Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 6:34 pm

Home » Regional » বিশুদ্ধ খোৱা পানী যোগানৰ নামত উত্তৰ লালুকবাসীক প্ৰবঞ্চনা, যুৱ পৰিষদৰ ব্যৱস্থা গ্ৰহণৰ দাৱী

বিশুদ্ধ খোৱা পানী যোগানৰ নামত উত্তৰ লালুকবাসীক প্ৰবঞ্চনা, যুৱ পৰিষদৰ ব্যৱস্থা গ্ৰহণৰ দাৱী

গুৱাহাটী : অসম অৰুণাচল সীমান্তবৰ্তী উত্তৰ লালুকবাসীক বিশুদ্ধ খোৱাপানী যোগানৰ নামত জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰবঞ্চনা কৰি আহিছে বুলি অভিযোগ কৰিছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ লালুক আঞ্চলিক সমিতিয়ে৷

লালুক আঞ্চলিক সমিতিৰ সভাপতি ৰত্নেশ্বৰ বৰুৱা আৰু সম্পাদক ধীৰাজ হাজৰিকাই বাতৰি কাকতলৈ দিয়া এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰিছে যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত উত্তৰ লখিমপুৰ সংমণ্ডল আৰু বিহপুৰীয়া উপ সংমণ্ডলৰ অধীনত থকা কাছজুলি আৰু ঢেকীয়াজুলিৰ জৰিগুৰীত থকা বিশুদ্ধ খোৱাপানী যোগান আঁচনি দুখন বছৰ বছৰ ধৰি পৰিতক্ত্য অৱস্থাত আছে৷ বিভাগীৰ অনীহাৰ ফলত সক্ৰিয় আঁচনি দুখন সম্পূৰ্ণকৈ বন্ধ হৈ পৰাত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ’ল বহু পৰিয়াল৷ উল্লেখযে কাছজুলিস্থ আঁচনিখন প্ৰায় পাঁচ বছৰ পূৰ্বতে সক্ৰিয় কৰে যদিও পানী যোগানৰ নামত মাত্ৰ এটা বছৰহে পৰিচালিত হয়৷   
আনহাতে আঁচনিখন নিক্ৰিয় হৈ পৰে যদিও কিন্তু আঁচনিখনৰ দায়িত্ববাদী কৰ্মচাৰীয়ে দৰমহা গ্ৰহণ কৰিছে আছে৷ মাত্ৰ কেইঘৰমান পৰিয়ালক পানী যোগান ধৰা এবছৰ পাৰ হোৱাৰ পাছতেই ৰহস্যজনক ভাৱে আঁচনিখন বন্ধ হৈ পৰে৷ ইফালে দায়িত্ববাহী কৰ্মচাৰীজন নিয়মীয়াকৈ আঁচনিখনলৈ নহাত সম্প্ৰতি হাবি-জংঘলে আৱৰি ধৰিছে আঁচনিখনৰ ঘৰ আৰু যন্ত্ৰাংশ৷ এই ক্ষেত্ৰত স্থানীয় ৰাইজে কৰ্মচাৰীজনৰ পৰা কোনো সুদুত পোৱা নাই৷
আনহাতে ঢেকীয়াজুলি জৰিগুৰীৰ বিশুদ খোৱা পানী যোগান আঁচনিখনো বিভাগীয় অমনোযোগিতাৰ বাবে ধ্বংষৰ দিশে গতি কৰিছে৷ উল্ল্যেখযে জৰীগুৰীৰ আঁচনিখন ২০১৯ বৰ্ষৰ নবেম্বৰ পৰ্যন্ত চেগাচোৰোকাকৈ চলি আছিল যদিও বিগত দুমাহে সম্পূৰ্ণকৈ বন্ধ হৈ আছে৷ পূৰ্বতে জেনেৰেটৰ দ্বাৰা পৰিচালিত হৈ থকা আঁচনিখন শেহতীয়াকৈ বিদ্যুত সংযোগ কৰিছিল যদিও বিভাগৰ অমনোযোগিতাৰ বাবে বিদ্যুত সেৱা বন্ধ ৰাখিছে৷
আনহাতে আঁচনিখনৰ লগত দুজনকৈ কৰ্মচাৰী জড়িত হৈ আছিল যদিও তাৰে এজনৰ মৃত্যু ঘটাত আঁচনিৰ মেচিন চলোৱাত সমস্যাৰ উদ্ভৱ হৈছে৷ ইফালে আঁচনিখনো বিভাগীয় কৰ্তৃপক্ষৰ অৱহেলাৰ বাবে গৃহবোৰৰ অনিষ্ট হোৱাৰ লগতে মেচিন সমুহৰ চাৰিওফালে হাবি-জংঘলে আৱৰি ধৰিছে৷ অসম-অৰুণাচলৰ সীমান্তৱৰ্তী কাছজুলি আৰু ঢেকীয়াজুলিৰ বৃহত্তৰ গাঁও সমুহত বিশুদ্ধ খোৱা পানী যোগানৰ নামত এনেদৰে প্ৰবঞ্চনা কৰি অহা কাৰ্যক অসম জাতীয়তাবাদী যুৱ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ বিপৰীতে লখিমপুৰ জিলা উপায়ুক্তক বিষয়টো দৃষ্টি গোচৰ কৰাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে তৎকালেই আঁচনি দুখন সক্ৰিয় কৰাৰ ব্যৱস্থা কৰিবলৈ দাৱী জনাইছে৷ নহ’লে আগন্তুক সময়ত আঁচনি দুখনৰ সম্পৰ্কত লালুক আঞ্চলিক সমিতিয়ে গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত লব বুলি জিলা প্ৰশাসন সকিয়াই দিছে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon