Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 3:53 pm

Home » Regional » ‘অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰৰ ক্ষেত্রত এ আই ইউ ডি এফে গা এৰা দিয়া নাই’

‘অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰৰ ক্ষেত্রত এ আই ইউ ডি এফে গা এৰা দিয়া নাই’

গুৱাহাটী : জয়ী হোৱাটো বিজেপিৰ ব্যর্থতা৷ ধর্মনিৰপেক্ষতাৰ পক্ষত, সাম্প্রদায়িকতাৰ বিৰোধী, গণতন্ত্রৰ পক্ষত হোৱা সিদ্ধান্তই এইবাৰ প্রেৰণ কৰিছে৷ এইবাৰ ৰাজ্য সভাৰ নির্বাচনৰ সুকীয়া তাৎপর্য আছে৷ বিৰোধী দলে কা-বিৰোধী নেতাক নির্বাচিত কৰিবলৈ ইচছুক আছিল৷ এনে পটভূমিত কা-বিৰোধী এজন নেতা নির্বাচিত হোৱাটো দৰকাৰ৷’ এই মন্তব্য ৰাজ্য সভাৰ নৱনির্বাচিত সাংসদ অজিত কুমাৰ ভূঞাৰ৷
ৰাজ্য সভাৰ তৃতীয়খন আসনত বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱাৰ পাছত আজি গুৱাহাটী প্রেছ ক্লাবত নাগৰিক সমাজৰ সম্ভাষণ গ্রহণ কৰি অজিত কুমাৰ ভূঞাই আৰু কয়– ‘৩৫ বছৰ সাংবাদিকতাৰ পাছত সংসদীয় ৰাজনীতি কৰিবলৈ বাধ্য হ’লোঁ৷ সাংবাদিক হিচাপেও একাংশই ৰাজনীতিয়েই কৰে৷ মই টিকট বিচাৰি কোনো আৱেদন দিয়া নাই৷ গণতন্ত্র, ধর্মনিৰপেক্ষতা, সংবিধানৰ ক্ষেত্রত কোনো আপোচ নকৰোঁ৷
য’তেই সুযোগ পাওঁ ত’তেই যুঁজ দিম৷’ কংগ্রেছ আৰু এ আই ইউ ডি এফৰ সমর্থনত ৰাজ্য সভাৰ সাংসদ নির্বাচিত হোৱা অজিত কুমাৰ ভূঞাই লক্ষণীয়ভাৱে এ আই ইউ ডি এফক প্রশংসা কৰে৷ ‘বিজেপিৰ বাবে এ আই ইউ ডি এফ যি, মোৰ বাবে তেনে নহয়৷
অসমৰ জাতীয় জীৱনৰ সমস্যাবোৰৰ লগত এ আই ইউ ডি এফে গা এৰা নাই৷ বিজেপিয়ে অসম চুক্তি হানি-খুঁচি হত্যা কৰাৰ সময়ত এ আই ইউ ডি এফে অসম চুক্তি সমর্থন কৰিছে৷’– এইদৰে কয় সাংসদ ভূঞাই৷ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ প্রতিও সদ্ভাৱ প্রকাশ কৰি ভূঞাই কয়– ‘সাংবাদিক হিচাপে কংগ্রেছৰ দিনতো সমস্যাৰ সন্মুখীন হৈছোঁ যদিও তৰুণ গগৈৰ দিনত হোৱা নাছিলোঁ৷ এতিয়া সংবাদ মাধ্যমৰ ওপৰত চৰকাৰে বিভিন্ন ধৰণে হেঁচা দিছে৷’

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon