Weather Data Source: wetter Bangalore 14 tage

July 9, 2025 11:41 pm

Home » Regional » Assam » যদি মোগল আছে তেন্তে খেদি দিয়া নাই কিয়?এনেদৰে কটাক্ষ কৰিলে আৰ পি শৰ্মাই

যদি মোগল আছে তেন্তে খেদি দিয়া নাই কিয়?এনেদৰে কটাক্ষ কৰিলে আৰ পি শৰ্মাই

  গুৱাহাটী:বিজেপিৰ নাটক! যদি মোগল আছে তেন্তে খেদি দিয়া নাই কিয়? বিজেপিৰ মিছন ১০০ অসম্ভৱ’- আৰ পি শৰ্মা বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ যোৱা তেজপুৰ সংসদীয় সমষ্টিৰ প্ৰাক্তন সাংসদ আৰ পি শৰ্মাৰ যেন মনৰ ক্ষোভ এতিয়াও কমা নাই। সেয়েহে সাংবাদিকৰ কেমেৰা দেখিলেই বিজেপিৰ বিৰুদ্ধে ইটোৰ পিছত সিটো মন্তব্যৰে ক্ষোভ উজাৰে প্ৰাক্তন সাংসদগৰাকীয়ে ৷

প্ৰাক্তন সাংসদ আৰ পি শৰ্মাই পুনৰ কেতবোৰ মন্তব্যৰে ঘটাইছে বিস্ফোৰণ ৷ মুখ্যমন্ত্ৰী সোণোৱালে ৰাজ্যত এতিয়া মোগলৰ আক্ৰমণ চলি আছে বুলি কৰা মন্তব্যক উভতি ধৰি আৰ পি শৰ্মাই কয় যে, ‘ অসমত যদি মোগল আছেই, তেনেহ’লে মোগলৰ দেশলৈ সেইসকলক পঠিয়াই দিয়া নাই কিয়? যদি মুছলমান মানুহ মোগল, তেনেহ’লে খেদি নিদিয়ে কিয়? কেন্দ্ৰতো চৰকাৰ, ৰাজ্যতো চৰকাৰ আছে, কিয় সাহস নকৰে ? যি সকলে মোগলৰ কথা কৈছে তেওঁলোকে হয়তো ইতিহাস পঢ়া নাই। বিমলা প্ৰসাদ চলিহা বদৰপুৰ সমষ্টিৰ পৰা জয়ী হৈ মুখ্যমন্ত্ৰী হৈছিল ৷’v

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে, ‘বিজেপিয়ে অসমত নাটক নহয়, মহা নাটক কৰিছে।  বাঘে যেনেকৈ নাটক কৰে, তেনেকৈ বিজেপিৰ নেতা মন্ত্ৰীয়ে কৰিছে নাটক।’ নাটকৰ মূল অভিনেতা, সহ অভিনেতা,পৰিচালক, লিখক কোন সেয়াও ক’লে আৰ পি শৰ্মাই।

ইফালে বিজেপিৰ মিছন ১০০ অসম্ভৱ বুলি উল্লেখ কৰি শৰ্মাই কয় যে,  এতিয়া তেওঁলোকৰ মুখত ১০০ নাই ৷ ১০০ মিছন অবান্তৰ৷ ১২৬খন আসনৰ ১০০ৰ কথা ক’লে বাকী সকলে কি কৰিব? যেনেকৈ পোৱাই কল পালে, নোপোৱাই বাকলি খালে।’

‘বিজেপিৰ আমোলত ১৫টা ছিণ্ডিকেট চলিছে ৰাজ্যত ৷ কয়লা, বাহঁ, গৰু, বাৰ্মিজ চুপাৰী, ৰঙা বালি, বগা বালি, মাছ, কনী,মুৰ্গি, শাক -পাচলিৰ ছিণ্ডিকেট আছে। ছিণ্ডিকেটৰ টকা পাইপ লাইনৰে দিল্লীলৈ গৈছে। কত গ’ল প্ৰতিশ্ৰুতি। ক’ত গ’ল টুইন টাৱাৰ, এক্সপ্ৰেছ হাইৱে, ব্ৰহ্মপুত্ৰ খনন, নামামি ব্ৰহ্মপুত্ৰ, গ্লোবেল ইনভেষ্টমেণ্ট চামিটত ২০০ কোটি টকা খৰাধ কৰিলে।’‘৩০শতাংশ বাঙালীয়ে কংগ্ৰেছক ভোট দিব। বিজেপিক এইবাৰ হিন্দু বাঙালীয়ে ভোট নিদিয়ে। কিয়নো বাঙালীক বিজেপিয়ে প্ৰবঞ্চনা কৰিছে ৷ যাৰ বাবে বাঙালীয়ে সুকীয়া দল গঠন কৰিব বিচাৰিছে ৷’

এনেদৰে বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছ নেতাগৰাকী

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon