Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 9:15 pm

Home » Regional » Assam » শত্ৰু, ৰোগ, অগ্নি, পাপ, স্বামী আৰু সৰ্পক কেতিয়াও সৰু বুলি ভাবিব নালাগে :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শত্ৰু, ৰোগ, অগ্নি, পাপ, স্বামী আৰু সৰ্পক কেতিয়াও সৰু বুলি ভাবিব নালাগে :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰী মোদীয়ে দিলে কোৰোণাৰ বিৰুদ্ধে যুঁজাৰ মন্ত্ৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মংগলবাৰে দেশবাসীক সম্বোধন কৰে। মোদীয়ে নিজৰ ভাষণত দেশবাসীক উৎসৱৰ বতৰত কোৰোণা ভাইৰাছৰ পৰা বাচি থকাৰ পৰামৰ্শ দি কয় যে লকডাউন শেষ হৈছে যদিও কোৰোণা ভাইৰাছ এতিয়াও শেষ হোৱা নাই। সেইবাবে সাৱধানতা অৱলম্বন কৰিব লাগিব।

মোদীয়ে কয় যে যেতিয়ালৈকে কোৰোণাৰ ভেকচিন নাহে তেতিয়ালৈকে কোৰোণাৰ বিৰুদ্ধে আমাৰ যুঁজখন কমজোৰ হ’বলৈ দিব নালাগিব। কঠিন সময়ৰ পৰা ওলাই আহি আমি আগুৱাই গৈছো। অলপ অসাৱধানতাই আমাৰ গতি ৰুদ্ধ কৰিব পাৰে, আমাৰ আনন্দ ম্লান কৰিব পাৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি সদায় সাৱধানতা অৱলম্বন কৰিব লাগিব। কোৰোণাৰ বিৰুদ্ধে যুঁজখনৰ আধাতে আমি এইটো ভাবি ল’ব নালাগিব যে আমি জয়ী হৈছো। মোদীয়ে কয় যে যদি যদিহে আপুনি দায়িত্বহীন কাম কৰিছে, মাস্ক নোহোৱাকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাইছে, তেন্তে আপুনি আপোনাক, আপোনাৰ পৰিয়ালক, পৰিয়ালৰ শিশু–বয়োজ্যেষ্ঠসকলক ডাঙৰ সংকটত পেলাইছে। চাওক মোদীয়ে দিয়া ৫টা গুৰুত্বপূৰ্ণ পৰামৰ্শ।

১. আমি পাহৰিব নালাগে যে লকডাউন শেষ হৈছে যদিও কোৰোণা ভাইৰাছ এতিয়াও শেষ হোৱা নাই। বিগত ৭–৮ মাহত প্ৰতিগৰাকী ভাৰতীয়ৰ প্ৰয়াসৰ জৰিয়তে আজি ভাৰত যিটো প্ৰতিৰোধ স্তৰত উপনীত হৈছে, সেয়া পৰিব দিব নালাগিব।

২. মোদীয়ে কয়, ‘সেৱাই পৰম ধৰ্মৰ মন্ত্ৰ সাৰোগত কৰি আমাৰ চিকিৎসক, নাৰ্ছ, স্বাস্থ্য কৰ্মীসকলে নিশ্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে। এই সকলো প্ৰয়াসৰ মাজত এই সময় দায়িত্বহীন হোৱাৰ সময় নহয়। এই সময় কোৰোণা গ’ল বুলি ভাবি লোৱাৰ বা কোৰোণাৰ ভয় এতিয়া আৰু নাই বুলি মানি লোৱাৰ সময় নহয়।

. মোদীয়ে কয় যে বহু সময়ত আমি পকা ফচল দেখিয়ে অতি আত্মবিশ্বাসী হৈ পৰো যে এতিয়া কাম হৈ গ’ল, কিন্তু যেতিয়ালৈ শস্য ঘৰলৈ নাহে তেতিয়ালৈ কাম শেষ হোৱা বুলি ভাবিব নালাগে।

৪. মোদীয়ে কয় যে শত্ৰু, ৰোগ, অগ্নি, পাপ, স্বামী আৰু সৰ্পক কেতিয়াও সৰু বুলি ভাবিব নালাগে।

৫. এক কঠিন সময়ৰ পৰা ওলাই আমি আগবাঢ়িছো, অকণমান দায়িত্বহীনতাই আমাৰ গতি ৰুদ্ধ কৰিব পাৰে, আমাৰ আনন্দ ম্লান কৰিব পাৰে। জীৱনৰ দায়িত্ব পালন কৰা আৰু সতৰ্কতা এই দুয়োটাক একেলগৈ লৈ খোজ দিলেহে জীৱনত আনন্দ বৰ্তি থাকিব।

 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon