Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 6:22 pm

Home » Regional » Assam » কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু “কা” ৰ বিৰুদ্ধে পালহাজী বজাৰত উত্তাল প্ৰতিবাদঃ

কৃষক নেতা অখিল গগৈৰ মুক্তি আৰু “কা” ৰ বিৰুদ্ধে পালহাজী বজাৰত উত্তাল প্ৰতিবাদঃ

বৰপেটাৰ পৰা সেখ ৰহমত উল্লাহ :
দক্ষিণ বৰপেটাৰ শিক্ষা আৰু বাণিজ্য কেন্দ্ৰ পালহাজী বজাৰত আজি দিনৰ ১০ বজাত সামাজিক দূৰত্বৰ নিয়ম অৱলম্বন কৰি পালহাজী আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মানৱ শৃংখলা গঢ়ি উত্তাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বানপানীৰ প্ৰকোপক নেওচি শতাধিক কৰ্মীয়ে পালহাজী বজাৰত উপস্থিত হয়৷ 
অসমৰ জনসাধাৰণৰ বলিষ্ঠ কণ্ঠ, সংগ্ৰামী নেতা তথা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈৰ সু চিকিৎসা আৰু মুক্তিৰ দাবীত হাতে হাতে বিভিন্ন প্লেকাৰ্ড লৈ মানৱ শৃঙ্খলা গঢ়ি শাকপাচলি বজাৰৰ দাতিত থিয় দি থাকি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ কৃষক মুক্তি সংগঠনৰ সদস্য সকলে জয় আই অসম , অখিল গগৈক বিনাচৰ্তে মুক্তি দিয়ক , উন্নত চিকিৎসাৰ ব্যৱস্থা কৰক, কা আমি নামানো, বিজেপি চৰকাৰ হায় হায় ! সৰ্বানন্দ সোণোৱাল লেই লেই ছেই ছেই ৷ বাংলাদেশীৰ দালাল হিমন্ত বিশ্ব শৰ্মা গো বেক ৷ এই জুই জ্বলিছে জ্বলিবই , আহৈ আহ ওলাই আহ! হিটলাৰী শাসন বন্ধ কৰক ৷মোদি চৰকাৰ হায় হায় ! অখিল গগৈ জিন্দাবাদ আদি শ্লোগান দি আকাশ বতাহ কপাই তোলে ৷
উক্ত অনুষ্ঠানত উপস্থিত থাকে বৰপেটা জিলা কৃষক মুক্তিৰ সাধাৰণ সম্পাদক এডভোকেট কাজী নাজিমূল হ’ক, মুখ্য সাংগঠনিক সম্পাদক শ্বাহাদত মোল্লা, ছাত্ৰ মুক্তি সংগঠৰ পালহাজী শাখাৰ সম্পাদক ৰফিকুল ইছলাম, প্ৰচাৰ সম্পাদক ময়নাল হ’ক আৰু আঞ্চলিকৰ অন্যান্য সদস্য সকলে ৷
শেষত জিলা কৃষক মুক্তি সংগঠনৰ সাধাৰণ সম্পাদকে সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ মনৰ ভাব ব্যাক্ত কৰে ৷ বি জেপি চৰকাৰে বৰ্তমান অখিল গগৈ ডাঙৰীয়াক কাৰাবন্দী কৰি ৰাখিবৰ বাবে অসমৰ বাহিৰৰ পৰা এডভোকেট হায়াৰ কৰি আনিবৰ বাবে যোজা চলাইছে ৷অসমৰ অধিবক্তা সকলৰ ওপৰত সোণোৱাল চৰকাৰৰ আস্থা নাই ৷ দৰকাৰত আমিও অখিল গগৈৰ মুক্তিৰ বাবে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ অধিবক্তাক নিয়োগ কৰিব লাগিব ৷ হিটলাৰকো এটা সময়ত জনতাই ক্ষমতাৰ পৰা ক্ষমতাচ্যুত কৰিছিল ৷এই সংগ্ৰাম অকল কৃষক মুক্তি সংগঠনৰ নহয় এই সংগ্ৰাম মেহনতী জনতাৰ ৷ চৰকাৰে যদি আমাৰ ভাষা বুজি নাপায় ইয়াতকৈ অধিক উত্তাল আৰু ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি উল্লেখ কৰে আৰু অনাগত বিধান সভাৰ নিৰ্বাচনত যোগ্য প্ৰত্তুত্যৰ দিয়া হ’ব ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon