Weather Data Source: wetter Bangalore 14 tage

July 19, 2025 10:11 am

Home » Editorial » কৰ’ণা ভাইৰাছৰ পৰা কেনেদৰে ৰক্ষা পাব…

কৰ’ণা ভাইৰাছৰ পৰা কেনেদৰে ৰক্ষা পাব…

কৰ’ণা ভাইৰাছ, চীন দেশৰ পৰা সম্প্ৰতি বিশ্বৰ প্ৰায় ৬৬ দেশত বিয়পি পৰিছে৷ ভাৰতো এই ভাইৰাছৰ কবলৰ পৰা ৰেহাই পোৱা নাই৷ কৰ’ণা এটি এনেকুৱা ভাইৰাছ, যাক অতি সোনকালে নিশ্চিত কৰিব পৰা নাযায়৷ কৰ’ণা ভাইৰাছক লৈ চৌদিশে অব্যাহত আছে সজাগতামূলক ব্যৱস্থা৷ আনকি একাংশ মোবাইল নেটৱৰ্ক কোম্পানীয়েই বিনামূলীয়াকৈ ৰিংটন হিচাপে সজাগতা অব্যাহত ৰাখিছে৷

কিন্তু আজিৰ এই প্ৰতিবেদনত উল্লেখ কৰিম, কৰ’ণা ভাইৰাছ সন্দৰ্ভত ইউনিছেভৰ স্পষ্টীকৰণ৷ ইউনিছেভৰ মতে— কৰ’ণা ভাইৰাছক লৈ হাবাথুৰি খোৱাৰ কোনো প্ৰয়োজন নাই৷ চিকিৎসালয়-ফাৰ্মাচী আদি ভিৰ কৰাৰো প্ৰয়োজন নাই৷ এটি সাধাৰণ কাপোৰে এই ভাইৰাছক ৰুধিব পাৰে৷ এই ভাইৰাছ বায়ুৰ মাজৰে বিয়পি পৰা নাই৷ সেয়ে উশাহৰ জৰিয়তে এই ভাইৰাছ শৰীৰত প্ৰৱেশ কৰাৰ সুযোগ নাই বুলিয়েই ক’ব পাৰি৷ এই ভাইৰাছ সিচৰিত হৈছে সংস্পৰ্শৰ জৰিয়তে৷ সংস্পৰ্শৰ ক্ষেত্ৰত এই ভাইৰাছৰ সক্ৰিয় সময় মাত্ৰ ১২ ঘণ্টা৷ সেয়ে য’ত আৰু যেনেকৈ সুযোগ পায় কিছু সময় মূৰে মূৰে কমেও ২০ ছেকেণ্ডলৈ নিজৰ হাতখন ভালকৈ ধুই ল’ব৷ আৰু যদি কাপোৰত এই ভাইৰাছ থাকে তেন্তে সেই ভাইৰাছৰ সক্ৰিয় সময় মাত্ৰ ৯ ঘণ্টা থাকে৷ সেয়ে কাপোৰবোৰ ২ ঘণ্টাৰ বাবে ৰ’দত মেলি দিয়ে তেন্তে এই ভাইৰাছ সক্ৰিয় হৈ নাথাকে৷ আৰু যদিহে এই ভাইৰাছ আপোনাৰ শৰীৰ নাইবা হাতত লাগে তেন্তে সেই ভাইৰাছৰ সক্ৰিয় কাল মাত্ৰ ১০ মিনিট৷ সেয়ে আপুনি য’তেই নাথাকক কিয় এটা হেণ্ড ছেনেটাইজাৰ লগত ৰাখি কিছু সময় মূৰে মূৰে নিজৰ হাতখন ছেনেটাইজ কৰিলেই হয়৷ আটাইতকৈ দৰকাৰী কথাটো হ’লে যে এই ভাইৰাছ মাথো ঠাণ্ডাতহে বেছি ক্ৰিয়া কৰে৷ সেয়ে তাপমান যদি ২৬-২৭ ডিগ্ৰী ছেলচিয়াছলৈ থাকে তেন্তে এই ভাইৰাছে নিজে নিজেই নিস্ক্ৰিয় হৈ পৰে৷ সেয়ে আপুনি নিয়মিতভাৱে গৰম পানী ব্যৱহাৰ কৰক৷ খোৱা-লোৱাৰ ক্ষেত্ৰত গুৰুত্ব দি ঠাণ্ডা বস্ত খোৱাৰ পৰা বিৰত থাকক আৰু ফলত ফ্ৰিজৰ পৰা আঁতৰি থাকক৷ আটাইতকৈ ডাঙৰ কথাটো নিজৰ মনোবল শক্তিশালী কৰাটো৷ যদিহে কোনোবাই হচিয়াই বা আপোনাৰ নিজৰো যদি হাঁচি আহে তেন্তে পৰস্পৰে নূন্যতম তিনি মিটাৰ দূৰত্বৰ ব্যৱধান ৰাখক৷ আনহাতে যদিহে কাৰোবাৰ জ্বৰ, শুকান কাহ বা হাচি আহে তেন্তে চিকিৎসকৰ কাষ চাপিবলৈ পৰামৰ্শ দিয়ে৷ এয়া আছিল কৰ’ণা ভাইৰাছ সন্দৰ্ভত ইউনিছেফৰ বিবৃতি৷
থাইলেণ্ডৰ এক চিকিৎসকৰ মতে— আপুনি যদি নিজেই পৰীক্ষা কৰিব বিচাৰে তেন্তে আপুনি কি কৰিব? আপুনি প্ৰথমে ১০-১২ ছেকেণ্ডৰ এটি দীঘলীয়াকৈ উশাহ ল’ব৷ উশাহ লোৱাৰ পিছত যদিহে আপুনি কষ্ট অনুভৱ কৰিছে বা কাঁহ উঠিছে বা বুকু বিষয়াইছে তেন্তে হয়তো আপুনি কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰিব পাৰে৷ যদি আপুনি কৰ’ণা ভাইৰাছত আক্ৰান্ত অঞ্চলত বাস কৰিছে বা তেনে লোকৰ সংস্পৰ্শত আহিছে তেতিয়াহে নিজক এনেদৰেই প্ৰাথমিক পৰীক্ষা কৰিব পাৰে৷ সেই বুলি আতংক হোৱাৰ কোনো কাৰণ নাই৷
ইপিনে এই ভাইৰাছক কেন্দ্ৰ কৰি ৰাজনৈতিক অংক চলি থকাৰো অভিযোগ উত্থাপিত হৈছে৷ দেশৰ আগশাৰীৰ চিকিৎসক ডাঃ বিশ্বৰূপ ৰয় চোধুৰীয়ে মাত্ৰ তিনিদনৰ ভিতৰতে কৰ’ণা ভাইৰাছত আক্ৰান্ত ব্যক্তিক সুস্থ কৰি তুলিব পাৰিব বুলি দাবী কৰি নিজৰ ইউ টিউব চেনেলত কিছু ভিডিঅ’ আপলোড কৰিছিল৷ তেওঁ আপলোড কৰা ভিডিঅ’ সমূহত কেনেদৰে নিজকে এই ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰি আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীক লগ ধৰি কৰোণা ভাইৰাছত আক্ৰান্ত লোকক তেওঁৰ জিম্মাত ৰাখি মাত্ৰ তিনি দিনৰ ভিতৰতে ভাল কৰিব দিব পাৰিব বুলি দাবী কৰিছিল৷ কিন্তু আন্তঃৰাষ্ট্ৰীয় প্ৰটকল ভঙ্গ কৰাৰ অভিযোগ তুলি স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ এই আবেদন নাকচ কৰে আৰু ইউটিউবৰ পৰা ভিডিঅ’সমূহ ডিলিট কৰিহে দিয়া হয়৷
এতিয়া আমি উল্লেখ কৰিম ডাঃ ৰয়ৰ বিধি অনুসৰি কেনদৰে কৰ’ণা ভাইৰাছত আক্ৰান্ত এজন ব্যক্তিয়ে তিনি দিনতে নিজক সুস্থ কৰি তুলিব পাৰি৷ ডাঃ ৰয়ৰ বিধি অনুসৰি কৰোণা ভাইৰাছত আক্ৰান্ত ব্যক্তিজনে প্ৰথম দিনা ৬ গিলাচ নাৰিকলৰ পানী আৰু ৬ গিলাচ টেঙা (যেনে- নেমু, কমলা, মৌচুমী আদি) খাবলৈ দিব লাগে৷ গিলাচৰ হিচাপটো প্ৰকৃতাৰ্থত বয়স অনুপাতে ১০ ভাগ কৰি তাৰ এভাগহে৷ যদিহে মানুহজনৰ বয়স ৬০ বছৰ হয় তেন্তে গিলাচৰ হিচাপটো হবগৈ ১০ ভাগ কৰিলে ৬ গিলাচ হবগৈ৷ একেদৰে দ্বিতীয় দিনাও বয়স অনুপাতে ২০ ভাগ কৰি তাৰ এভাগ তেনে পানী খাব লাগিব৷ যদিহে মানুহজনৰ বয়স ৬০ বছৰ হয় তেন্তে গিলাচৰ হিচাপটো ২০ ভাগ কৰিলে ৩ গিলাচ হবগৈ৷ তৃতীয় দিনাও বয়স অনুপাতে ৩০ ভাগ কৰি তাৰ এভাগ তেনে পানী খাব লাগিব৷ যদিহে মানুহজনৰ বয়স ৬০ বছৰ হয় তেন্তে গিলাচৰ হিচাপটো ৩০ ভাগ কৰিলে ২ গিলাচ হবগৈ৷ প্ৰতিদিনেই তেনে পানী খোৱাৰ লগতে বয়স অনুপাতে (গ্ৰাম হিচাপে) ৫ গুণ বিলাহী আৰু তিয়হ খাব লাগে৷ যদিহে মানুহজনৰ বয়স ৬০ বছৰ হয় তেন্তে ৫ গুণ কৰিলে তিয়হ আৰু বিলাহীৰ ওজন ৩০০ গ্ৰাম হ’বগৈ৷ ৰাতিৰ ভাগত ঘৰত তৈয়াৰ কৰা সাধাৰণ খাদ্য গ্ৰহণ কৰি শুই দিব লাগে৷ ইয়াৰ বাহিৰে বাকী কোনো খাদ্য খাব নালাগে৷
আজিৰ এই প্ৰতিবেদনত আমি উল্লেখ কৰিলো কৰোণা ভাইৰাছৰ পৰা আমি নিজকে কেনেদৰে ৰক্ষা কৰিব পাৰো৷ এই ভাইৰাছক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই৷ প্ৰয়োজন মাথো অলপ সজাগতা৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon