Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 12:24 am

Home » Regional » Assam » ব্ৰহ্মপুত্ৰৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ

ব্ৰহ্মপুত্ৰৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ


লাহৰীঘাটৰ পৰা জহিৰুল ইছলামঃ

মৰিগাঁও জিলাৰ লাহৰীঘাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ভূৰাগাঁও অঞ্চলত দীৰ্ঘদিন ধৰি অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। প্ৰতি বছৰে খহনীয়াত নিজৰ মাটি-ভেটি হেৰুৱাই গৃহহীন হৈছে শ শ পৰিয়াল। গৰাখহনীয়াৰ কৱলত পৰি একালত শ শ বিঘা মাটি থকা লোকসকলেও বৰ্তমান ৰাজপথ অথবা মথাউৰিৰ দাঁতিত জুপুৰি সাজি দিন-ৰাতি অতিবাহিত কৰিব লগা হৈছে। কিন্তু ইমানৰ পিছতো আজিলৈকে কোনো এখন চৰকাৰেই অঞ্চলটোৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে।
মৰিগাঁও জিলা জল-সম্পদ বিভাগে প্ৰতি বছৰে জিঅ’ বেগ, পাৰ্কিউপাইন পেলাই কোটি কোটি টকা খৰচ কৰি আহিছে যদিও কোনো সুফল পোৱা নাই নৈপৰীয়া ৰাইজে। এই আঁচনিসমূহৰ জৰিয়তে একাংশ ঠিকাদাৰৰহে পকেট গৰম হোৱাৰ অভিযোগ নৈপৰীয়া লোকৰ। ভূৰাগাঁৱত জল-সম্পদ বিভাগে আৰম্ভ কৰা জিঅ’ বেগৰ কাম বন্ধ কৰি অঞ্চলটোৰ খহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত জল-সম্পদ বিভাগ তথা ঠিকাদাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল’গানেৰে ব্ৰহ্মপুত্ৰৰ পাৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে নৈপৰীয়া অঞ্চলটোৰ ৰাইজে। খহনীয়া সমস্যাৰ স্থায়ী সমাধান নোহোৱা লৈকে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ নৈপৰীয়া লোকসকলৰ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon