মাজুলীত এতিয়া চাৰিওফালে গ্রাস কৰিছে দুর্নীতিয়ে৷ শিলিখাগুৰিৰ পৰা ঔগুৰি বাঘপাম সংযোগী পথটো গত বর্ষৰ ১৪ অক্টোবৰতেই ভাৰত চৰকাৰৰ গ্রাম্য উন্নয়ন মন্ত্রণালয়ৰ বিত্তীয় অনুদানেৰে কাম আৰম্ভ হৈছিল৷ কিন্তু এই পথটোৰ নির্মাণ কার্য আৰম্ভ হোৱাৰ দিনৰ পৰাই ব্যাপক বিসংগতি সংঘটিত হৈ আহা অভিযোগ তুলিছে স্থানীয় ৰাইজে৷ পূর্বেও বহুবাৰ এই ঠিকাদাৰজনে নির্মাণ কৰি থকা পথ সমূহত অনিয়ম সংঘটিত হৈ অহাৰ বাতৰি সম্প্রচাৰ হৈ থকাৰ পিছতো দুর্নীতি ঢকাৰ চেষ্টা চলাই আহিছে৷ ঠিকাদাৰজনে ৩,৪৩,৩৭,১০০ টকা ব্যয়সাপেক্ষে নির্মাণ কৰি থকা ৩ . ৫২ কিল’মিটাৰ দৈর্ঘযৰ পথটোত বর্তমান ছেণ্ড গ্রেভেলৰ ওপৰত বালি পেলোৱাৰ পৰিৱর্তে বোকামাটি পেলোৱাক লৈ বর্তমান তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ পূর্বেও ভকতিদুৱাৰ, কঁঠালখোৱা, ভকতিদুৱাৰ কঠনীয়া সংযোগী পথ দুটা এই ঠিকাদাৰজনে অনিয়মেৰে নির্মাণ কৰাৰ ফলত নির্মীয়মাণ অৱস্থাতে কালভার্টৰ পকী বেৰাত ফাট মেলা, পথত ছাইডবান্ধ নিদিয়া, নির্মীয়মাণ অৱস্থাত পথ বহি যোৱা, ৱাল ভাগি পৰাকে ধৰি বিভিন্ন অনিয়মৰ প্রতিক্রিয়া মাৰ নৌযাওঁতেই পুনৰ শিলিখাগুৰিৰ পৰা ঔগুৰি বাঘপাম সংযোগী পথত সংঘটিত কৰিছে দুর্নীতি৷ মইমতালিৰে ৰাইজৰ সুবিধাৰ প্রতি পিঠি দি ঠিকাদাৰে চলাই গৈছে অনিয়মৰ ওপৰত অনিয়ম৷