Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 12:33 am

Home » Regional » Assam » বাদুলীৰ কাহিনী আৰু শিলাদিত্য

বাদুলীৰ কাহিনী আৰু শিলাদিত্য

ছৈয়দ বুলবুল জামানুৰ হক : 
বাদুলীৰ কাহিনী আপুনি নিশ্চয় শুনিছে৷ বাদুলীয়ে প্ৰথমে চৰাইৰ ওচৰলৈ গৈ কয়- মই চৰাই৷ কাৰণ মোৰ পাখি আছে, মই উৰিব পাৰো৷ পিছত আকৌ জন্তৰ ওচৰলৈ গৈ কয়- মই জন্তু৷ কিয়নো মোৰ দাঁত আছে আৰু মই জন্তুৰ দৰেই পোৱালী জন্ম দিব পাৰো৷ বাদুলীৰ এই কাহিনী এইকাৰণে উল্লেখ কৰিছো যে, অসমৰ এগৰাকী বহু বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ অসমীয়া নে হিন্দু তাকে লৈ এতিয়া সন্দেহৰ অৱতাৰণা হৈছে৷
 

 

 বিধায়কগৰাকী বহুত ধুনীয়াকৈ অসমীয়া ভাষা কব পাৰে আৰু অসমৰেই এগৰাকী বিধায়ক৷ সেয়ে তেওঁ এগৰাকী অসমীয়া৷ পিছে ১৯৭৩ চনত অসমলৈ অহা বিধায়ক শিলাদিত্যই নিজকে অতি অসমীয়া বুলি জাহিৰ কৰিবলৈ গৈ আজান ফকীৰ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি শেহতীয়াকৈ বৰেণ্য সাহিত্যিক ছৈয়দ আব্দুল মালিককো অপমান কৰিবলৈ নেৰিলে৷
বিধায়ক শিলাদিত্য দেৱৰ এই মন্তব্যৰ পিছতেই জাঙুৰ খাই উঠে ৰাজ্যৰ বিভন্ন দল-সংগঠন৷ পলমকৈ হলেও অসম সাহিত্য সভাই এক বিবৃতিযোগে বিধায়কৰ এনে মন্তব্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে৷ সদৌ অসম গৰিয়া-মৰীয়া দেশী জাতীয় পৰিষদে ৰাজ্যখনৰ কেইবা ঠাইতো বিধায়কৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে প্ৰতিবাদী কাৰ্যাসূচী ৰূপায়ন কৰে৷
সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সভাপতি হাফিজুল আহমেদ আৰু বীৰ লাচিত সেনায়ো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷
ইপিনে নিজ দলৰে নেতা মুমিনুল আৱালে নিজৰ প্ৰতিক্ৰিয়াত বিধায়কগৰাকীক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী জনায়৷ 
 বিভিন্ন দল-সংগঠনৰ এনে প্ৰতি্ক্ৰিয়াৰ পিছত নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে এটা স্পষ্টীকৰণ দিয়ে যদিও তাত বিধায়কগৰাকীয়ে কিন্তু কতো ক্ষমা নুখুজিলে৷ নিজৰ স্থিতিত অটল থাকি বিধায়কগৰাকী ছৈয়দ আব্দুল মালিকৰ ‘মই অসমীয়া’ কবিতাটিক ‘আমি অসমীয়া’ বুলি উল্লেখ কৰি আন এক ভুল বা ছৈয়দ আব্দুল মালিকক পুনৰ অপমান কৰিলে৷ বিধায়কৰ এই স্পষ্টীকৰণত ‘মই অসমীয়া’ শীৰ্ষক কবিতাটিক ‘আমি অসমীয়া’ বুলি উল্লেখ কৰি ইয়াকে স্পষ্ট কৰিলে যে বিধায়ক শিলাদিত্যই কবিতাটি পঢ়াই নাই৷ আৰু যদিও পঢ়িছে তেন্তে তাৰ সাৰাংশই বুজি পোৱা নাই৷ অধ্যয়ন নকৰাকৈয়ে নিজকে অতি অসমীয়া বুলি জাহিৰ কৰিবলৈ চেষ্টা কৰা বিধায়কগৰাকীয়ে এগৰাকী মূৰ্খৰ পৰিচয়হে দিলে৷
যদি সচাই অসমীয়া হ’লহেতেন তেন্তে বিধায়কৰ দৰে এটি সন্মানীয় পদত থাকি তথা জন প্ৰতিনিধি হোৱাৰ পিছতো কিয় বাৰা্ম্বাৰ অসমীয়াক অপমান কৰে? বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত থকা সাতামপুৰুষীয়া ঐক্যতাৰ মাজত কুঠাৰ সানি সমাজক বিশৃংখল কৰাৰ চেষ্টা কিয় কৰে?
ঠিক একেদৰে ধৰ্মীয় সংখ্যালঘু লোকক বাংলাদেশী মুছলমান বুলি কৈ ফুৰা বিধায়কগৰাকীয়ে অতি হিন্দুত্ববাদী হ’বলৈ গৈ নেতাজী সুভাষ চন্দ্ৰ বসুক উগ্ৰপন্থী সজাবলৈয়ো কুণ্ঠাবোধ কৰা নাছিল৷ আচলতে নিজেই বাংলাদেশী মূলৰ হোৱা বাবেই এনেদৰেই বিতৰ্কত সোমাই নিজকে অসমীয়া বা হিন্দু হোৱাৰ চাৰ্টিফিকেট বিলাই ফুৰে৷ অপ্ৰিয় হলেও সত্য যে এইগৰাকী বিধায়কৰ বাবে অসমত যুগ যুগ ধৰি বসবাস কৰা হিন্দু বঙালী সমাজ আজি লজ্জিত৷ তেও লজ্জানত কৰিছে সমগ্ৰ হিন্দু সভ্যতাক আৰু অপমানিত কৰিছে সমগ্ৰ অসমীয়া জাতিটোক৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon