Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 1:16 am

Home » Regional » Assam » স্বাধীনতা দিৱসত মন্ত্ৰী হিমন্ত্ৰৰ একাধিক প্ৰতিশ্ৰুতিমূলক ভাষণ

স্বাধীনতা দিৱসত মন্ত্ৰী হিমন্ত্ৰৰ একাধিক প্ৰতিশ্ৰুতিমূলক ভাষণ

মৰিগাঁও : “ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাস কেৱল ভাৰতবাসীৰেই নহয়, বিশ্বৰ মানৱ সমাজৰ ইতিহাসৰো এক গৌৰৱোজ্জ্বল অধ্যায়৷ স্বাধীনতা দিৱসৰ আজিৰ এই পৰম পৱিত্ৰ দিনটোত মৰিগাঁৱত পতাকা উত্তোলন কৰিবলৈ পাই কৃতাৰ্থবোধ কৰিছো৷”– মৰিগাঁৱত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য ৰাজ্যৰ বিত্ত, স্বাস্থ্য আৰু গড়কাপ্টানী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

স্বাধীনতা দিৱসৰ এই চৰকাৰী কাৰ্যসূচীতে মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলনৰ পাছত ভাষণ প্ৰসংগত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে প্রতিটো পৰিয়ালক ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালক প্রতিমাহতে অৰুণোদয় আঁচনিৰ জৰিয়তে ৮৩০ টকাকৈ বেংকৰ জৰিয়তে প্রদান কৰা হ’ব৷ লগতে হিতাধিকাৰীসকলক ঔষধ, ৰেচন, চেনি আদি ক্রয় কৰিব পৰাকৈ এই সাহায্য প্রদান কৰা হ’ব বুলি মন্তব্য কৰে।
আনহাতে, স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত বিগত ৪ বছৰৰ মোদী নেতৃতাধীন বিজেপি চৰকাৰৰ উন্নয়নৰ ক্ষতিয়ান দাঙি ধৰে। ইপিনে ৰাজ্যত নতুনকৈ ৫ খন মেডিকেল কলেজ বিশ্বনাথ চাৰিআলি, গোৱালপাৰা, চৰাইদেউ, মৰিগাঁও, গুৱাহাটী মহানগৰীত স্থাপন কৰা হ’ব বুলি উল্লেখ কৰে। লগতে অহা ২ অক্টোবৰত ১১৯খন চাহ বাগিছা অঞ্চলত ১১৯খন হাইস্কুল নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ কথাও নিজৰ ভাষণত প্ৰকাশ কৰে।
আনফালে ব্ৰহ্মপুত্ৰৰ ওপৰত মৰিগাঁও-দৰং সংযোগী আন এখন দলঙৰ কামো শীঘ্ৰে আৰম্ভ হ’ব বুলি ঘোষণা কৰে। অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ দৰে জাকত জিলিকাকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক গঢ়ি তুলিবলৈ ১৫০ কোটি টকা অনুমোদন কৰাৰ কথাও স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানতে মন্তব্য কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon