Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 9:24 pm

Home » Regional » Assam » চাহ-বিস্কুট বিক্ৰীত ব্যস্ত বিধায়ক ৰূপজ্যোতি কুৰ্মী

চাহ-বিস্কুট বিক্ৰীত ব্যস্ত বিধায়ক ৰূপজ্যোতি কুৰ্মী

মৰিয়নী :এইবাৰ চাহ দোকানীৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী। নিতৌ ন ন বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে চৰ্চাত থকা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এয়া এক অভিনৱ প্ৰতিবাদহে।বিশ্বকৰ্মা পূজাৰ দিনটোত অন্য এক ৰূপত মৰিয়নীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মী। মৰিয়নী নগৰৰ থানা তিনি আলিত চাহ-বিস্কুট বিক্ৰীত ব্যস্ত বিধায়কগৰাকী। গ্ৰাহকক আকৰ্ষিত কৰিবলৈ বিধায়ক গৰাকীয়ে চিঞৰিছে – ‘আহক ৰাইজ দহ টকাত চাহ-বিস্কুট, চাহ-বিস্কুট। আহক ৰাইজ গৰম চাহ মাত্ৰ দহ টকাত”।

আচলতে, নিতৌ ন ন বিতৰ্কিত মন্তব্য আৰু কৰ্মকাণ্ডৰে চৰ্চাত থকা কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ এয়া এক অভিনৱ প্ৰতিবাদহে। ১৭ ছেপ্টেম্বৰ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭০সংখ্যক জন্মদিনত বিজেপি দলে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী। আনহাতে, কংগ্ৰেছ দলে সমগ্ৰ দেশতে নৰেন্দ্ৰ মোদীৰ জন্ম দিনটো “ৰাষ্ট্ৰীয় নিবনুৱা দিৱস” হিচাপে ৰূপায়ন কৰে।প্ৰধানমন্ত্ৰী তথা বিজেপি চৰকাৰে বছৰি দেশৰ দুই কোটি নিবনুৱাক চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱা, নিবনুৱাক চাহ-পকৰী বিক্ৰী কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা আৰু বিজেপি চৰকাৰে নতুন নিযুক্তি বন্ধ কৰাৰ প্ৰতিবাদত মৰিয়নী এন এছ ইউ আই আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আজি এনেদৰে মৰিয়নী নগৰৰ থানা তিনি আলিত প্ৰতীকী ৰূপত চাহ-বিস্কুত বিক্ৰী কৰি, কেক কাটি অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰক মিছলীয়া আখ্যা দি কঠোৰ সমালোচনা কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon