Weather Data Source: wetter Bangalore 14 tage

July 12, 2025 10:19 pm

Home » Regional » Assam » অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ ঘটনাক গৰিহণা দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ ঘটনাক গৰিহণা দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ভাৰতীয় গণতন্ত্ৰৰ বাবে ক’লা দিন:অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল


মুম্বাই আৰক্ষীয়ে বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক আলীবাগৰ দাখিল হৈ থকা এক পুৰণি গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰে।ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ ঘটনাক গৰিহণা দিছে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। টুইটাৰযোগে এই ঘটনাক তীব্ৰ গৰিহণা দিয়ে সোণোৱালে। টুইটাৰযোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই ঘটনাক ভাৰতীয় গণতন্ত্ৰৰ বাবে এটা ক’লা দিন আখ্যা দিয়ে।

টুইটাৰত মুখ্যমন্ত্ৰী সোণোৱালে লিখিছে – ‘‘ভাৰতীয় গণতন্ত্ৰৰ বাবে এটা ক’লা দিন। অৰ্ণৱ গোস্বামীৰ ওপৰত মুম্বাই আৰক্ষীয়ে চলোৱা হাৰাশাস্তিৰ তীব্ৰ নিন্দা কৰিছো। অৰ্ণৱ গোস্বামীক শীঘ্ৰে মুকলি কৰি দি মহাৰাষ্ট্ৰত সংবাদ মাধ্যমৰ স্বাধীনতা বজাই ৰখা উচিত।’’

উল্লেখযোগ্য যে মুম্বাই আৰক্ষীয়ে বুধবাৰে ৰিপাব্লিক টিভিৰ এডিটৰ ইন চীফ অৰ্ণৱ গোস্বামীক আলীবাগৰ দাখিল হৈ থকা এক পুৰণি গোচৰ সংক্ৰান্তত গ্ৰেপ্তাৰ কৰে। এই বছৰতে মহাৰাষ্ট্ৰ চৰকাৰৰ ফালৰ পৰা এই গোচৰত চিআইডি তদন্তৰ নিৰ্দেশ দিয়া হৈছিল। আৰক্ষীয়ে অৰ্ণৱৰ ঘৰ তালাচীও চলাইছিল।

অৰ্ণৱ গোস্বামী তথা অন্য দুজন ব্যক্তিয়ে বকেয়া ৰাশি নিদিয়াৰ কাৰণে ৫৩বছৰীয়া এজন ইণ্টেৰিয়ৰ ডিজাইনাৰ আৰু তেওঁৰ মাতৃৰ আত্মহত্যা সন্দৰ্ভত চিআইডিৰ দ্বাৰা পুনঃ তদন্ত কৰোৱাৰ আদেশ দিয়া হৈছিল। ৰাজ্যৰ গৃহ মন্ত্ৰী অনিল দেশমুখে কৈছিল যে ইণ্টেৰিয়ৰ ডিজাইনাৰ অন্বয় নাইকৰ কন্যা আজ্ঞা নাইকে দাবী কৰা মতে ৰায়গড় জিলাত আলীবাগ আৰক্ষীয়ে বকেয়া ৰাশি নিদিয়াক লৈ তদন্ত কৰা নাছিল। এইকাৰণে অন্বয় আৰু মাকে আত্মহত্যা কৰিছিল। প্ৰকাশিত তথ্য মতে, অন্বয় নাইকে লিখি থৈ যোৱা চুইছাইড নোটত কৈছিল যে অভিযুক্তই তেওঁৰ ৫ কোটি ৪০লাখ টকা আদায় দিয়া নাছিল কাৰণে তেওঁ আত্মহত্যা কৰে। ৰিপাব্লিক টিভিয়ে এই অভিযোগ খাৰিজ কৰিছিল।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon