Weather Data Source: wetter Bangalore 14 tage

July 20, 2025 6:03 pm

Home » Regional » Assam » ৮০ লাখতকৈ অধিক সন্দেহযুক্ত লোকৰ নাম সোমাইছে NRCত, সংবাদ মেলত ক’লে অভিজিৎ শৰ্মাই

৮০ লাখতকৈ অধিক সন্দেহযুক্ত লোকৰ নাম সোমাইছে NRCত, সংবাদ মেলত ক’লে অভিজিৎ শৰ্মাই

গুৱাহাটী : এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে আৰু কয় যে উচ্চতম ন্যায়ালয়ত ক’লো, হাজেলাক পঠাই দিলে। CBIত গোচৰ দিলো, একো নকৰিলে। আমি এতিয়া ক’লৈ যাম?

এন আৰ চিক লৈ আজি পুনৰ এক সংবাদ মেলৰ আয়োজন কৰে APWৰ সভাপতি অভিজিৎ শৰ্মাই। সংবাদমেলত অভিজিৎ শৰ্মাই কয় যে NRC প্ৰকাশৰ আজি ১ বছৰ হ’ল।  আমি যি সন্দেহ কৰিছিলো সেয়াই হ’ল। ই জাতিৰ দলিল নহয়, বাংলাদেশীক ভাৰতীয় কৰা দলিলহে। ৮০ লাখতকৈ অধিক সন্দেহযুক্তৰ নাম সোমাইছে NRCত। কেৱল আমিয়ে আৰম্ভণিৰ পৰা ৰিভেৰিফিকেশ্যন বিচাৰি থাকিলো। APW–এ ১০টা বছৰ নষ্ট কৰিলো NRCৰ নামত। হাজেলা এণ্ড কোম্পানীৰ বাবে জাতীয় দলিল বুমেৰাং হ’ল।

‘‘RGI, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ NRCক লৈ মনোযোগৰ অভাৱ। কোৰোণাৰ বাবে যেনেদৰে বিটিচিৰ নিৰ্বাচন পিছুৱাই দিয়া হৈছে, তেনেদৰে বিধানসভাৰ নিৰ্বাচনো পিছুৱাব লাগে। বিদেশীৰ নামমুক্ত শুদ্ধ ভোটাৰ তালিকা এখন প্ৰস্তুত কৰিহে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। পূৱ পাকিস্তানৰ মানুহক OI বনাবলৈ চেষ্টা কৰিছে। ১০০% পুনৰীক্ষণ বিচাৰিছো NRCৰ।’’ – ক’লে অভিজিৎ শৰ্মাই

এ পি ডব্লিউৰ সভাপতিগৰাকীয়ে আৰু কয় যে উচ্চতম ন্যায়ালয়ত ক’লো, হাজেলাক পঠাই দিলে। CBIত গোচৰ দিলো, একো নকৰিলে। আমি এতিয়া ক’লৈ যাম? সেয়ে আজি ৰাইজক জনাইছো। শপতগ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৈছিল NRC কাৰ্যালয়লৈ, আমি আশা কৰিছিলো। কিন্তু উচ্চতম ন্যায়ালয়ে ককৰ্থনা কৰাৰ কাৰণে মুখ্যমন্ত্ৰী এতিয়া আঁতৰি আছে। অনিয়ম হোৱা বুলি কোৱাৰ কাৰণে আমাকো আদালত অৱমাননা কৰা বুলি কৈছিল। লিগেচি ডাটাৰ কিনা–বেচা হৈছে বুলি হাজেলাই নিজে আদালতক জনাইছিল। জনীয়া, বাঘবৰ, বৰপেটা, বকো, চমৰীয়া, ধুবুৰী আদিত বহু সন্দেহজনক লোকক OI কৰি দিয়া হ’ল। চমৰীয়াৰ ৬০ হাজাৰ লোকক OI কৰা হৈছিল বুলি অভিযোগ আছিল। সেই অভিযোগৰ ভিত্তিত ৬০ হাজাৰৰ মাজৰ ৩০ হাজাৰ সামৰি কৰা হৈছিল পুনৰীক্ষণ। আশ্চৰ্যজনকভাৱে পুনৰীক্ষণৰ তালিকাত অহা ৩০ হাজাৰৰ OI টেগেই ভুৱা আছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon