Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 11:30 am

Home » Regional » গোৱালপাৰাৰ কোঠাকুঠিত বাছ খাৱৈত পৰি নিহত ৬

গোৱালপাৰাৰ কোঠাকুঠিত বাছ খাৱৈত পৰি নিহত ৬

গোৱালপাৰা : গোৱালপাৰা জিলাৰ ধূপধৰা আৰক্ষী থানাৰ অন্তর্গত কোঠাকুঠিত কালি পুৱা এক পথ দুর্ঘটনাত ছয়গৰাকীৰ প্রাণহানি আৰু ৩১গৰাকী লোক গুৰুতৰভাৱে আহত হয় আৰু সকলোকে সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভর্তি কৰা হয়৷ ঘটনাৰ বিৱৰণী মতে, ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এ এছ ০১ বি চি ২৮৪৮ নম্বৰৰ যাত্রীবাহী বাছখনে তীব্র বেগেৰে কোঠাকুঠিত থকা ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ পকী দলং এখন পাৰ হৈ বিদ্যুতৰ খুঁটা এটাত প্রচণ্ড খুন্দা মাৰি পথৰ দাঁতিৰ দ খাৱৈ এটাত ছিটিকি পৰে৷
বাছখনৰ সোঁ ফালটো একেবাৰে ভাঙি-ছিঙি চূৰমাৰ হৈ যায়৷ পৰি যোৱা বাছখনৰ ভিতৰত থকা ৪৫গৰাকী যাত্রীৰ ৫গৰাকীৰ লগে লগে আৰু কিছু সময়ৰ পাছত চিকিৎসালয়লৈ নিবলৈ লওঁতেই মহিলা এগৰাকীৰ মৃত্যু হয়৷ বহু সময়লৈকে বাছখনৰ ভিতৰত বাকী যাত্রীসকলে মৃত্যুৰ সৈতে যুঁজি আর্তনাদ কৰি থকাৰ বিপৰীতে কেইবাজনো অজ্ঞান হৈ পৰে৷ পুৱা ৭-৩০ মান বজাত সংঘটিত ভয়াৱহ দুর্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলে বাছৰ ভিতৰৰ পৰা মুমুর্ষু অৱস্থাত থকা যাত্রীসকলক বচাবলৈ আপ্রাণ চেষ্টা কৰে৷
কিছু সময়ৰ পাছত ঘটনাস্থলীত কেইবাখনো মৃত্যুঞ্জয় ১০৮, আৰক্ষী আৰু সেনা বাহিনীৰ গাড়ীসহ প্রশাসনৰ লোক উপস্থিত হৈ যুদ্ধকালীনভাৱে উদ্ধাৰ অভিযান চলায়৷ আহত লোকসকলক বিকালী আদর্শ চিকিৎসালয় আৰু ৰংজুলি অসামৰিক চিকিৎসালয়লৈ অনা হয়৷ আহত ৩৯জনক পাছত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত ভর্তি কৰোৱা হয়৷ ইয়াৰ পাছতে সেনা, আৰক্ষী, প্রশাসনৰ লগতে উদ্ধাৰকাৰী দলৰ সহযোগত এখন ক্রেনেৰে বাছখন খাৱৈৰ পৰা উদ্ধাৰ কৰা হয়৷
প্রত্যক্ষদর্শীৰ মতে চালকে বাছখন ইমান তীব্রবেগত চলাইছিল যে নিয়ন্ত্রণ কৰিবলৈ সক্ষম নহ’ল৷ কেইবাগৰাকী অচেতন যাত্রীৰ হাত, মূৰ, মুখমণ্ডল, ভৰি ভাঙি-ছিঙি ৰাঙলী হৈ পৰিছিল৷ স্থানীয় লোকে যথাসাধ্যে উদ্ধাৰত নামি পৰিছিল৷ আৰক্ষী, সেনা আৰু উদ্ধাৰকাৰী দলেও বিভিন্ন কৌশল অৱলম্বন কৰিছিল৷ স্থানীয় লোকে কোৱা মতে উক্ত স্থানত কেইবাবাৰো দুর্ঘটনা সংঘটিত হৈছে৷ আজিৰ দুর্ঘটনাটোত আৰু কেইবাজনৰো প্রাণহানি হোৱাৰ আশংকা কৰা হৈছে৷ মৃত ৬গৰাকী দুর্ভগীয়া যাত্রীক গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হৈছে৷
নিহত দুর্ভগীয়া ব্যক্তিসকল হ’ল– মণ্টু শ্বেখ (৪৮) বিলাসীপাৰা, ৱার্ড নং ৭, আবিদা খাতুন (৬৫) আজাদনগৰ, কাজিপাৰা ২য় খণ্ড, চাপৰ়, চন্দন সাহা (৪৮) গৌৰীপুৰ, ৱার্ড নং ৩়, গোকুল চন্দ্র ৰয়, উত্তৰ শালমাৰা,অভয়াপুৰী়, আবুল হুছেইন মিঞা (৫৫), দুধনাথ সাহা, চাপৰ়, হাফিজুদ্দিন শ্বেখ (৩১), দালানেৰ আলগা, ২য় খণ্ড গৌৰীপুৰ৷ গোৱালপাৰা জিলাৰ ধূপধৰাত সংঘটিত বাছ দুর্ঘটনাত নিহতসকলৰ প্রতি মুখ্যমন্ত্রীৰ গভীৰ শোক প্রকাশ ঃ গোৱালপাৰা জিলাৰ ধূপধৰাৰ কোঠাকুঠিত আজি সংঘটিত শোকাৱহ বাছ দুর্ঘটনাত নিহতসকলৰ প্রতি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে গভীৰ শোক প্রকাশ কৰিছে৷
এক বিবৃতিৰ জৰিয়তে মুখ্যমন্ত্রীয়ে প্রকাশ কৰে যে এই শোকাৱহ দুর্ঘটনাত তেওঁ মর্মাহত৷ নিহত ব্যক্তিসকলৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰাৰ উপৰি তেওঁলোকৰ আত্মাৰ সদ৲গতিৰ বাবে ভগৱানৰ ওচৰত প্রার্থনা জনাইছে৷ আনহাতে মুখ্যমন্ত্রীয়ে এই দুর্ঘটনাত আহতসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ জিলা উপায়ুক্তক নির্দেশ দিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon