Weather Data Source: wetter Bangalore 14 tage

July 8, 2025 11:24 am

Home » Regional » Assam » হাউলীত প্ৰদীপ কুমাৰ দাসৰ পাঁচখন গ্ৰন্থ উন্মোচন

হাউলীত প্ৰদীপ কুমাৰ দাসৰ পাঁচখন গ্ৰন্থ উন্মোচন

বৰপেটাৰ পৰা সেখ ৰহমত উল্লাহ :
সৃষ্টি প্ৰকাশৰ প্ৰকাশিকা মিনাক্ষী দাসে প্ৰকাশ কৰি উলিয়ালে হাউলী হাইস্কুলৰ কৃতি শিক্ষক শ্ৰীপ্ৰদীপ কুমাৰ দাসৰ পাঁচখনকৈ কিতাপ ৷আজি দিনৰ ১০:০০ বজাত হাউলী সাহিত্য সভাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হ’ল এই পাঁচখন কিতাপ৷ কৰোনা মহামাৰীৰ সময়ত নিজকে মনোনিৱেশ কৰি সাহিত্যিক প্ৰদীপ কুমাৰ দাসে ৰচনা কৰি উলিয়ালে ভিন্নধৰ্মী কিতাপবোৰ৷ কিতাপকেইখন হ’ল আদৰ্শ অসমীয়া ব্যাকৰণ আৰু ৰচনা, ডাকৰ বচন, মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ, ধ্বনি আৰু শুধৰণি ৷ 
শতাধিকৰ উৰ্দ্ধৰ উপস্থিতিত সাহিত্যানুৰাগী, সমাজসেৱী, ছাত্ৰ ছাত্ৰী, কবিৰ উপস্থিতিৰে সভাখনৰ আঁতধৰে হাউলী সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট নাট্যকাৰ চম্পক কুমাৰ নাথে৷সভাৰ আৰম্ভণিতে সৃষ্টি প্ৰকাশনৰ তৰফৰ পৰা গ্ৰন্থ উন্মোচক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা হয়৷ আদৰ্শ ব্যাকৰণ আৰু ৰচনা উন্মোচন কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত অৱসৰ গ্ৰহণকৰা শিক্ষক শ্ৰীবিবেকাৰঞ্জন ৰায় চৌধুৰীয়ে ৷ ডাকৰবচন গ্ৰন্থখন উন্মোচন কৰে বৰপেটা জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীগোবিন্দ তালুকদাৰে৷মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ নামৰ গ্ৰন্থখন উন্মোচন কৰে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আৰু অৱসৰ গ্ৰহণকৰা কৃতি শিক্ষক শ্ৰী নৃপেন পূজাৰীয়ে৷শুধৰণি উন্মোচন কৰে বি এইচ কলেজৰ প্ৰৱক্তা ড০ হেমন্ত ডেকা আৰু ডায়েটৰ প্ৰৱক্তা ড০ ৰঞ্জিত কলিতাই৷ ধ্বনি কিতাপখন উন্মোচন কৰে ক্ৰমে ড০ দেৱান নজৰুল কাদিৰ অধীৰ চক্ৰৱৰ্তী ঘামোৰাম বৰ্মন আৰু লীলাধৰ দাসে৷
উন্মোচক কেইগৰাকী আটাইয়েই প্ৰদীপ দাসৰ শলাগ লয় ৷ ড০ হেমন্ত ডেকাই আটাইকেইখন কিতাপৰ ওপৰতে ব্যাখ্যা আগবঢ়ায়৷ প্ৰকাশ গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ই আলোচনীৰ উন্মোচন কৰে হাউলীৰ বিশিষ্ট কবি মীন দাসে ৷ এই মননশীল অনুষ্ঠানত অন্যান্য সকলৰ লগত উপস্থিত আছিল অসমীয়া সাহিত্য সন্মিলনীৰ বৰপেটা জিলাৰ সভাপতি সেখ ৰহমত উল্লাহ, সন্মিলনৰ কেন্দ্ৰীয় সদস্য ছাইফ উদ্দিন আহমেদ, বিশিষ্ট কবি মনহৰি বায়ন, ইজাৰ বৰপেটা জিলাৰ সাধাৰণ সম্পাদক মঞ্জিত দাস প্ৰমুখ্যে প্ৰায় শতাধিক সাহিত্যানুৰাগী৷ এনেকুৱা অনুষ্ঠান আয়োজন কৰাৰ কৰাৰ কাৰণে আয়োজক কমিটিক প্ৰশংসা কৰিছে সচেতন মহলে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon