Weather Data Source: wetter Bangalore 14 tage

July 10, 2025 12:22 am

Home » Editorial » প্ৰকাশকৰ ডায়েৰী- সপ্তম বৰ্ষত সংবাদ প্ৰহৰী

প্ৰকাশকৰ ডায়েৰী- সপ্তম বৰ্ষত সংবাদ প্ৰহৰী

এটি লক্ষ্য, এটি সিদ্ধান্ত
এটি সত্য অন্বেষণৰ পথ ‘সংবাদ প্ৰহৰী’
জনতাৰ চেতনাক জাগৰণৰ উদ্দেশ্যক
মুষ্টিমেয় নিঃস্বাৰ্থ কলমৰ প্ৰয়াসত জন্ম
সত্য আৰু ন্যায়ৰ সপক্ষে আপোচহীনতাত স্বাক্ষৰিত
কৰ্ম, সততা আৰু মনুষ্য¸ত্বক সংগী কৰি
এক অবিৰত যাত্ৰাৰ পথত ‘সংবাদ প্ৰহৰী’
কলমৰ পৰা কী-বোৰ্ডলৈ
সাপ্তাহিকৰ পৰা ডিজিটেললৈ
একাগ্ৰতা আৰু ইচ্ছাশক্তিৰ আধাৰত উত্তৰিত
নিষ্পেষিত জনতাৰ কণ্ঠক
নিৰপেক্ষ শৈলীৰে প্ৰকাশৰ প্ৰচেষ্টাত ব্ৰতী
সত্যৰ ধ্বজা হৈ আকাশ চুবলৈ ‘সংবাদ প্ৰহৰী’৷
– আছফিয়া আহমেদ
ঞ্জ ছৈয়দ বুলবুল জামানুৰ হক

খোজ-দুখোজ কৈ আহি আহি ‘সংবাদ প্ৰহৰী’য়ে সপ্তম বৰ্ষত ভৰি দিলেহি৷ যি মোৰ বাবে অতিকৈ আনন্দৰ বিষয়৷ তাতোকৈ আনন্দৰ বিষয়টো হ’ল যে সম্প্ৰতি অসমত বৃদ্ধি পাইছে ৱেব প’ৰ্টেল বা ৱেব মিডিয়া৷ ‘যত গুৰ তত মিঠা’ আপ্তবাক্যষাৰীৰ লেখিয়াকৈ সম্প্ৰতি ৰাজ্যখনত ৱেব মিডিয়াৰ গুৰুত্ব আৰু প্ৰভাৱ সিমানেই বৃদ্ধি পাইছে৷ ৱেব মিডিয়াৰ গুৰুত্ব আৰু প্ৰভাৱৰ ফলত ৰাজ্যৰ প্ৰতিটো বাতৰি কাকত গোষ্ঠীৰ লগতে একাংশ ব্যক্তিগত খণ্ডৰ ছেটেলাইট চেনেলেও ‘ডিজিটেল সংস্কৰণ’ আৰম্ভ কৰিছে৷ সংবাদ মাধ্যমত এই ডিজিটেল পদ্ধতি ২০১৬ চনতেই ‘সংবাদ প্ৰহৰী’য়ে ভূমুকি মৰাৰ পিছতেই আজি ৰাজ্যখনত ৱেব মিডিয়া বা ৱেব প’ৰ্টেলৰ ইমান গুৰুত্ব৷ অৱশ্যে বিভিন্ন সময়ত বিভিন্ন লিখনিসমূহত একাংশ ৱেব পৰ্টেল বা ৱেব মিডিয়াই নিজকে অসমৰ প্ৰথমটো ৱেব মিডিয়া বুলি দাবী কৰি আহিছে যদিও প্ৰকৃতাৰ্থত ‘সংবাদ প্ৰহৰী’হে অসমৰ প্ৰথমটো এক স্বতন্ত্ৰ অসমীয়া ৱেব মিডিয়া৷ কিয়নো ২০১৫ চনৰ জ্জ ফেব্ৰুৱাৰীত অযুত হেঁপাহ আৰু ইচ্চা শক্তিক সাৰথি কৰি ‘সংবাদ প্ৰহৰী’ নামেৰে বৰপেটাৰ পৰা সাপ্তাহিক কাকতৰ ৰূপত সংবাদ জগতত এটি নতুন নাম সংযুক্ত হয়৷ সাপ্তাহিক কাকত হিচাপে এটা বছৰ সম্পূৰ্ণ কৰাৰ পিছতেই ছপা মাধ্যম বন্ধ কৰি ২০১৬ চনৰ মাৰ্চ মাহৰ পৰা সম্পূৰ্ণ ডিজিটেল পদ্ধতিত অৰ্থাৎ ৱেব প’ৰ্টেলৰ ৰূপত অনানুষ্ঠানিকভাৱে আৰম্ভ হয় ‘সংবাদ প্ৰহৰী’ৰ নতুন যাত্ৰা৷ পৰৱত¹ সময়ত অৰ্থাৎ একে বৰ্ষৰে চ্ছ্ৰ ডিচেম্বৰত দিছপুৰ প্ৰেছ ক্লাবত অসম চৰকাৰৰ ৰাজ্যিক পৰিকল্পনা ব’ৰ্ডৰ তদানীন্তন উপাধ্যক্ষ দীপক কুমাৰ বৰঠাকুৰ, বিশিষ্ট সাংবাদিক কনকসেন ডেকা, জ্যেষ্ঠ সাংবাদিক অমল গুপ্ত, অধিবক্তা হাফিজ বছিৰ আহমেদ চৌধুৰী, চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডঃ হাফিজ আহমেদ প্ৰমূখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত অসমৰ প্ৰথমটো অসমীয়া ৱেব মিডিয়া হিচাপে আনুষ্ঠানিকভাৱে ‘সংবাদ প্ৰহৰী’ উন্মোচন কৰা হয়৷ তেতিয়াৰ পৰা আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই৷ নানা ঘাত-প্ৰতিঘাতৰ মাজেৰে এইবেলি ‘সংবাদ প্ৰহৰী’য়ে সফলতাৰে ষষ্ঠটো বৰ্ষ অতিক্ৰম কৰিলে৷
এই আনন্দৰ মাজতেই কিছু বিষাদো ভাঁহি উঠে৷ কিয়নো, সম্প্ৰতি ৱেব মিডিয়া বা ৱেব প’ৰ্টেল বা এই ডিজিটেল পদ্ধতিত প্ৰকাশিত বা-বাতৰিসমূহৰ গুৰুত্ব আৰু প্ৰভাৱ বৃদ্ধি পালেও ৰাজ্যখনত এতিয়া উভৈনদী৷ যিয়ে যেনেকৈ পাৰে তেনেকৈয়ে জন্ম দিছে একো একোটাকৈ ন ন ৱেব মিডিয়া বা ৱেব প’ৰ্টেল৷ কোনোবাই ফেচবুক পেজ বা ইউটিউব চেনেল এটা খুলিয়েই ৱেব মিডিয়া বা ৱেব প’ৰ্টেল বুলি দাবী কৰি নিজৰ বাহনত বৰ বৰ হৰফেৰে PRESত্ৰ লিখি নিজকে ডাঙৰ ডাঙৰ সাংবাদিক বুলি জাহিৰ কৰাৰ লগতে বিভিন্ন ঠাইত একাংশই অসৎ উপায় অৱলম্বন কৰাৰ অভিযোগ প্ৰায়েই পোৱা যায়৷ যি সংবাদ জগতৰ বাবে মুঠেই ভাল খবৰ নহয় আৰু ইয়াৰ কু-প্ৰভাৱ বা কু-ধাৰণাই সত্যনিষ্ঠভাৱে বাতৰি পৰিৱেশন কৰা সাংবাদিক আৰু সংবাদ প্ৰতিষ্ঠানকো চুই যায়৷ আচলতে সকলো বস্তুৰ কিছুমান নিজস্ব গুণ তথা বৈশিষ্ট আছে৷ প্ৰতিষ্ঠান এটি চলিবলৈ সাংবিধানিক-প্ৰশাসনিক দিশৰ কেতবোৰ নিয়ম নীতি মানি চলাৰ সমান্তৰালকৈ অনুমতিৰো প্ৰয়োজন৷ তাতেকৈ সংবাদ প্ৰতিষ্ঠানৰ কথা আৰু অধিক সুকীয়া৷ কিয়নো, সংবাদ মাধ্যমে কি কৰিব পাৰে বা কি কৰিব নোৱাৰে, নতুবা সংবাদ মাধ্যমৰ ভূমিকা কি সেয়া সৰ্বজনবিদীত৷ সেয়ে সংবাদ প্ৰতিষ্ঠান হিচাপে একেবোৰ কথা ৱেব মিডিয়া বা ৱেব প’ৰ্টেলৰ ক্ষেত্ৰতো প্ৰযোজ্য৷ সেইবুলি ফেচবুক পেজ বা ইউটিউব চেনেল এটা খুলিলেই তাক ৱেব মিডিয়া বা ৱেব প’ৰ্টেল বুলি ক’ব নোৱাৰি৷ অৱশ্যে শেহতীয়াকৈ এই ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তথ্য আৰু প্ৰযুক্তি বিভাগে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপ কাৰ্যকৰী হ’লেই ৱেব মিডিয়া বা ৱেব প’ৰ্টেলক লৈ বৰ্তমান পাঠক সমাজৰ যি নেতিবাচক ধাৰণা সেয়া সলনি হ’ব বুলি আশা কৰিব পাৰি৷
অসমীয়া সমাহাৰ ঃ
ছপা মাধ্যমৰ মাদকতাৰ অভাৱ অনুভৱ কৰিয়েই ডিজিটেল মাধ্যমত ‘সংবাদ প্ৰহৰী’ চলি থকাৰ সমান্তৰালকৈ যোৱা বৰ্ষত ছপা মাধ্যমত মাহেকীয়া আলোচনীৰ ৰূপত নকৈ সংযোজন কৰা হ’ল ‘অসমীয়া সমাহাৰ’৷ পূৰ্বে উল্লেখ কৰা অনুসৰি সংবাদ প্ৰতিষ্ঠান এটা চলাবলৈ হ’লে সংশ্লিষ্ট বিভাগৰ অনুমতিস্বৰূপ পঞ্জীয়ন কৰাটো বাধ্যতামূলক৷ কিন্তু ক’ভিড-১৯১ বাবে দীৰ্ঘদিন চলা লকডাউনৰ অজুহাত দেখুৱাই কামৰূপ [মহানগৰ] জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ লেহেমীয়া গতিৰ বাবে আজিও আলোচনীখনৰ তেনে পঞ্জীয়নৰ কাম-কাজ সম্পূৰ্ণ হৈ উঠা নাই৷ সেয়ে একেৰাহে পাঁচটাকৈ সংখ্যা প্ৰকাশ কৰি সম্প্ৰতি আলোচনীখন প্ৰকাশৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছো আৰু এইক্ষেত্ৰত সমূহ পাঠক-পাঠিকা, শুভাকাংক্ষীৰ ওচৰত ক্ষমা প্ৰাথ¹৷ পঞ্জীয়নৰ কাম সম্পূৰ্ণ হৈ উঠিলেই অতি শীঘ্ৰে পুনৰ নিয়মীয়াকৈ আলোচনীখন প্ৰকাশ কৰি উলিওৱা হ’ব বুলি নিশ্চিত প্ৰদান কৰিলো৷ পঞ্জীয়নৰ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে ধাৰাবাহিকভাৱে আলোচনীখন প্ৰকাশ কৰিব নোৱৰিলেও একে নামেৰেই এইবেলিও ‘সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি’ উপলক্ষে বিশেষ সংখ্যা হিচাপে প্ৰকাশ কৰি উলিওৱা হৈছে৷
সংবাদ প্ৰহৰী’ বঁটা–
সংবাদ মাধ্যমৰ লগত বিশেষভাৱে জড়িত এগৰাকী বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰা হয়৷ ২০১৮ চনত আয়োজন কৰা ‘সংবাদ প্ৰহৰী’ৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰথমবাৰৰ বাবে ‘সংবাদ প্ৰহৰী বঁটা’ প্ৰদানৰ ব্যৱস্থা কৰা হৈছিল৷ এই ধাৰা অব্যাহত ৰাখি ২০২১ বৰ্ষত বিশিষ্ট সাংবাদিক ভাস্কৰজ্যোতি বৰালৈ আগবঢ়োৱা হয় ‘সংবাদ প্ৰহৰী বঁটা’৷ স্মৰ্তব্য যে ২০১৮ চনত পোন প্ৰথমবাৰৰ বাবে বিশিষ্ট সাংবাদিক তথা ‘নয়া ঠাহৰ’ৰ প্ৰতিষ্ঠাপক অমল গুপ্ত আৰু ২০১৯ চনত ‘অসমীয়া প্ৰতিদিন’ কাকতৰ সহযোগী সম্পাদক সঞ্জীৱ কুমাৰ ফুকন আৰু ২০২০ বৰ্ষত বিশিষ্ট শিক্ষাবিদ, সাংবাদিক, সমাজসেৱক ড॰ এছ. আই. চৌধুৰীলৈ এই বঁটা আগবঢ়োৱা হৈছিল৷ উল্লেখ কৰা বাহুল্য যে ট্ৰেড মাৰ্ক [টি.এম.] থকা ‘সংবাদ প্ৰহৰী’ৰ নামেৰে অন্য সংবাদ প্ৰতিষ্ঠান নাইবা সংবাদ সংস্থাইও বঁটা প্ৰদান কৰাটো দৃষ্টিগোচৰ হৈছে৷ যি সম্পূৰ্ণ অসাংবিধানিক৷ একেদৰে অন্য অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম ব্যৱহাৰ কৰি এনে বঁটা প্ৰদান কৰাটো আৰু গ্ৰহণ কৰাটো দুয়োটা দিশেই অপৰাধমূলক, অপমানসূচক, বিতৰ্কমূলক আৰু নিন্দনীয়৷ সেয়ে পৰৱৰ্তী সময়ত কোনো অনুষ্ঠান-প্ৰতিষ্ঠানে ‘সংবাদ প্ৰহৰী বঁটা’ নামাকৰণেৰে বঁটা বা সন্মান প্ৰদান নকৰাটোৱেই শ্ৰেয়৷
কৃতজ্ঞতা ঃ–
‘সংবাদ প্ৰহৰী’ক জীয়াই ৰখাৰ স্বাৰ্থত বহুজনৰে আছে অপৰিসীম ভূমিকা৷ সকলোৰে নাম উল্লেখ কৰা সম্ভৱ নহয়৷ সেয়ে পোনপটীয়াকৈ ‘সংবাদ প্ৰহৰী’ৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ মুখ্য প্ৰয়োজক ‘ট্ৰু হেল্প চেৰিটেবল ট্ৰাষ্ট, বৰপেটা’ সহ প্ৰযোজক ‘দ্য ৰেডিয়েন্স এডুকেচনেল ট্ৰাষ্ট, কলগাছিয়া’, বঁটাদাঁতা- বিশিষ্ট সমাজ-সেৱক মনোজ শৰ্মা, ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানৰ অতিথিবৃন্দ-অংশগ্ৰহণকাৰীসকলৰ লগতে সমূহ পাঠক-পাঠিকা, লেখক-লেখিকা, সংবাদদাতা, বিজ্ঞাপনদাঁতাকে ধৰি ‘সংবাদ প্ৰহৰী’ক জীয়াই ৰখাৰ স্বাৰ্থত জন্মলগ্নৰে পৰা শাৰিৰীক, মানসিক কষ্ট স্বীকাৰ কৰি বিভিন্ন দিশত দিহা-পৰামৰ্শ, সহায়-সহযোগিতা আগবঢ়োৱা সদাশয় ব্যক্তি তথা শুভাকাংক্ষীসকলক কৃতজ্ঞতা আৰু শলাগ যাঁচি ‘সংবাদ প্ৰহৰী’ৰ উত্তৰোত্তৰ কামনাৰে সদৌটিৰ পৰা আশিস বিচাৰিলো৷
ফোন নং ঃ ৯৪৩৫৯ ৮৩২৩৫

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

Today is the day

News Alert

Comments of the day

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

Opinion
Are You Satisfied Sangbad Prahari
Today in History
Namjer Schedule
Horoscope
Cartoon