Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 10:29 pm

Home » Regional » Assam » গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী

গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী

নয়ডা : উত্তৰ-প্ৰদেশৰ হাথৰছৰ ধৰ্ষণ-হত্যাৰ বলি যুৱতীৰ ঘৰলৈ যোৱাৰ বাটতে গ্ৰেপ্তাৰ হ’ল কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী হাছৰথলৈ যোৱাৰ পৰিকল্পনাৰ কথা সদৰী হোৱাৰ পাছতে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে ১৪৪ধাৰা জাৰি কৰিছিল আৰু হাছৰথত প্ৰৱেশ বন্ধ কৰি দিয়া হৈছিল। ৰাহুল-প্ৰিয়ংকাৰ কনভয়ক গ্ৰেটাৰ নয়ডাৰ এক্সপ্ৰেছৱে’তে বাধা দিছিল আৰক্ষীয়ে। আৰক্ষীৰ বাধাৰ পাছতে সমৰ্থকসকলৰ সৈতে কনভয় এৰি পদব্ৰজে হাথৰছ অভিমুখে ৰাওনা হয় ৰাহুল-প্ৰিয়ংকা। কিন্তু তাতো আৰক্ষীয়ে বাধা প্ৰদান কৰে আৰু ১৮৮ধাৰাত আৰক্ষীয়ে ৰাহুল গান্ধীক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীৰ লোকে ৰাহুল গান্ধী আৰু কংগ্ৰেছ কৰ্মীসকলৰ ওপৰত লাঠীচালনা কৰাৰ লগতে কৰাৰ লগতে ৰাহুলক থেলি মাটিত বগৰাই দিয়া বুলিও অভিযোগ কৰিছে কংগ্ৰেছ নেতাজনে। এনে ভালেমান আলোকচিত্ৰও ইতিমধ্যে সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আৰক্ষীৰ এনে কাৰ্যৰ প্ৰতিবাদ কৰি ৰাহুলে প্ৰশ্ন কৰে যে, মোদী-আৰ এছ এছৰ বাহিৰে আন সাধাৰণ লোকে ৰাজপথত খোজকাঢ়িব নোৱাৰে নেকি? আমাৰ কনভয়ক বাধা দিয়াৰ বাবে আমি খোজকাঢ়ি হাথৰছ অভিমুখে ৰাওনা হৈছিলোঁ শোকত ডুব গৈ থকা আপোনজনক অকলশৰীয়া কৰিব নোৱাৰি কিন্তু উত্তৰ-প্ৰদেশ চৰকাৰে পীড়িতাৰ পৰিয়ালক লগ কৰিলেও ভয় খায় বুলি ৰাহুলে অভিযোগ কৰে।

ৰাহুল গান্ধীয়ে কি অপৰাধৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে সেই বিষয়েও আৰক্ষীক প্ৰশ্ন কৰে আৰু তেওঁ প্ৰয়োজন হ’লে অকলেই খোজকাঢ়ি হাথৰছলৈ যাবলৈ সাজু বুলিও আৰক্ষীৰ আগত প্ৰকাশ কৰে। কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে তেওঁকো আৰক্ষীয়ে থেলি মাটিত বগৰাই দিয়াৰ চেষ্টা কৰা বুলি অভিযোগ কৰিছে। তেওঁকো আটক কৰিছে উত্তৰ-প্ৰদেশ আৰক্ষীয়ে। আৰক্ষীয়ে পদব্ৰজে হাথৰছ অভিমুখে যাত্ৰা কৰা কংগ্ৰেছ কৰ্মীৰ ওপৰত আৰক্ষীয়ে বৰ্বৰভাৱে লাঠীচালনা কৰা বুলি অভিযোগ কৰে আৰু ইয়াৰ ফলত কেইবাজনো কংগ্ৰেছ কৰ্মী আহত হোৱা বুলি প্ৰকাশ কৰে। আৰক্ষীয়ে মহামাৰী আইনভংগ কৰি বৃহৎসংখ্যক লোকৰ সমাৱেশ ঘটোৱাৰ বাবে কংগ্ৰেছ নেতা-কৰ্মীক আটক কৰাৰ অজুহাত দেখুৱাইছে। এই ঘটনাক লৈ এতিয়া দেশৰ ৰাজনৈতিক মহল উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon