Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 6:58 pm

Home » Regional » হাউলীত চোৰাং বাৰ্মীজ তামোল জব্দ

হাউলীত চোৰাং বাৰ্মীজ তামোল জব্দ

হাউলী : অসমৰ চুপাৰী নগৰী খ্যাত বৰপেটা জিলাৰ হাউলীত একাংশ চোৰাং ব্যৱসায়ীৰ অসৎ কৰ্মৰ ফলত ইয়াৰে থলুৱা তামোল ব্যৱসায়ী সকলে দুই-তিনি বছৰে লাভৰ মুখ দেখা দুৰৰে কথা অধিক লোকচান ভৰি ত্ৰাসি মধুসুদন শুৱৰীব লগীয়া হৈছে। বৃহত্তৰ হাউলী অঞ্চলৰ চুপাৰী উদ্যোগ বৰপেটা জিলাৰ গৌৰৱ কাৰণ এক বৃহৎ সংখ্যক লোকে সম্পূৰ্ণ নিজ প্ৰচেষ্টাৰে গঢ় দিয়া চূপাৰী উদ্যােগৰ জৰিয়তে সহস্ৰাধিক কৰ্মজিৱী পৰিয়াল ইয়াৰ ওপৰত নিৰ্ভৰশীল আৰু শিক্ষীত নিবনুৱা যুৱক সকলেও পৰমুখাপেক্ষী হোৱাৰ পৰিৱৰ্তে আত্মনিৰ্ভশীলতাৰ বাবে আত্মনিয়োগ কৰা উদ্যোগ বোৰত সিন্দি দি অসাধু চক্ৰৰ নায়ক ৰাজাঘাটৰ জনৈক ছিদ্দিক আলীৰ নেতৃত্বত হাউলীস্থ এছ, জি, এন্টাৰ প্ৰাইজৰ নামত ভুৱা চালানেৰে দীৰ্ঘদিন ধৰি ম্যানমাৰৰ তামোলৰ চোৰাং ব্যৱসায় চলাই আহিছে৷
 প্ৰাপ্ত তথ্য মতে নিজা প্ৰতিষ্ঠানৰ নামেৰে অসাধু চক্ৰই চোৰাংভাবে ব্যৱসায় চলাই থকাৰ উমান পাই হাউলীস্থ এছ,জি,এন্টাৰ প্ৰাইজৰ কৰ্মকৰ্তা সকলে মিজোৰাম আৰু শিলচৰৰ পৰা অহা এ এছ ০৯ এচি, ৪১৯৯ আৰু এ এছ ০১ এল চি ৭১৭৬ নম্বৰৰ ট্ৰাক দুখন বিজনী অভিমুখে গৈ থকা অৱস্থাত হাউলীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মানাস কণ্যা ধাবাৰ ওচৰত বৃহস্পতিবাৰে নিশা দুই বজাত জব্দ কৰে৷ শুক্ৰবাৰে সীমা শুল্ক (ইণ্ডিয়ান কাষ্টম) বিভাগৰ বিষয়া কৰ্মচাৰী সকলে ঘটনাস্থলীত উপস্থিত হৈ মুঠ ৫৩৯ বস্তা চোৰাং তামোল ভৰ্তি ট্ৰাক দুখন জব্দ কৰে |একাংশ চোৰাং ব্যৱসায়ীয়ে আৰক্ষী প্ৰশাসনৰ চকুত ধূলি মাৰি ম্যানমাৰৰ পৰা ট্ৰাকে ট্ৰাকে অনা অবৈধ তামোলেৰে নামনি অসমৰ বিভিন্ন বজাৰৰ লগতে হাউলীতো চোৰাংভাৱে ব্যৱসায় কৰি থকাৰ গুৰুতৰ অভিযোগ উঠিছে। ম্যানমাৰৰ পৰা চোৰাংভাৱে অহা তামোলৰ অবৈধ বেহা বন্ধ কৰাৰ লগতে চোৰাং ব্যৱসায়ী সকলক অচিৰেই নাকী লগাবলৈ থলুৱা তামোল ব্যৱসায়ী তথা সচেতন মহলে প্ৰশাসনৰ ওচৰত দাবী জনাইছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon