সন্দেহযুক্ত বাংলাদেশী মুছলমানসকলক মূল তালিকাত স্থান দিবলৈ দাবী আৰু আপত্তিৰ ক্ষেত্রত চর্ত আৰোপ কৰিবলৈও পিছপৰি থকা না
অথচ খচৰা তালিকাত নাম কর্তন হোৱা খিলঞ্জীয়া লোকক বিনাচর্তে মূল তালিকাত স্থান দিব লাগে বুলি কোনো এটা জাতীয় আৰু জনজাতীয় সংগঠনে দাবী কৰা নাই৷ কেৱল এন আৰ চি কর্তৃপক্ষৰ ওচৰত দাবী জনোৱাতেই প্রতিক্রিয়াশীল চক্র ক্ষান্ত থকা নাই৷ প্রকৃত ভাৰতীয়ক আইনী সাহায্য দিয়াৰ অজুহাতত উচচতম ন্যায়ালয়ত ইতিমধ্যে এই চক্রটোৱে আইনী যুঁজ আৰম্ভ কৰিছে৷
লক্ষণীয় বিষয়টো হ’ল কংগ্রেছৰ জ্যেষ্ঠ নেতা তথা উচচতম ন্যায়ালয়ৰ অধিবক্তা কপিল ছিবাল আৰু ছলমান খুর্শ্বিদে আমছু, জমিয়তক সম্পূর্ণ সহযোগিতা আগবঢ়াইছে৷ ইফালে দাবী আৰু আপত্তিৰ প্র-পত্রখনক লৈ বিতর্কৰ সূচনা হৈছে৷ কিয়নো নমুনা প্র-পত্রখনত তালিকাভুক্ত হোৱা বিদেশীৰ বিৰুদ্ধে অভিযোগ দিয়া ব্যক্তিয়ে উপযুক্ত তথ্য প্রমাণ দিব নোৱাৰিলে ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি ওলোটাই শাস্তিৰ সন্মুখীন হ’ব৷
অভিযোগকাৰীক ৫ বছৰ পর্যন্ত জে’ল আৰু ৫০ হাজাৰ টকাৰ জৰিমনা বিহা হ’ব পাৰে৷ আনহাতে, আজিৰ পৰা দাবী আৰু আপত্তি সম্পর্কীয় প্র-পত্র বিতৰণৰ কথা আছিল যদিও ১০ আগষ্টৰ পৰাহে সেৱা কেন্দ্রসমূহত এই প্র-পত্র উপলব্ধ হ’ব বুলি জানিব পৰা গৈছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon