Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 11:49 pm

Home » Regional » Assam » সুধাকণ্ঠৰ কাজিৰঙাৰ বাসগৃহ নতুনকৈ সাজি দিব সাংসদ বদৰুদ্দিন আজমলে

সুধাকণ্ঠৰ কাজিৰঙাৰ বাসগৃহ নতুনকৈ সাজি দিব সাংসদ বদৰুদ্দিন আজমলে

 দলটোৰ মুখপাত্ৰ চম্পক কলিতাৰ নেতৃত্বত এটা দলে আজি কুঠৰীলৈ ৰাওনা হ’ব।

কাজিৰঙাক প্ৰাণভৰি ভাল পোৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই এসময়ত কাজিৰঙাতে ঘৰ সাজি থকাৰ মনেৰে কাজিৰঙাৰ কুঠৰীত নিৰ্মাণ কৰিছিল এটা বাসগৃহ। সুধাকণ্ঠৰ গীতটো তেঁওৰ কাজিৰঙাৰ প্ৰতি থকা অকুণ্ঠ ভালপোৱা প্ৰকাশ পাইছিল।

অৱশ্যে যাযাবৰ ভূপেন হাজৰিকাৰ কাজিৰঙাত চিৰদিন থকাৰ হেঁপাহ পূৰ্ণ ন’হল। কিন্তু তথাপিও অসমীয়াৰ প্ৰাণৰ আপোন শিল্পীগৰাকীয়ে জীৱিত কালত অসমলৈ আহিলে কলিয়াবৰ মহকুমাৰ অন্তৰ্গত কাজিৰঙাৰ কুঠৰীত থকা সেই ঘৰটোত সময় পাৰ কৰিছিল।

পিছে সুধাকণ্ঠ কায়িকভাৱে আঁতৰি যোৱাৰ পিছতে এই ঘৰটোৰ যতন লোৱাৰো আহৰি নোহোৱা হ’ল কাৰো। লাহে লাহে এসময়ৰ সুধাকণ্ঠৰ কুঠৰীৰ বাসগৃহ এলাগী হৈ পৰিল। বিগত কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে কুঠৰীৰ ঘৰটোক সংৰক্ষণ কৰাৰ কথা ঘোষণা কৰিলে যদিও সেয়া মাথোঁ ঘোষণা হৈয়ে ৰ’ল।

কিন্তু ড০ ভূপেন হাজৰিকাৰ ৯৪সংখ্যক ওপজা দিনটোত সুধাকণ্ঠৰ কুঠৰীৰ গৃহ মেৰামতি কৰাৰ দায়িত্ব ল’লে এআইডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে।

ইতিমধ্যে দলটোৰ মুখপাত্ৰ চম্পক কলিতাৰ নেতৃত্বত এটা দলে আজি কুঠৰীলৈ ৰাওনা হ’ব। এই দলটোত থাকিব অভিজ্ঞ অভিযন্তাও। আজমলে নিজা খৰচত অতি শীঘ্ৰে সুধাকণ্ঠৰ বাসগৃহ মেৰামতি কৰাৰ সিদ্ধান্তৰ কথা জনোৱাৰ পিছতে দলটোৰ মুখপাত্ৰ চম্পক কলিতাই এই বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। সেই অনুসৰি আজি পুৱা ১১বজাত অভিযন্তাসহ এআইইউডিএফৰ নেতৃবৰ্গ উপস্থিত হ’বগৈ কাজিৰঙাৰ কুঠৰীত।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon