বৰপেটাৰোড : সন্মুখত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ ছাত্ৰ-ছাত্ৰীসকলৰ এই জীৱন গঢ়াৰ পৰীক্ষাৰ প্ৰাকমুহুৰ্তত একাংশ আসামাজিক লোকে ডেন্স ধামাকাৰ নামত জুৱা খেল অনুষ্ঠিত কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বৰপেটাৰোড আৰক্ষী থানাৰ অন্তগৰ্ত বাৰাগুৱাত জুৱা খেলৰ দপ দপনি৷ সংবাদ প্ৰহৰীৰ সাংবাদিকৰ গোপন কেমেৰাত বন্দী বৰপেটাৰোড আৰক্ষী থানাৰ অন্তগৰ্ত বাৰাগুৱাত চলি থকা জুৱা খেলৰ সমগ্ৰ দৃশ্য৷৷ বাৰাগুৱাত ডেন্স ধামাকাৰ নাম দি জুৱাৰো সকলে এনেদৰেই পাতিছে জুৱা খেল৷ এই ক্ষেত্ৰত বৰপেটাৰোড আৰক্ষীৰ কোনো কাণ-সাৰ নাই। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি হয়তো বৰপেটাৰোড আৰক্ষীক মোটা অংকৰে ধনেৰে মেনেজ কৰি এই অনৈতিক কার্য্য সম্ভৱ কৰি তুলিবলৈ সক্ষম হৈছে। অতি ভিতৰুৱা গাঁৱ বাৰাগুৱাত লাউড স্পিকাৰেৰে গান বজাই যি জুৱা খেল অনুষ্ঠিত কৰিছে তাৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা৷ত বহিবলগীয়া ছাত্র ছাত্রীসকলে অস্বস্থিকৰ পৰিবেশৰ সন্মুখীন হৈছে। জুৱাৰো সকলো ইমানেই ভয়ংকৰ যে তেওঁলোকৰ নাম গাঁৱৰ কোনো এজন ব্যক্তিয়ে উল্লেখ কৰিব নিবিচাৰে আৰু পূৰ্বৰে পৰাই গাঁওখনত জুৱা খেলৰ দপ-দপনি চলি থকাৰো অভিযোগ আছে৷ এইবাৰ আকৌ ডেন্স ধামাকাৰ নামত জুৱা খেল অনুষ্ঠিত হৈছে৷ এনেকৈয়ে চলি থাকিলে ভৱিষ্যতত তাত থকা ছাত্ৰ-ছাত্ৰী সকলৰ জীৱন ধবংস হৱ বুলি স্থানীয় ৰাইজে মত প্রকাশ কৰিছে। ফলত প্ৰশ্ন হয়, কাৰ সহাসত বলীয়ান এইসকল জুৱাৰী? ডেন্স ধামাকাৰ নামত লাউড স্পীকাৰ ব্যৱহাৰ কৰি জুৱা খেল অনুষ্ঠিত কৰিবলৈ কোনে দিলে অনুমতি? এই জুৱা খেল আৰু ডেন্স ধামাকা যাতে অতি সোনকালে প্রশাসনে বন্ধ কৰে তাৰ বাবে বৰপেটাৰোড আৰক্ষীক অনুৰোধ জনাইছে স্থানীয় ৰাইজে।