Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 2:55 pm

Home » Other » Economics » Business and trade » পেপছি কোম্পানীত অসমীয়া কর্মচাৰীক হাৰাশাস্তি

পেপছি কোম্পানীত অসমীয়া কর্মচাৰীক হাৰাশাস্তি

গুৱাহাটী : পুনৰ অসমতে বহিৰাগতৰ হাতত হাৰাশাস্তিৰ সন্মুখীন হ’ল অসমীয়া কর্মচাৰী৷ অলপতে গুৱাহাটীৰ গণেশগুৰিত এটা গাড়ীৰ শ্ব’ ৰূমত অসমীয়া কর্মচাৰীক অপমান কৰাৰ পাছত এইবাৰ তেনে এক ঘটনা সংঘটিত হ’ল ৰাণীস্থিত পেপছি বৰুণ বিভেৰাজেছ৲ এল টি ডিত৷ উল্লেখযোগ্য যে কোম্পানীটোত কর্মৰত অসমীয়া কর্মচাৰীক কর্তৃপক্ষই হাৰাশাস্তি কৰাৰ অভিযোগত আজি কোম্পানীটোৰ সন্মুখত একাংশ কর্মচাৰীয়ে প্রতিবাদ সাব্যস্ত কৰে৷
জানিব পৰা মতে, বিগত কেইবাবছৰ ধৰি কোম্পানীটোত ৱার্ড গার্ড হিচাপে কর্মৰত সমৰেন্দ্র দাস আৰু কর্মজ্যোতি কুমাৰ নামৰ কর্মচাৰী দুজনক হঠাৎ বদলিকৰণৰ সিদ্ধান্ত লৈছিল যদিও কর্মচাৰীসকলৰ প্রতিবাদৰ বাবে তেতিয়া বদলি কৰা নাছিল৷ উল্লেখযোগ্য যে ২০১৫ চনত কোম্পানীটোৰ সাধাৰণ বর্গৰ কর্মচাৰীসকলে নিজৰ প্রাপ্যৰ দাবীত ৰূপায়ণ কৰা ধর্ণা কার্যসূচীৰ পাছতে কর্তৃপক্ষই কর্মচাৰীসকলক দুর্বযৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে৷
তেতিয়াৰে পৰা বহুতো কর্মচাৰীয়ে মানসিক হাৰাশাস্তিৰ সন্মুখীন হৈ চাকৰি এৰে৷ আনহাতে যিসকল কর্মচাৰী বর্তমান কর্মৰত অৱস্থাত আছে, সেইসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছে৷ পৰিতাপৰ কথা যে কিছুদিন পূর্বে কোম্পানীটোৰ কর্তৃপক্ষই কোনো আগজাননী নিদিয়াকৈ সমৰেন্দ্র দাস আৰু কর্মজ্যোতিক দিল্লীলৈ বদলিকৰণৰ পত্র দিয়ে৷ যাৰ বাবে এনে সিদ্ধান্ত বাতিলকৰণৰ দাবীত কোম্পানীটোত কর্মৰত আন কর্মচাৰীসকলে আজি প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ যদি কর্তৃপক্ষই এনে সিদ্ধান্ত বাতিল নকৰে, তেনেহ’লে পৰৱর্তী সময়ত প্রতিবাদী কার্যসূচী অধিক সক্রিয় কৰাৰ লগতে ব্যৱস্থা গ্রহণৰ হুংকাৰ দিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon